পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জানুৱাৰী, ২০১৯ তাৰিখে ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ সংগ্ৰহালয়ৰ নৱনিৰ্মিত গৃহটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ৰাষ্ট্ৰীয় সংগ্ৰহালয়টোত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে তাত উপস্থিত জনতাক সম্বোধন কৰিব।
ভাৰতৰ সমৃদ্ধিশালী চলচ্চিত্ৰ ইতিহাসক বিশ্ববাসীৰ সমূখত উপস্থাপন কৰা আৰু চলচ্চিত্ৰৰ যোগেদি ভাৰতৰ ঐশ্বৰ্যশালী সামাজিক-সাংস্কৃতিক ইতিহাস কিদৰে পৰিৱৰ্তিত হৈ আছে, এই সকলোবোৰ দিশক একেলগে উপস্থাপন কৰিৰ উদ্দেশ্যেৰেই এই ৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ সংগ্ৰহালয় স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়ে ইয়ালৈ অহা প্ৰতিগৰাকী দৰ্শকক বিভিন্ন ভিজুৱেল আৰু গ্ৰাফিক্স, ছবিৰ ক্লিপিংছ, আৰ্টিফেক্ট, প্ৰচাৰ সামগ্ৰী, অন্তৰঙ্গ প্ৰদৰ্শনী আৰু অন্যান্য বহু দিশৰ মাধ্যমেৰে এক কথা কাহিনীৰে ভাৰতীয় ছবিৰ এটা শতিকাতকৈও অধিক দৈৰ্ঘ্যৰ অনবদ্য যাত্ৰা দেখুৱাব।
উল্লেখ্য যে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হৈছে দক্ষিণ মুম্বাইৰ ফিল্মছ ডিভিজন কমপ্লেক্সত। দুটা অট্টালিকাত বিভক্ত এই সংগ্ৰহালয়টো ঐতিহাসিক গুলচন মহল আৰু নতুন সংগ্ৰহালয় গৃহটোত বিস্তাৰিত হৈ আছে।
এই নতুন সংগ্ৰহালয় গৃহটোত আছে চাৰিটা স্তৰ ক্ৰমে – ১ম স্তৰ – গান্ধী আৰু চিনেমা, ২য় স্তৰ – চিলড্ৰেনছ ফিল্ম ষ্টুডিঅ’, ৩য় স্তৰ – প্ৰযুক্তি, সৃষ্টিশীলতা আৰু ভাৰতীয় ছবি, আৰু ৪ৰ্থ স্তৰ – ভাৰতৰ ছবিবোৰ। উল্লেখ্য যে এই নতুন সংগ্ৰহালয়টোত অত্যাধুনিক ডিজিটেল চিনেমা প্ৰজেক্টৰ আৰু ৭.১ ছাৰাউণ্ড ছাউণ্ড ছিষ্টেম সম্বলিত দুটা প্ৰেক্ষাগৃহও আছে।
***
AKT/KP/SBP/RD
Tomorrow evening, I will be in Mumbai to inaugurate the National Museum of Indian Cinema.
— Narendra Modi (@narendramodi) January 18, 2019
This museum will showcase the rich history of Indian cinema and highlight the contribution of cinema in our country's progress.