পি এম ইণ্ডিয়া
“সৌৰশক্তি সুলভ কৰি তোলাৰ ক্ষেত্ৰত সক্ষমতা সৃষ্টিত ভাৰতীয় বংশোদ্ভৱৰ ভূমিকা” শীৰ্ষক প্ৰৱাসী ভাৰতীয় সমিতিৰ বিষয়ববীয়াসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এই বিষয়ববীয়াসকলৰ ভিতৰত ভাৰতীয় বংশোদ্ভৱ আৰু ভাৰত খ্যাতিসম্পন্ন বিশেষজ্ঞ, শিক্ষাবিদ, উদ্ভাৱক, উদ্যোগপতি আৰু উদ্যমী ব্যক্তি আছে। তেওঁলোকে স্কেল সৌৰশক্তিৰ উপযোগিতা, গ্ৰিডবিহীন আৰু ক্ষুদ্ৰগ্ৰিড সমাধান, সৌৰ মজুতকৰণ, পৰৱৰ্তী প্ৰজন্মৰ সৌৰ প্ৰযুক্তি আৰু নৱীকৰণযোগ্য খণ্ডৰ বাবে অভিনৱ বিত্তায়ন ইত্যাদি বিষয়ত বিগত দুবছৰধৰি কৰা গৱেষণা ফলাফল প্ৰধানমন্ত্ৰীৰ আগত প্ৰদৰ্শন কৰে।
প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰিক পৰামৰ্শৱলীৰ আদৰণী জনোৱাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু নব্য নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ক বিশেষজ্ঞসকলৰ সৈতে হোৱা বাৰ্তালাপ আৰু নীতি প্ৰস্তুত কৰাৰ সময়ত প্ৰাসংগিক কাৰকজনিত ফলাফলক আগুৱাই নিবলৈ নিৰ্দেশ দিয়ে।
*******
AKT/SH/DB
Call on Prime Minister by panelists of Pravasi Bharatiya Divas on “Role of Indian Diaspora in Capacity Building for Affordable Solar Power”https://t.co/DY3vMMy93e
— PMO India (@PMOIndia) August 24, 2018
via NaMo App
Pravasi Bharatiya Divas: Panellists of session on renewable energy meet PM @narendramodi. https://t.co/inDuCl227p
— PMO India (@PMOIndia) August 25, 2018
via NaMo App pic.twitter.com/e05JX5MIZF