Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেনটাকিৰ গৱৰ্ণৰ শ্ৰীযুত মেট বেভিনৰ


কেনটাকিৰ গৱৰ্ণৰ শ্ৰীযুত মেট বেভিনে আজি গান্ধীনগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত ব্যৱসায় আৰু বিনিয়োগকে ধৰি কেতবোৰ দিশত সম্পৰ্কৰ উন্নতি হোৱাৰ লগতে দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতাও শক্তিশালী হৈছে৷ তেওঁ ভাৰতৰ নিৰ্মাণ খণ্ডত বৃহত্তৰ আমেৰিকাৰ বিনিয়োগক আদৰণি জনায়আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ কোম্পানীসমূহক মেক-ইন-ইণ্ডিয়াৰ সূযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

গৱৰ্ণৰগৰাকীয়ে প্ৰধানমন্ত্ৰীক কেনটাকি আৰু ভাৰতৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি হোৱাৰ সন্দৰ্ভত চমূকৈ অৱগত কৰে৷ তেওঁ কেনটকাৰি প্ৰদেশকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় বৃত্তিধাৰী লোকসকলৰ অৱদানৰ আদৰণি জনায়৷

***

AKT/VJ/SBP/DB