Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পূৰ্বে প্ৰদান কৰা বিবৃতিৰ অসমীয়া অনুবাদ


মই ২১ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰ ২০১৯ তাৰিখলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণত ব্যস্ত থাকিম৷ মই হাউষ্টন ভ্ৰমণ কৰিম আৰু তাৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪তম অধিৱেশনৰ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে নিউয়ৰ্কলৈ ৰাওনা হম৷

হাউষ্টনত মই আমেৰিকাৰ অগ্ৰণী শক্তি উদ্যোগসমূহৰ সৈতে ভাৰতআমেৰিকা শক্তি সহযোগিতা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে বৈঠকত মিলিত হম৷ পাৰস্পৰিক লাভালাভ সহযোগিতাৰ ক্ষেত্ৰত শক্তিখণ্ডৰ উত্থান ঘটিছে আৰু ই আমাৰ দ্বিপাক্ষিক সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

হাউষ্টনত মই ভাৰতীয় বংশোদ্ভৱ লোকসকলৰ সৈতে সাক্ষাৎ কৰি ভাষণ প্ৰদান কৰিম৷ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সাফল্য, আমেৰিকাৰ প্ৰতি তেওঁলোকৰ অৱদান, ভাৰতৰ সৈতে তেওঁলোকৰ শক্তিশালী সম্পৰ্ক আৰু দুয়োখন দেশৰ মাজত তেওঁলোকে পালন কৰা জীৱন্ত সাঁকোস্বৰূপ ভূমিকাই আমাক গৌৰৱান্বিত কৰি তুলিছে৷ সেই অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ অংশগ্ৰহণ, মোৰ আৰু ভাৰতীয় প্ৰৱাসীসকলৰ বাবে অতিশয় সন্মানৰ কথা৷ ভাৰতীয় সমাজৰ সন্মুখত মোৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এয়া প্ৰথম উপস্থিতি আৰু আমাৰ বাবে ই নতুন মাইলৰ খুঁটি৷

হাউষ্টনত থকাৰ সময়ত মই ভাৰতীয়আমেৰিকান সমাজ তথা তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতেও সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিম৷

নিউয়ৰ্কত মই ৰাষ্ট্ৰসংঘৰ বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিম৷ ১৯৪৫ চনৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাতা সদস্য হিচাপে ভাৰতে শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত তথা বিশ্বৰ অৰ্থনৈতিক উত্তৰণ আৰু বিকাশত নিজৰ প্ৰতিশ্ৰুতি পালন কৰি আহিছে৷

এই বছৰৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪তম অধিৱেশনৰ মূল বিষয় হ– ‘‘দৰিদ্ৰতা নিৰ্মূলকৰণ, গুণগত শিক্ষা, জলবায়ু পৰিৱৰ্তন আৰু সমাপনৰ ক্ষেত্ৰত বহুপক্ষীয় প্ৰয়াস’’৷ আন্তৰ্জাতিক মহলৰ সন্মুখত বিভিন্ন প্ৰত্যাহ্বানে মূৰ দাঙি উঠিছে৷ তাৰে ভিতৰত ভংগুৰ বিশ্বজনীন অৰ্থনীতি, বিশ্বৰ বিভিন্ন প্ৰান্তত হোৱা অশান্তি আৰু উদ্বেগ, সন্ত্ৰাসবাদৰ উত্থান আৰু প্ৰসাৰণ, জলবায়ু পৰিৱৰ্তন আৰু দৰিদ্ৰতাৰ স্থানীয় বিশ্বজনীন প্ৰত্যাহ্বান আদিয়েই প্ৰধান৷ এইসমূহৰ মোকাবিলা কৰাৰ বাবে শক্তিশালী বিশ্বজনীন প্ৰতিশ্ৰুতি আৰু বহুপক্ষীয় সমন্বিত পদক্ষেপৰ প্ৰয়োজন৷ মই আমাৰ সংশোধিত বহুপক্ষীয় প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিম যি প্ৰতিক্ৰিয়াশীল, কাৰ্যকৰী আৰু সন্মিলিত তদুপৰি ভাৰতে পালন কৰা ভূমিকাসমূহৰো আলোকপাত কৰিম৷

ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ জৰিয়তে মই আমাৰ বহনক্ষম বিকাশ লক্ষ্যত উপনীত হোৱা সাফল্যসমূহ দাঙি ধৰিম৷ ২৩ ছেপ্টেম্বৰৰ জলবায়ু পদক্ষেপ সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত তথা বিশ্বজনীন লক্ষ্য আৰু আমাৰ আন্তৰ্জাতিক প্ৰতিশ্ৰুতিত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰো মই আলোকপাত কৰিম৷

বিশ্বজনীন স্বাস্থ্য কভাৰেজৰ ৰাষ্ট্ৰসংঘৰ সন্মিলনতো ঠিক একেদৰে আয়ুষ্মান ভাৰত কাৰ্যসূচীক অন্তৰ্ভুক্ত কৰি বিশ্ব দৰবাৰত ভাৰতে সিদ্ধি লাভ কৰা বিভিন্ন সাফল্যৰ বিষয়ে বিনিময় কৰিম৷

ভাৰতে ৰাষ্ট্ৰসংঘত মহাত্মা গান্ধীৰ ১৫০তম জন্ম বাৰ্ষিকী উদযাপনৰ বাবে এক কাৰ্যসূচীৰ আয়োজন কৰিব যত আজিৰ বিশ্বত গান্ধী আদৰ্শৰ প্ৰাসংগিকতাসমূহ আলোচনা কৰা হব৷ বিভিন্ন ৰাজ্যৰ মুৰব্বী তথা চৰকাৰ আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে এই অনুষ্ঠানত উপস্থিত থাকি গান্ধীজীক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিব আৰু তেওঁৰ বাৰ্তাসমূহৰ গুৰুত্বক আলোকপাত কৰিব৷

তাৰোপৰি মই অন্য দেশৰ নেতা আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন শাখাসমূহৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হম৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ভাৰতে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ নেতা আৰু চি এ আৰ আই চি অএম গোটৰ নেতাসকলৰ সৈতে নেতৃবৰ্গীয় পৰ্যায়ৰ বৈঠকত মিলিত হব৷ ইয়াৰ জৰিয়তে আমাৰ দক্ষিণদক্ষিণ সহযোগিতা আৰু তেওঁলোকৰ সৈতে সহযোগিতা বৃদ্ধি হব৷

নিউয়ৰ্ক আৰু হাউষ্টনত মই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাতকাৰত মিলিত হম৷ আমি দুয়োখন দেশৰ জনসাধাৰণ উপকৃত হব পৰাকৈ আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অৱলোকন কৰিম৷ আমাৰ ৰাষ্ট্ৰীয় বিকাশত আমেৰিকাই গুৰুত্বপূৰ্ণ সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হৈছে যাৰ দ্বাৰা শিক্ষা, দক্ষতা, গৱেষণা, প্ৰযুক্তি আৰু উদ্ভাৱনত সমৃদ্ধ সহযোগিতাৰ ফলত ভাৰতে অৰ্থনৈতিক উত্তৰণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত অগ্ৰগতি লাভ কৰিছে৷ মূল্যবোধৰ বিনিময়, অভিসাৰী আগ্ৰহ আৰু পৰিপূৰক শক্তিয়ে বিশ্বৰ সবাতোকৈ পুৰণি তথা বৃহৎ গণতান্ত্ৰিক দেশখনৰ প্ৰাকৃতিক সহযোগিতাৰ ভেঁটি নিৰ্মাণ কৰিছে৷ একত্ৰিতভাৱে আমি অধিক শান্তিময়, স্থিৰ, সুৰক্ষিত, বহনক্ষম আৰু সমৃদ্ধ বিশ্ব গঢ়ি তোলাত অৱদান আগবঢ়াব পাৰো৷

নিউয়ৰ্কৰ ভ্ৰমণত আমেৰিকাৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ ভালেখিনি গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাব৷ মই ব্লুমবাৰ্গ গ্লবেল বিছনেছ ফৰামৰ মুকলি পৰিকল্পনা অধিৱেশনত ভাষণ প্ৰদান কৰিম আৰু আমেৰিকাৰ অগ্ৰণী ব্যৱসায়িক নেতাসমূহক ভাৰতৰ অৰ্থনৈতিক উত্তৰণ আৰু ৰূপান্তৰণ কাৰ্যসূচীত অধিক সক্ৰিয়তাৰে অংশগ্ৰহণৰ বাবে আহ্বান জনাম৷ বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেচনে মোক গ্লবেল গলকীপাৰ্ছ গলছ এৱাৰ্ড ২০১৯ ৰ বাবে মনোনীত কৰাৰ বাবে মই সম্মানিত অনুভৱ কৰিছো৷

মই নিশ্চিত যে মোৰ এই ভ্ৰমণৰ দ্বাৰা ভাৰতক এখন অপাৰ সম্ভাৱনীয়তাৰ স্থান হিচাপে তথা বিশ্বস্ত সহযোগী আৰু বিশ্ব নেতাৰ ৰূপত প্ৰতীয়মান কৰিবলৈ সমৰ্থ হব আৰু আমেৰিকাৰ সৈতে সহযোগিতাৰ অধিক সৱলীকৰণ হোৱাত সহায়ক হব৷

***

AK/MANN