Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড কলৰ অৱ দা নেচনেল অৰ্ডাৰ অব দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান

প্ৰধানমন্ত্ৰীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড কলৰ অৱ দা নেচনেল অৰ্ডাৰ অব দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান


ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ’ লুলা ডা ছিলভাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড ক’লৰ অৱ দা নেচনেল অৰ্ডাৰ অৱ দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে এই বিশিষ্ট সন্মানৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই বঁটা গ্ৰহণ কৰি তেওঁ এই সন্মান ভাৰতৰ ১.৪০ কোটি জনসাধাৰণৰ বাবে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত স্থায়ী মিত্ৰতাৰ বন্ধনৰ নামত উৎসৰ্গা কৰে। ৰাষ্ট্ৰপতি লুলাক ভাৰত-ব্ৰাজিল কৌশলগত অংশীদাৰিত্বৰ কৃতিত্ব দি প্ৰধানমন্ত্ৰীয়ে এই বঁটাক দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ বাবে তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ প্ৰতি এক সন্মান আখ্যা দিয়ে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সন্মানে দুয়োখন দেশৰ জনসাধাৰণক তেওঁলোকৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক গভীৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব।

***

MJPS/ST/DD