পি এম ইণ্ডিয়া
মন্ত্ৰী তথা মোৰ নিকটতম বন্ধু, শ্ৰীযুত আবে,
সন্মানীয় প্ৰতিনিধিসকল,
বন্ধুবৰ্গ,
নমস্কাৰ,
কনিশ্ব’ৱা,
আবে শ্বান ডাঙৰীয়াই যিদৰে ট’কিঅত আৰু পূৰ্বে য়ামানাশ্বাহিত তেওঁৰ ঘৰত মোক সম্ভাষণ জনালে, ইয়েই মোৰ জাপান ভ্ৰমণ অধিক অবিস্মৰণীয় কৰি তুলিলে৷ জাপান প্ৰাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ অপূৰ্ব সমাহাৰ৷ ই এখন এনে এক মহান দেশ যিয়ে আমাক শিকাইছে যে মানৱ বিকাশ প্ৰাচীন আৰু নতুন পথৰ মাজৰ বিসম্বাদ নহয় কিন্তু ই এই দুয়োটাৰ সমসত্ব উপস্থিতি তথা সৃষ্টিৰ সমাহাৰ৷ নতুনক আদৰি লোৱা আৰু পুৰণিক সন্মান জনোৱা- এয়াই হ’ল জাপানে বিশ্ব সভ্যতাক প্ৰদান কৰা মূল অৱদান৷ তাৰোপৰি ভাৰত আৰু জাপানৰ মাজত অলেখ সাদৃশ্যও আছে৷
মাননীয়সকল,
ভাৰত আৰু জাপানৰ সম্বন্ধত ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ গভীৰতা তথা বিশালতা বিদ্যমান৷ এই সম্বন্ধ গণতান্ত্ৰিক মূল্যবোধ আৰু স্বতন্ত্ৰতা তথা আইনৰ নীতিৰ গণ্ডীত বিনিময় কৰা প্ৰতিশ্ৰুতিৰ ওপৰত আধাৰিত৷ আজি আমি যৌথ দৃষ্টিভংগীত স্বাক্ষৰ কৰিছো৷ কাইলৈ ই আমাৰ ভৱিষ্যতক নতুন আলোক প্ৰদান কৰিব৷ চাইবাৰ স্পেছত ডিজিটেল সহযোগিতা, স্বাস্থ্যৰ পৰা প্ৰতিৰক্ষালৈ তথা সাগৰৰ পৰা মহাকাশলৈ সুৰক্ষাৰ ক্ষেত্ৰত আমি সহযোগিতা প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে সন্মতি প্ৰকাশ কৰিছো৷ জাপানৰ বিনিয়োগকাৰীয়ে ভাৰতত ২.৫ বিলিয়ন ডলাৰৰ এক নতুন বিনিয়োগ কৰিব বুলি মোক জনোৱা হৈছে৷ ইয়াৰ দ্বাৰা ভাৰতত ৩০ হাজাৰ লোকৰ নিয়োজনৰ সৃষ্টি হ’ব৷ এই ভ্ৰমণৰ সময়চোৱাত সম্পন্ন হোৱা দ্বিপাক্ষিক মুদ্ৰা বিনিময় ব্যৱস্থাপনাৰ চুক্তিয়ে পৰিষ্কাৰভাৱে আমাৰ পাৰস্পৰিক বিশ্বাস তথা অৰ্থনৈতিক সহযোগিতাত আমাৰ চিৰ ক্ৰমবৰ্ধমান সংবদ্ধতা প্ৰতিফলিত কৰিছে৷
বন্ধুসকল,
একবিংশ শতিকা এছিয়াৰ শতিকা, কিন্তু ইয়াৰ গঠন আৰু কাৰকত কিছুমান সংশয়ৰ উৎপত্তি হৈছে৷ কোন লাভান্বিত হ’ব, কি কৰা উচিত, এনে ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈছে৷ কিন্তু এটা কথা সম্পূৰ্ণ পৰিষ্কাৰ যে ভাৰত আৰু জাপানৰ সহযোগিতা অবিহনে একবিংশ শতিকা এছিয়াৰ শতিকা হ’ব নোৱাৰে৷
আবে শ্বান ডাঙৰীয়া আৰু মই আমাৰ বৈদেশিক তথা প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ মাজত ২+২ বক্তব্যত সমৰ্থন প্ৰদান কৰিছো৷ ইয়াৰ উদ্দেশ্য হ’ল বিশ্বত শান্তি আৰু স্থিৰতাৰ উত্তৰণ কৰা৷ আন্তৰ্জাতিক সৌৰ সহযোগিতাত জাপানৰ অন্তৰ্ভুক্তি বিশ্বৰ আগ্ৰহৰ ভিত্তিত এনে সহযোগিতাৰ এক অত্যুত্তম উদাহৰণ৷
বন্ধুসকল,
পৰৱৰ্তী বৰ্ষত জাপানে অ’ছাকাত জি-২০ সন্মিলনৰ আয়োজন কৰিব৷ তাৰোপৰি পৰৱৰ্তী বৰ্ষত জাপানে ৰাগবি বিশ্বকাপৰো আয়োজন কৰিব৷ এই টুৰ্ণামেণ্ট প্ৰথমবাৰলৈ এছিয়াত অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছত ২০২০ চনৰ অলিম্পিক ট’কিঅত অনুষ্ঠিত হ’ব৷ এই আটাইবোৰ গুৰুত্বপূৰ্ণ বিশ্বস্তৰীয় অনুষ্ঠানৰ বাবে মোৰ হৈ তথা সমগ্ৰ ভাৰতৰ হৈ আপোনালোকক উষ্ম সম্ভাষণ জনাইছো৷
বন্ধুসকল,
জাপানৰ কাইজেন দৰ্শনৰ দৰেই ভাৰত-জাপানৰ সম্পৰ্কৰ উত্তৰণ সীমাহীন৷ প্ৰধানমন্ত্ৰী আবেৰ সৈতে মই এই সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছো৷ পুনৰবাৰ মই আবে শ্বান ডাঙৰীয়া, জাপান চৰকাৰ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু মোৰ আন্তৰিক শুভেচ্ছা প্ৰদান কৰিছো৷
ড’ম’ আৰিগাট’ গ’জাইমাছু৷
***
AKT/SH/AK/MANN
जापान पूरब और पश्चिम की सभ्यताओं के सर्वश्रेष्ठ पहलुओं का संगम है।
— PMO India (@PMOIndia) October 29, 2018
यह वही महान देश है जिसने सिखाया है कि मानव जाति के विकास का रास्ता पुरातन और नूतन के बीच टकराव का नहीं, बल्कि उनके सह-अस्तित्व और सृजन का है: PM
जापान और भारत के सम्बन्धों को हिन्द और प्रशांत महासागरों सी गहराई और विस्तार प्राप्त हैं।
— PMO India (@PMOIndia) October 29, 2018
ये सम्बन्ध लोकतांत्रिक मूल्यों और स्वतंत्रताओं के प्रति और Rule of Law के प्रति साझा प्रतिबद्धता पर आधारित हैं: PM
हमारे बीच पूरी सहमति है कि हम अपने सहयोग को digital partnership से cyber space तक, स्वास्थ्य से रक्षा-सुरक्षा तक और सागर से अंतरिक्ष तक, हर क्षेत्र में अबाध गति देंगे।
— PMO India (@PMOIndia) October 29, 2018
मुझे बताया गया है कि आज जापान के निवेशकों ने भारत में 2.5 बिलियन यू एस डॉलर के नए निवेश की घोषणा की है: PM
इसी यात्रा के दौरान द्विपक्षीय करेन्सी स्वाप व्यवस्था पर हुई सहमति में हमारा आपसी विश्वास और हमारी आर्थिक साझेदारी की निरन्तर बढ़ती हुई नज़दीकी साफ़ तौर पर झलकते हैं: PM
— PMO India (@PMOIndia) October 29, 2018
भारत और जापान के सहयोग के बिना 21वीं सदी एशिया की सदी नहीं हो सकती।
— PMO India (@PMOIndia) October 29, 2018
आबे सान और मैं हमारे विदेश और रक्षा मंत्रियों के बीच 2+2 Dialogue के लिए सहमत हुए हैं।
इसका उद्देश्य विश्व में शांति और स्थिरता को बढ़ावा देना है: PM
Held fruitful and extensive talks with PM @AbeShinzo.
— Narendra Modi (@narendramodi) October 29, 2018
Today’s discussions focused on aspects relating to better economic ties, stronger cooperation in areas of defence and security. pic.twitter.com/jCXrx4QX7I