Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মালদ্বীপৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা শ্বাহীদৰ


মালদ্বীপৰ বৈদেশিক মন্ত্ৰী শ্ৰীযুত আব্দুল্লা শ্বাহীদে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ ষষ্ঠ ভাৰত-মালদ্বীপ যুটীয়া আয়োগৰ বৈঠকৰ বাবে এক চৰকাৰী ভ্ৰমণসুচীৰে ভাৰতলৈ আহিছে শ্ৰীযুত আব্দুল্লা শ্বাহীদ৷

ৰাষ্ট্ৰপতি ইব্ৰাহিম ছলীহ নেতৃত্বাধীন চৰকাৰে সফলতাৰে এবছৰ সম্পূৰ্ণ কৰাৰ বাবে বৈদেশিক মন্ত্ৰী শ্বাহীদৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ সন্তুষ্টিৰে উল্লেখ কৰে যে বিগত এটা বছৰত ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় বৈঠকে ইতিবাচক ফল প্ৰদান কৰিছে৷ তেওঁ লগতে আশা প্ৰকাশ কৰে যে ষষ্ঠ যুটীয়া আয়োগৰ বৈঠকে দুয়োপক্ষকে প্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ইয়াতকৈও উচ্চাকাংক্ষী হৈ পাৰস্পৰিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাত দিশত অগ্ৰসৰ হোৱাত সক্ষম কৰি তুলিব৷ এক শক্তিশালী, গণতান্ত্ৰিক, সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ মালদ্বীপ গঢ় দিয়াত মালদ্বীপ চৰকাৰক তেওঁ দিয়া প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

বৈদেশিক মন্ত্ৰী শ্বাহিদে প্ৰধানমন্ত্ৰী মোদীক ভাৰত-মালদ্বীপৰে সম্পৰ্ক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু শক্তিশালী নেতৃত্বৰ বাবে ধন্যবাদ জনায়৷ তেওঁ মালদ্বীপত বৰ্তমান কাৰ্যকৰী অৱস্থাত থকা বিভিন্ন উন্নয়নমুলক সহযোগিতা আঁচনিৰ ক্ষেত্ৰত ভাৰত সহায়ৰ বাবেও প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে৷ তেওঁ লগতে মালদ্বীপৰ নেতৃত্ববৰ্গৰ ‘ভাৰত প্ৰথম’ নীতিৰ লগতে ভাৰতৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিৰ কথাও অৱগত কৰে৷

******

VRRK/VJ/AK/DB