Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মাৰ্কিন বিদেশ সচিব মাইকেল পম্পিঅ’ৰ


মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাইকেল আৰ পম্পিঅ’ই আজি পুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
বিদেশ সচিব পম্পিঅ’ই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হৈ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিৰ্বাচনত বিজয়ী হোৱাৰ বাবে অভিনন্দন জনায়৷

প্ৰধানমন্ত্ৰীয়ে বিদেশ সচিব পম্পিঅ’ৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুভেচ্ছাৰ বাবে তেওঁকো ধন্যবাদ জনাবলৈ কয়৷

ভাৰতে সকলো সময়তে মার্কিন যুক্তৰাষ্ট্রৰ সৈতে গুৰুত্ব সহকাৰে সম্পর্ক বজাই ৰাখি আহিছে বুলি সদৰি কৰে প্রধানমন্ত্রী মোদীয়ে৷ বিশ্বাস অর্জন আৰু দ্বিপাক্ষিক স্বার্থজড়িত বিভিন্ন বিষয়ত সেই দেশৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে সকলো সময়তে গুৰুত্ব দি আহিছে বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷

মার্কিন বিদেশ সচিবগৰাকীয়ে কয় যে মার্কিন যুক্তৰাষ্ট্র চৰকাৰে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক আৰু অধিক সুদৃঢ় কৰি তোলাৰ প্ৰতি আগ্রহী।

দুয়োখন দেশৰ মাজত অর্থনীতি, শক্তি, প্রতিৰক্ষা, সন্ত্রাসবাদ দমন, দুয়োদেশৰ নাগৰিকৰ মাজত সম্পর্ক স্থাপনত তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্রধানমন্ত্রী মোদীয়ে জনায়।

****

AKT/SH/SBP/DB