Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক প্ৰথম ফিলিপ কোটলাৰ প্রেছিডেন্সিয়েল বঁটা প্ৰদান

প্ৰধানমন্ত্ৰীক প্ৰথম ফিলিপ কোটলাৰ প্রেছিডেন্সিয়েল বঁটা প্ৰদান

প্ৰধানমন্ত্ৰীক প্ৰথম ফিলিপ কোটলাৰ প্রেছিডেন্সিয়েল বঁটা প্ৰদান

প্ৰধানমন্ত্ৰীক প্ৰথম ফিলিপ কোটলাৰ প্রেছিডেন্সিয়েল বঁটা প্ৰদান


 

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ , লোককল্যাণ মার্গত প্ৰথম ফিলিপ কোটলাৰ প্রেছিডেন্সিয়েল বঁটা গ্ৰহণ কৰে৷

 

এই বঁটা প্ৰদানৰ ক্ষেত্রতজনতা, মুনাফা আৰু গ্ৰহএই তিনিটা বিষয়ত গুৰুত্ব দিয়া হৈছে৷ এইবাৰৰ পৰা প্ৰতি বছৰে কোনো এখন ৰাষ্ট্রৰ এগৰাকী নেতাক এই বঁটা প্ৰদান কৰা ব৷

 

বঁটাটিৰ প্ৰশস্তিপত্রত কোৱা হৈছে,

 

দেশক অসাধাৰণ নেতৃত্ব প্ৰদানৰ বাবে শ্রী নৰেন্দ্ৰ মোদীক এই বঁটাৰ বাবে নির্বাচিত কৰা হয়৷ দেশত অর্থনৈতিক, সামাজিক আৰু প্ৰযুক্তিগত ক্ষেত্রত অনন্য সফলতা, ভাৰতৰ প্ৰতি তেওঁৰ নিঃস্বার্থ সেৱা আৰু অক্লান্ত পৰিশ্ৰমৰ ফল৷

 

প্ৰশস্তিপত্ৰ খনত উল্লেখ কৰা মতেঃতেওঁৰ নেতৃত্বত ভাৰতত এতিয়া উদ্ভাৱনী কেন্দ্ৰ আৰু মূল্য সংযোজিত সামগ্ৰীৰ উৎপাদনৰ (মেক ইন ইণ্ডিয়া) লগতে তথ্যপ্ৰযুক্তি, একাউণ্টিং আৰু আর্থিক ক্ষেত্রৰ দৰে বৃত্তিমূলক সেৱা প্ৰদানত গ্লবেল হাব হিচাপে পৰিগণিত হৈছে৷

 

প্ৰশস্তিপত্ৰখনি লগতে উল্লেখ কৰা হৈছেঃতেওঁৰ দূৰদৃষ্টিসম্পন্ন নেতৃত্বৰ ফলস্বৰুপে সামাজিক সাসুবিধা আৰু আর্থিক অন্তর্ভুক্তিৰ বাবে অভিনৱ পৰিচিতি সংখ্যা বা আধাৰসহ ডিজিটেল বিপ্লৱ (ডিজিটেল ভাৰত) সৃষ্টি হৈছে৷ এই সকলো প্ৰচেষ্টাই নতুন উদ্যোগ স্থাপন, সহজে ব্যৱসায় কৰাৰ সুবিধাকে ধৰি দেশৰ বাবে একবিংশ শতিকাৰ উপযুক্ত আন্তঃগাঁথনি গঢ়ি তুলিছে৷

 

প্ৰশস্তিপত্ৰ খনত মেক ইন ইণ্ডিয়া’, ‘ষ্টার্টআপ ইণ্ডিয়া’, ‘ডিজিটেল ভাৰতআৰুস্বচ্ছ ভাৰত দৰে প্ৰচেষ্টাৱলীৰ সন্দৰ্ভতো উল্লেখ কৰি কয়, “এই প্ৰচেষ্টাৱলীয়ে ভাৰতক বিশ্বৰ অন্যতম লাভজনক উৎপাদন কেন্দ্ৰ আৰু বাণিজ্যিক গন্তব্য স্থানত পৰিণত কৰিছে৷

 

অধ্যাপক ফিলিপ কোটলাৰ কেলগ স্কুল অৱ মেনেজমেণ্টৰ নর্থৱেষ্টার্ন বিশ্ববিদ্যালয়ৰ মার্কেটিঙৰ বিশ্ববিখ্যাত অধ্যাপক৷ অসুস্থতাৰ বাবে অধ্যাপক কোটলাৰে মার্কিন যুক্তৰাষ্ট্রৰ জর্জিয়াৰ ইমোৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ জগদীশ শেঠক আজি প্ৰধানমন্ত্ৰী মোদীক এই বঁটা প্ৰদানৰ দায়িত্ব দিয়ে৷

*****

AKT/KP/DB