Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ইথিওপিয়াৰ সংসদীয় নিৰ্বাচনত বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী আবি আহমেদ আলী আৰু প্ৰস্পেৰিটি পাৰ্টিক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ সংসদীয় নিৰ্বাচনত বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী আবি আহমেদ আলী আৰু প্ৰস্পেৰিটি পাৰ্টিক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে ইথিওপিয়াৰ সৈতে ঐতিহাসিক, বহুমুখী আৰু গভীৰভাবে  শিপাই থকা সম্পৰ্কক  লালন-পালন কৰি আহিছে। যোৱা বছৰ ইথিওপিয়া ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে ভাৰত-ইথিওপিয়া কৌশলগত অংশীদাৰিত্ব আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত থকা বন্ধুত্বৰ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ অৰ্থে ঘনিষ্ঠভাৱে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰে;

ইথিওপিয়াৰ সংসদীয় নিৰ্বাচনত নিৰ্ণায়ক জয়ৰ বাবে মোৰ বন্ধু প্ৰধানমন্ত্ৰী আবি আহমেদ আলী আৰু প্ৰস্পেৰিটি পাৰ্টিলৈ আন্তৰিক অভিনন্দন।

ইথিওপিয়াৰ সৈতে ভাৰতেঐতিহাসিক, বহুমুখী আৰু গভীৰভাবে  শিপাই থকা সম্পৰ্কক লালন-পালন কৰি আহিছে। যোৱা বছৰ ইথিওপিয়া ভ্ৰমণৰ কথা মই মনত পেলাইছো আৰু  আমি কৌশলগত অংশীদাৰিত্ব তথা আমাৰ জনগোষ্ঠীসমূহৰ মাজত থকা  বন্ধুত্বৰ বান্ধোনক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী।

@AbiyAhmedAli

 

***

MJPS/SS/VJ/DM