Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেৰ কুণ্ডলী-মানেছৰ অংশ আৰু বল্লৱগড়-মুজেছৰ মেট্ৰ’ সংযোগী পথ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানা গুৰুগ্ৰামৰ ছুলতানপুৰত কুণ্ডলী–মানেছৰ–পালৱাল(কেএমপি) ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে উদ্বোধন কৰে৷ তেওঁ লগতে বল্লৱগড়–মুজেছৰ সংযোগী পথ আৰু শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে এই এক্সপ্ৰেছৱে আৰু মেট্ৰ’ যোগাযোগ ব্যৱস্থাই হাৰিয়ানাৰ পৰিবহণ খণ্ডত নৱজাগৰণৰ সূচনা কৰিব৷ তেওঁ লগতে কয় যে শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ে অঞ্চলটোৰ যুৱক–যুৱতীসকলকো প্ৰচূৰ পৰিমাণে উপকৃত কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কেএমপি এক্সপ্ৰেছৱে প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে৷ তেওঁ কয় যে এক্সপ্ৰেছৱেটোৱে দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ প্ৰদূষণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা পৰিৱেশ অনুকূল ভ্ৰমণৰ সমান্তৰালভাৱে লোকসকলৰ ‘জীৱন–যাপনো’ সহজ কৰি তুলিব৷

পৰিবহণ যোগাযোগৰ গুৰু্ত্বৰ ওপৰত জোঁৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ই হৈছে সমৃদ্ধি, সবলীকৰণ আৰু সহজলভ্যতাৰ এক মাধ্যম৷ তেওঁ কয় যে ঘাইপথ, মেট্ৰ্’ আৰু জলপথৰ পৰিৱেশ গঢ়ি তোলা হৈছে, যিবোৰে সংস্থাপনৰ সূযোগ, বিশেষকৈ সামগ্ৰী প্ৰস্তুতকৰণ, নিৰ্মাণ আৰু সেৱা খণ্ডৰ সূযোগ সৃষ্টি কৰিব৷ তেওঁ উল্লেখ কৰে যে ২০১৪ চনত প্ৰতিদিনে ১২ কিলোমিটাৰকৈ ঘাইপথ নিৰ্মাণ হোৱাৰ বিপৰীতে বৰ্তমান ২৭ কিলোমিটাৰকৈ নিৰ্মাণ হয়৷ তেওঁ কয় যে এইটোৱে কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তনশীল ভাৰতৰ দিশত কৰা কামৰ দৃষ্টিভংগীকে প্ৰদৰ্শিত কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ যুৱক–যুৱতীসকলৰ আশা–আকাংক্ষা পূৰণ কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ তেওঁ প্ৰকাশ কৰে যে শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ে যুৱসমাজক দক্ষ কৰি তুলি নতুন সূযোগ প্ৰদান কৰাত প্ৰধান ভূমিকা পালন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী সফলতাৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ হাৰিয়ানাৰ যুৱক–যুৱতীসকলে দেশৰ প্ৰতি আগবঢ়োৱা বৰঙণি, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে৷

****

AKT/VJ/SK/DB