Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আগন্তুক আমেৰিকা ভ্ৰমণক লৈ উৎসাহ প্ৰদৰ্শনৰ বাবে লোকসকলক ধন্যবাদ জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আগন্তুক আমেৰিকা ভ্ৰমণৰ বাবে আগবঢ়োৱা বৈচিত্ৰ্যপূৰ্ণ সমৰ্থন আৰু উৎসাহৰ বাবে আমেৰিকাৰ কংগ্ৰেছ আৰু থিংক টেংকৰ সদস্যকে ধৰি সকলো শ্ৰেণীৰ লোকক ধন্যবাদ জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়,

“কংগ্ৰেছৰ সদস্য, চিন্তাশীল নেতা আৰু অন্যান্যকে ধৰি সকলো শ্ৰেণীৰ লোকে মোৰ আগন্তুক আমেৰিকা ভ্ৰমণক লৈ উৎসাহ প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ মৰমলগা কথাবোৰৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো। এনে বৈচিত্ৰময় সমৰ্থনে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ গভীৰতাক আলোকপাত কৰিছে।”

***