Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰথম বিশ্বযুদ্ধৰ ভাৰতীয় সৈনিকসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷

‘‘আজি আমি বিভীষিকাময় প্ৰথম বিশ্বযুদ্ধৰ সমাপ্তিৰ শতবাৰ্ষিকী পালন কৰিছোঁ৷ আমি বিশ্বশান্তি আৰু ঐক্যতা তথা ভ্ৰাতৃত্ববোধ স্থাপনৰ দিশত অগ্ৰসৰ হৈছো যাতে যুদ্ধৰ ফলত হোৱা প্ৰাণহানি তথা ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহয়৷

প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা আমাৰ সাহসী ভাৰতীয় সৈন্যক দেশে স্মৰণ কৰিছে৷ এই যুদ্ধত ভাৰতে প্ৰত্যক্ষভাৱে জড়িত নাথাকিলেও আমাৰ সৈন্যসকলে বিশ্বৰ হকে, শান্তিৰ হকে যুঁজ দিছিল৷

মই ফ্ৰান্সৰ নিউভ-চেপেল মেম’ৰিয়েল আৰু ইজৰাইলৰ হাইফা মেম’ৰিয়েলত অৱস্থিত প্ৰথম বিশ্বযুদ্ধত ভাৰতৰ সংবদ্ধ ভূমিকাক সন্মান জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ৷ যেতিয়া প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু ভাৰতলৈ আহিছিল তেতিয়া আমি তিন-মূৰ্তি হাইফা চ’কত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছিলোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/AP/MANN