Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰবীণ ৰাজনীতিক ড০ কৰণ সিঙৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে, য’ত কল্যাণমূলক সেৱা প্ৰদান, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা আৰু বিশ্বজুৰি ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যক্ষ হোৱা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰা হৈছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ ৰাজনীতিক ড০ কৰণ সিঙৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিছে।

প্ৰৱন্ধটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ কৰা ১২ বছৰীয়া কাৰ্যকালৰ ঐতিহাসিক মাইলৰ খুঁটিৰ ওপৰত আলোকপাত কৰা হৈছে, যাৰ জৰিয়তে কল্যাণমূলক সেৱা প্ৰদান, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা আৰু বিশ্বজুৰি ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনবোৰৰ বিষয়ে আঙুলিয়াই দিয়া হৈছে। ইয়াত উল্লেখ কৰা হৈছে যে ভাৰতৰ ভৱিষ্যতৰ ওপৰত বিশ্বাস জাগ্ৰত কৰা আৰু নাগৰিকসকলৰ সৈতে পোনপটীয়া সম্পৰ্ক গঢ়ি তোলাত প্ৰধানমন্ত্ৰী মোদীৰ স্থায়ী অৱদান নিহিত হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“প্ৰধানমন্ত্ৰী হিচাপে @narendramodi এ ১২বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ ঐতিহাসিক মাইলৰ খুঁটিৰ কথা উল্লেখ কৰি প্ৰবীণ ৰাজনীতিক ড০ কৰণ সিঙে এই প্ৰৱন্ধটোত কল্যাণমূলক সেৱা প্ৰদান, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্যসেৱা আৰু বিশ্বজুৰি ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে। তেওঁ উল্লেখ কৰিছে যে ভাৰতৰ ভৱিষ্যতৰ ওপৰত বিশ্বাস জাগ্ৰত কৰা আৰু নাগৰিকৰ সৈতে পোনপটীয়া সম্পৰ্ক গঢ়ি তোলাত প্ৰধানমন্ত্ৰী মোদীৰ স্থায়ী অৱদান নিহিত হৈ আছে।”

***

MJPS/SS/PRK/HS