Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰম্পৰাগত কাৰুশিল্পই কেনেদৰে অৰ্থনৈতিক বিকাশক আগুৱাই নিব পাৰে সেই সম্পৰ্কীয় এটা প্ৰবন্ধ ভাগ-বতৰা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় পৰম্পৰাগত কাৰুশিল্পই উদ্ভাৱন আৰু বিশ্ব অংশীদাৰিত্বৰ জৰিয়তে কেনেকৈ অৰ্থনৈতিক বিকাশক আগুৱাই নিব পাৰে সেই বিষয়ে আলোকপাত কৰি লিখা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ এটা প্ৰবন্ধ ভাগ-বতৰা কৰে।

শ্ৰী মোদীয়ে কয় যে ‘এখন জিলা, এটা উৎপাদন’ পদক্ষেপে স্থানীয় শিল্পকৰ্মক বজাৰত প্ৰৱেশ কৰাত, বহনক্ষম জীৱিকা সৃষ্টিত, ঐতিহ্য সংৰক্ষণত আৰু ভাৰতৰ গোলকীয় প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰাত সহায় কৰিছে।

শ্ৰী মোদীয়ে এক্সত পোষ্ট কৰিছে :

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @nsitharaman এ আলোকপাত কৰিছে যে পৰম্পৰাগত ভাৰতীয় কাৰুশিল্পই উদ্ভাৱন আৰু বিশ্ব অংশীদাৰিত্বৰ জৰিয়তে কেনেকৈ অৰ্থনৈতিক বিকাশক আগুৱাই নিব পাৰে।

‘এখন জিলা, এটা উৎপাদন’ পদক্ষেপে স্থানীয় শিল্পকৰ্মক বজাৰত প্ৰৱেশ, বহনক্ষম জীৱিকা সৃষ্টি, ঐতিহ্য সংৰক্ষণ আৰু ভাৰতৰ বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰাত সহায় কৰিছে।

 

*******

MJPS/SS/VJ/KD