Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথানৰ মৃত্যুত শোক প্ৰকাশ কৰে


প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে থিৰু মাষ্টাৰ মাথানক সমাজ সেৱা আৰু নিপীড়িত লোকৰ বাবে কাম কৰাৰ প্ৰচেষ্টাৰ বাবে মানুহে সদায় স্মৰণ কৰিব।

এক্সত প্ৰধানমন্ত্ৰীয়ে প’ষ্ট কৰে;

“প্ৰাক্তন সাংসদ থিৰু মাষ্টাৰ মাথান জীৰ বিয়োগত মই বেদনাহত হৈছো। সমাজ সেৱা আৰু নিপীড়িত লোকৰ বাবে কাম কৰাৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব। তামিলনাডুত আমাৰ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁ প্ৰশংসনীয় ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

***

DS/ST/MS