পি এম ইণ্ডিয়া
ভাৰতৰ ১৭ তম লোকসভা নিৰ্বাচনত ব্যাপক ফলাফল প্ৰদৰ্শনেৰে বিজয়ী হোৱাৰ পিছতেই ২৩ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাসূচক ফোনকলযোগে অভিনন্দন জ্ঞাপন কৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজা জিগমে খেছৰ নামগিল ৱাংচুকে।
প্ৰধানমন্ত্ৰী মোদীৰ সুনেতৃত্বত ভাৰতীয় নাগৰিকে প্ৰগতি আৰু সমৃদ্ধি লাভ কৰক বুলিও শুভবাৰ্তা প্ৰেৰণ কৰে ভুটান সম্ৰাটে।
ইফালে প্ৰধানমন্ত্ৰী মোদীয়েও ভুটান সম্ৰাটক তেওঁৰ উষ্ম অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে ভুটানৰ সৈতে অনন্য আৰু এক বিশেষ বন্ধুত্ব ৰক্ষাৰ দিশটোক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁ লগতে অনাগত সময়ছোৱাত ভুটান চৰকাৰৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰি দুয়োখন দেশেই প্ৰগতিৰ পথেৰে আগবাঢ়ি যোৱাৰ পোষকতা কৰে।
***
AKT/SH/VK/RD