Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ শ্ৰী অশোক কুমাৰ লাহিড়িৰ


শ্ৰী অশোক কুমাৰ লাহিড়িয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁক নিটি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত শ্ৰী লাহিড়িৰ সমৃদ্ধ অভিজ্ঞতাই ভাৰতৰ সংস্কাৰ যাত্ৰাক যথেষ্ট শক্তিশালী কৰিব আৰু দেশখনক ‘বিকশিত ভাৰত’ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

মই শ্ৰী অশোক কুমাৰ লাহিড়ী জীৰ সৈতে মিলিত হ’লো আৰু তেওঁক নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত তেওঁৰ সমৃদ্ধ অভিজ্ঞতাই ভাৰতৰ সংস্কাৰ যাত্ৰা আৰু বিকশিত ভাৰত গঢ়াৰ যাত্ৰাক অধিক শক্তিশালী কৰিব। মই নিশ্চিত যে তেওঁৰ প্ৰচেষ্টাই আমাৰ ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণক আৰু অধিক শক্তিশালী কৰিব। আপোনাৰ কাৰ্যকালৰ সফলতাৰ বাবে মই শুভকামনা জনালোঁ।

.****

MJPS/VJ/SS