Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে বিশ্ব হ’ল’কাষ্ট স্মৃতি কেন্দ্ৰ– যাদ ভাশ্বেম

প্ৰধানমন্ত্ৰীয়ে  পৰিদৰ্শন কৰিলে বিশ্ব হ’ল’কাষ্ট স্মৃতি কেন্দ্ৰ– যাদ ভাশ্বেম


ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম  বেঞ্জামিন নেতানিয়াহুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত থকা যাদ ভাশ্বেম – বিশ্ব হ’ল’কাষ্ট স্মৃতি কেন্দ্ৰ পৰিদৰ্শন  কৰি হ’ল’কাষ্টৰ বলি হোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনায়।

প্ৰধানমন্ত্ৰীয়ে হল অৱ ৰিমেমব্ৰেন্সত এক স্মৰণ  অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেণ্টৰে “এল মালেহ ৰহামীম”ৰ কবিতা আবৃত্তি কৰে। প্ৰধানমন্ত্ৰীয়ে হ’ল’কাষ্টৰ বলি হোৱা লোকসকলৰ ব্যক্তিগত কাহিনী প্ৰদৰ্শন কৰা বুক অৱ নেমছ হলো পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ভাৰত আৰু ইজৰাইলৰ জনসাধাৰণৰ মাজত মানৱীয় মূল্যবোধৰ প্ৰতি থকা গভীৰ আবেগিক বন্ধন তথা  ভাগ-বাটোৱাৰা কৰা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। 

****

MJPS/PKK