Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পদাতিক বাহিনী দিৱসত পদাতিক বাহিনীৰ সাহসিকতা আৰু সমৰ্পণৰ মনোভাৱক শ্ৰদ্ধা জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদাতিক বাহিনী দিৱস উপলক্ষে পদাতিক বাহিনীৰ বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“পদাতিক বাহিনী দিৱসত আমি পদাতিক বাহিনীৰ অদম্য সাহসিকতা আৰু সমৰ্পণৰ মনোভাৱক সন্মান জনাইছোঁ। আমাৰ ৰাষ্ট্ৰক সুৰক্ষিতকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ অংগীকাৰ শক্তি আৰু ত্যাগৰ আভা হিচাপে পৰিগণিত হৈছে। প্ৰতিজন জোৱানে শৌৰ্য্য আৰু সেৱাৰ সৰ্বোচ্চ আদৰ্শক মূৰ্ত কৰি তুলিছে, প্ৰতিজন ভাৰতীয়কে অনুপ্ৰাণিত কৰিছে।

@adgpi”

 

***

MJPS/SR/SB