পি এম ইণ্ডিয়া

মঞ্চত উপস্থিত থকা ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰী কিৰেন ৰিজিজু জী, ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী অৰুণ কুমাৰ চাহু জী, শ্ৰী তুষাৰকান্তি বেহেৰা জী আৰু দেশৰ বিভিন্ন স্থানৰ পৰা অহা যুৱ বন্ধু–বান্ধৱীসকল৷
মই আপোনালোকৰ সৈতে প্ৰযুক্তিৰ জৰিয়তে সংযোগ হৈছো যদিও তাৰ যি পৰিৱেশ, যি উৎসাহ, যি আৱেগ, যি শক্তি, সেয়াও মই অনুভৱ কৰিছো৷
আজি ওড়িশাত নতুন ইতিহাস ৰচনা হৈছে৷ ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ শুভাৰম্ভ আজিৰে পৰা হৈছে৷
এয়া ভাৰতৰ ক্ৰীড়া ইতিহাসৰ ঐতিহাসিক পৰ্বৰ লগতে ভাৰতৰ ক্ৰীড়াৰ ভৱিষ্যতৰ বাবেও এক ডাঙৰ পদক্ষেপ৷
আজি ভাৰতে বিশ্বৰ সেই দেশবোৰৰ শাৰীত উপনীত হ’ল, য’ত এই স্তৰত ইউনিভাৰ্ছিটী গেমছ অনুষ্ঠিত কৰে৷
ওড়িশাবাসী আৰু ৰাজ্য চৰকাৰক এই আয়োজনৰ বাবে তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি সহস্ৰাধিক যুৱ খেলুৱৈক এই গেমছৰ বাবে বহুত অভিনন্দন আৰু শুভকামনা জনাইছো৷
বন্ধুসকল,
অহা দিনকেইটাত আপোনালোকৰ সন্মুখত লক্ষ্য ২০০তকৈ অধিক স্বৰ্ণ পদক জয় কৰাটোতকৈও আপোনালোকৰ প্ৰদৰ্শনৰ সংশোধন, আপোনালোকৰ নিজৰ সামৰ্থ্যক নতুন স্থানত উপনীত কৰাটো অধিক গুৰুত্বপূৰ্ণ৷
ভুৱনেশ্বৰত আপোনালোকে ইজনে সিজনৰ লগত প্ৰতিযোগিতাটো কৰিছেই, তদুপৰি নিজৰ মাজতো প্ৰতিযোগিতা কৰিছে৷
মনত ৰাখিব, ভুৱনেশ্বৰত আপোনালোকৰ পৰিশ্ৰমে, আপোনালোকৰ সপোন, পৰিয়ালৰ সপোন আৰু ভাৰতৰ সপোনক আৰু আগুৱাই নিব৷
আপোনালোকৰ সন্মুখত এই সমাৰোহৰ শিখাবাহী দুতি চান্দৰ দৰে বহু প্ৰেৰক ব্যক্তি আছে৷ আপোনালোকে পদকো জয় কৰক আৰু দেশক ফিটনেছৰ বাবে প্ৰেৰিত কৰিব, এই চিন্তাধাৰাৰে খেলপথাৰত নামিব৷
বন্ধুসকল,
আজিৰ দিনটোত কেৱল এখন প্ৰতিযোগিতাই আৰম্ভ হোৱা নাই, বৰঞ্চ ভাৰতত ক্ৰীড়া আন্দোলনৰ পৰৱৰ্তী পৰ্ব আৰম্ভ হৈছে৷
খেলো ইণ্ডিয়া অভিযানে দেশৰ চুকে–কোনে খেলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি আৰু যুৱ প্ৰতিভা চিনাক্ত কৰাত মুখ্য ভুমিকা পালন কৰিছে৷
বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে হোৱা এই ৰাষ্ট্ৰজোৰা অভিযানক এতিয়া এটা পৰ্যায় আগুৱাই বিশ্ববিদ্যালয় পৰ্যায়ত আৰম্ভ কৰা হৈছে৷
খেলো ইণ্ডিয়া অভিযানৰ জৰিয়তে দেশত কি পৰিৱৰ্তন আহিছে, সেয়া গুৱাহাটীত যোৱা মাহত পৰিলক্ষিত হৈছে৷
বন্ধুসকল,
২০১৮ বৰ্ষত যেতিয়া খেলো ইণ্ডিয়া গেমছৰ শুভাৰম্ভ কৰা হৈছিল, তেতিয়া ইয়াত ৩,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ কিন্তু মাত্ৰ তিনি বছৰতে খেলুৱৈৰ সংখ্যা ৬ হাজাৰতকৈ অধিক হ’ল, অৰ্থাৎ প্ৰায় দুগুন বৃদ্ধি হ’ল৷
কেৱল সংখ্যাই যে বৃদ্ধি পালে এনে নহয়, খেল আৰু খেলুৱৈৰ মাত্ৰা, ক্ৰীড়াৰ আন্তঃগাঁথনৰ স্তৰো ধাৰাবাহিকভাৱে উন্নত হৈ আছে৷ চলিত বৰ্ষত খেলো ইণ্ডিয়া স্কুল গেমছত ৮০টা ৰেকৰ্ড ভংগ হৈছে, য’ত ৫৬টাতে আমাৰ কন্যাসকলে নাম কৰিছে৷
আটাইতকৈ গুৰুত্বূপূৰ্ণ কথাটো এই যে এই অভিযানৰ অধীনত যি প্ৰতিভা বিকাশ হৈছে, সেয়া গাঁৱৰ, সৰু চহৰৰ, দুখীয়া ঘৰৰ, ৩ টীয়ৰ ৪ টীয়ৰ চহৰৰে অধিক৷
এইবোৰ সেই প্ৰতিভা যিবোৰ সম্পদৰ অভাৱত, এক্সপ’জাৰৰ অভাৱত আগুৱাব পৰা নাছিল৷
এতিয়া এই প্ৰতিভাবোৰে সম্পদো পাইছে আৰু কম বসয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক্সপ’জাৰো লাভ কৰিছে৷
বন্ধুসকল,
বিগত ৫–৬ বৰ্ষৰ পৰা ভাৰতত ক্ৰীড়াৰ প্ৰচাৰ আৰু অংশগ্ৰহণৰ বাবে জোৰদাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ প্ৰতিভা চিনাক্তকৰণেই হওক, অথবা বাছনি প্ৰক্ৰিয়াই হওক, প্ৰতিটো ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰচাৰ কৰা হৈছে৷ ইয়াৰ ফল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনত দেখিবলৈ পোৱা গৈছে৷
খেলো ইণ্ডিয়া অভিযান যুৱ প্ৰতিভা চিনাক্তকৰণৰ এক ডাঙৰ মাধ্যমত পৰিণত হৈছে৷ ইয়াৰ দ্বাৰা নিৰ্বাচিত যৱ খেলুৱৈক প্ৰতি বছৰে প্ৰায় ৬ লাখ টকালৈকে সাহায্য প্ৰদান কৰা হৈছে৷ তদুপৰি, এওলোকক দেশৰ শতাধিক একাডেমীত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ বৰ্তমানলৈকে প্ৰায় ৩ হাজাৰ খেলুৱৈৰ বাছনি কৰা হৈছে৷ সম্প্ৰতি এক খেলো ইণ্ডিয়া এপো মুকলি কৰা হৈছে৷
সেইদৰে অলিম্পিক পডিয়াম আঁচনিৰ অধীনত দেশৰ প্ৰতিভাশালী খেলুৱৈসকলক উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰি থকা হৈছে৷ এই আঁচনিক অধীনত এতিয়া দেশৰ প্ৰায় ১০০ শীৰ্ষ বাছনিৰ খেলুৱৈক সাহায্য প্ৰদান কৰা হৈছে৷
বন্ধুসকল,
এওলোক সেই খেলুৱৈৰ সকলৰ অন্তৰ্গত, যিসকলে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ এই আঁচনিৰ সুবিধা পোৱা খেলুৱৈসকলে কমনৱেল্থ গেমছ, এছিয়ান গেমছ, এছিয়ান পেৰা গেমছ, য়ুথ অলিম্পিকৰ দৰে প্ৰতিযোগিতাত ২০০তকৈ অধিক পদক অৰ্জন কৰিছে৷ ইমানেই নহয় প্ৰতিভাশালী ক্ৰীড়াবিদৰ বাবে আজীৱন পেন্সনৰো ব্যৱস্থা কৰা হৈছে৷
বন্ধুসকল,
খেলুৱৈসকলে নিজৰ ধ্যান কেৱল নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনত লগাওক, বাকী চিন্তা দেশে কৰি আছে৷ তেওঁলোকৰ প্ৰচেষ্টা হৈছে অধ্যয়নৰ সমান্তৰালভাৱে খেলো আগুৱাওক আৰু ফিটনেছো উন্নত হওক৷ আমাৰ যুৱ খেলুৱৈসকল সকলো ধৰণৰ কেৰিয়াৰৰ বাবে ফিট হওক, ইয়াৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে৷
বন্ধুসকল,
দেশৰ যুৱক–যুৱতীসকলৰ ফিটনেছেই হওক অথবা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ মান উন্নত কৰাই হওক, তাৰ বাবে আমি সকলোধৰণৰ ল’ব লাগিব৷
এতিয়া মই খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ আনুষ্ঠানিক শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিলো৷
আপোনালোকক পুনৰবাৰ বহুত বহুত শুভকামনা জনাইছো৷
শ্ৰীমান নবীন জী, ওড়িশা চৰকাৰক ইমান বিশাল সমাৰোহৰ দায়িত্ব মুৰ পাতি লোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো, আৰু জয় জগন্নাথক সুঁৱৰিছো, কাৰণ জগন্নাথৰ কৃপাতে আমি বিশ্ব জয়ৰ দিশে আগুৱাই যাম৷ পুনৰবাৰ সকলোকে বহুত বহুত শুভকামনা জনাইছো৷
বহুত বহুত ধন্যবাদ৷
*****
বি.আৰ.আৰ. কে/এছএছ/এনএছ /দি বি
मैं आपके साथ टेक्नॉलॉजी के माध्यम से जुड़ रहा हूं, लेकिन वहां जो माहौल है, जो उत्साह है, जो जुनून है, जो ऊर्जा है, उसको मैं अनुभव कर सकता हूं: PM @narendramodi
— PMO India (@PMOIndia) February 22, 2020
आज ओडिशा में नया इतिहास बना है। भारत के इतिहास में पहले खेलो इंडिया यूनिवर्सिटी गेम्स की शुरुआत आज से हो रही है।
— PMO India (@PMOIndia) February 22, 2020
ये भारत के खेल इतिहास में ऐतिहासिक पड़ाव तो है ही, भारत के खेलों के भविष्य के लिए भी एक बड़ा कदम है: PM @narendramodi
आने वाले दिनों में आपके सामने लक्ष्य 200 से ज्यादा गोल्ड मेडल जीतने का तो है ही, उससे भी अहम आपके अपने प्रदर्शन में सुधार, आपके खुद के सामर्थ्य को नई ऊंचाई देना है।
— PMO India (@PMOIndia) February 22, 2020
भुवनेश्वर में आप एक दूसरे से तो कंपीट कर ही रहे हैं, खुद से भी कंपीट कर रहे हैं: PM @narendramodi
आज का ये दिन सिर्फ एक टूर्नामेंट का आरंभ मात्र नहीं है, बल्कि भारत में खेल आंदोलन के अगले चरण की शुरुआत है।
— PMO India (@PMOIndia) February 22, 2020
खेलो इंडिया अभियान ने देश के कोने-कोने में खेलों के प्रति आकर्षण और युवा टैलेंट की पहचान में अहम भूमिका निभाई है: PM @narendramodi
साल 2018 में जब खेलो इंडिया गेम्स की शुरुआत हुई थी, तब इसमें 3500 खिलाड़ियों ने हिस्सा लिया था। लेकिन महज तीन वर्षों में खिलाड़ियों की संख्या 6 हजार से अधिक हो गई है, यानि लगभग दोगुनी: PM @narendramodi
— PMO India (@PMOIndia) February 22, 2020
बीत 5-6 वर्षों से भारत में Sports के Promotion और Participation के लिए ईमानदार प्रयास किए जा रहे हैं। टैलेंट की पहचान हो, ट्रेनिंग हो, या फिर चयन प्रक्रिया हो, हर तरफ ट्रांसपेरेंसी को प्रमोट किया जा रहा है: PM @narendramodi
— PMO India (@PMOIndia) February 22, 2020
ये वो खिलाड़ी हैं जो टोक्यो ओलंपिक्स में हिस्सा लेने के लिए संभावित हैं। इस योजना का लाभ पाने वाले खिलाड़ियों ने कॉमनवेल्थ गेम्स, एशियन गेम्स, एशियन पैरा गेम्स, यूथ ओलंपिक्स जैसे मुकाबलों में 200 से अधिक पदक देश को दिलाए हैं: PM @narendramodi
— PMO India (@PMOIndia) February 22, 2020
खिलाड़ी अपना ध्यान सिर्फ अपने श्रेष्ठ प्रदर्शन पर लगाए, बाकी की चिंता देश कर रहा है। प्रयास ये है कि पढ़ाई के साथ-साथ खेल भी बढ़े और फिटनेस का लेवल भी ऊंचा हो: PM @narendramodi
— PMO India (@PMOIndia) February 22, 2020
Khelo India University Games, a great effort to promote sports and fitness among youth. https://t.co/dYLN6qiaol
— Narendra Modi (@narendramodi) February 22, 2020