Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰশংসনীয় কৃতিত্বৰ বাবে অসমবাসীক অভিনন্দন জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় কৃতিত্ব অৰ্জন কৰাৰ বাবে অসমবাসীক,  বিশেষকৈ ৰাজ্যখনৰ নাৰী শক্তিক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।  ৰাজ্যখনৰ নাৰী শক্তিয়ে আমাৰ  গ্ৰহটোৰ বহনক্ষম নিৰ্মাণৰ লক্ষ্যৰে গ্ৰহণ কৰা উল্লেখযোগ্য প্ৰচেষ্টাত আগভাগ লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“প্ৰশংসনীয় কৃতিত্ব। বহনক্ষম গ্ৰহ নিৰ্মাণৰ লক্ষ্যৰে এই প্ৰচেষ্টাত আগভাগ লোৱাৰ বাবে অসমবাসীলৈ, বিশেষকৈ ৰাজ্যখনৰ নাৰী শক্তিলৈ অভিনন্দন”।

******

MJPS/SS/PRK/DM