Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ক অভিনন্দন জ্ঞাপন কৰিছে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“আমাৰ মহাকাশ খণ্ডই আমাক গৌৰৱান্বিত কৰি আহিছে!

ভাৰতৰ সকলোতকৈ গধুৰ যোগাযোগ উপগ্ৰহ চিএমএছ-০৩ ৰ সফল উৎক্ষেপণৰ বাবে ইছৰ’ক অভিনন্দন জনালোঁ।

আমাৰ মহাকাশ বিজ্ঞানীসকলে চালিত কৰা আমাৰ মহাকাশ খণ্ডটো উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতিৰূপ হৈ পৰা দৃষ্টান্ত প্ৰশংসনীয়। তেওঁলোকৰ সফলতাই ৰাষ্ট্ৰীয় অগ্ৰগতিক অধিক আগুৱাই নিছে আৰু অগণন জীৱনক শক্তিশালী কৰিছে।

 

@isro”

***

MJPS/ST/SB