পি এম ইণ্ডিয়া

আজি বিশ্ব ব্যাঘ্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন-২০১৮ৰ চতুৰ্থ চক্ৰৰ ফলাফল মুকলি কৰে৷
এই সৰ্বেক্ষণ অনুসৰি ২০১৮ চনত ভাৰতত বাঘৰ সংখ্যা ২৯৬৭লৈ বৃদ্ধি পাইছে৷
প্ৰধানমন্ত্ৰীয়ে এই ফলাফলক ভাৰতৰ ঐতিহাসিক সাফল্য বুলি অভিহিত কৰি বাঘৰ সুৰক্ষাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে৷ এই সাফল্য প্ৰাপ্তিৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ষ্টেকহ’ল্ডাৰক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ক্ষীপ্ৰতা তথা নিষ্ঠাৰ বাবে প্ৰশংসা কৰে৷ তেওঁ ইয়াক সংকল্পৰ পৰা সিদ্ধিৰ আটাইতকৈ উত্তম উদাহৰণ বুলি অভিহিত কৰে৷ তেওঁ কয় যে ভাৰতৰ লোকে এবাৰ কোনো এটা কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক সম্পূৰ্ণ কৰাত কোনেও বাধা দিব নোৱাৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় ৩০০০টা বাঘৰ সৈতে ভাৰত আজি বিশ্বৰ ভিতৰতে বাঘৰ আটাইতকৈ নিৰাপদ আৰু বৃহৎ স্থল হিচাপে পৰিগণিত হৈছে৷
শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি ‘‘ছিলেক্টেভিনেছ’’ হোৱাতকৈ ‘‘কালেক্টিভনেছ’’ হোৱাটো প্ৰয়োজন৷ তেওঁ কয় যে পৰিবেশ সংৰক্ষণৰ বাবে বিস্তৃত আৰু সামূহিক বীক্ষণৰ প্ৰয়োজন৷ বিকাশ আৰু পৰিবেশৰ মাজত সুস্থ ভাৰসাম্য বৰ্তাই ৰখাটো প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে৷ ‘‘আমাৰ নীতি, আমাৰ অৰ্থনীতিত, আমি সংৰক্ষণৰ সংৰক্ষণবাদ পৰিৱৰ্তন কৰিব লাগিব,’’ তেওঁ এইদৰে কয়৷
ভাৰতে আমাৰ নাগৰিকসকলৰ বাবে অধিক গৃহ নিৰ্মাণ কৰিব আৰু একে সময়তে জন্তুসমূহৰ বাবেও গুণগতমানৰ পৰিবেশ সৃষ্টি কৰিব৷ ভাৰতৰ উজ্বল সামুদ্ৰিক অৰ্থনীতি থকাৰ লগতে সুস্থ সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰও থাকিব৷ এই ভাৰসাম্যতাৰ যোগেদি এক শক্তিশালী তথা সমাহিত ভাৰত নিৰ্মাণ হ’ব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
ভাৰতে অৰ্থনৈতিকভাৱে তথা পৰিবেশগতভাৱে উন্নতি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে; তেওঁ কয় যে ভাৰতে অধিক পথ নিৰ্মাণ কৰিব আৰু ভাৰতৰ স্বচ্ছ নদীও থাকিব; ভাৰতৰ উন্নত ৰে’ল সংযোগ ব্যৱস্থা থাকিব আৰু লগতে বৃহৎ বনাঞ্চলো থাকিব৷
তেওঁ কয় যে যোৱা পাঁচ বছৰত পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ সময়ত দেশৰ বনাঞ্চলো বৃদ্ধি হৈছে৷ ‘‘সুৰক্ষিত অঞ্চল’’ৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ ২০১৪ চনত সুৰক্ষিত অঞ্চলৰ সংখ্যা আছিল ৬৯২খন আৰু ২০১৯ চনত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ৮৬০ হৈছে৷ ‘‘সম্প্ৰদায় সংৰক্ষণো’’ ২০১৪ চনৰ ৪৩খনৰ পৰা বৃদ্ধি হৈ এতিয়া ১০০ হৈছে৷
তেওঁ কয় যে ভাৰতে ইয়াৰ অৰ্থনীতি ‘‘স্বচ্ছ-ইন্ধনভিত্তিক’’ আৰু ‘‘পুনৰ নৱীকৰণ শক্তি’’ হিচাপে নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে ভাৰতৰ শক্তি সুৰক্ষাত ‘‘আৱৰ্জনা’’ আৰু ‘‘বায়’-মাছ’’ এক বৃহৎ অংশ হিচাপে পৰিগণিত হৈছে৷ এই সন্দৰ্ভত তেওঁ এলপিজি সংযোগৰ বাবে ‘‘উজ্বলা’’ আৰু এলইডি বাল্বৰ বাবে ‘‘উজলা’’ আঁচনিৰ কথা উল্লেখ কৰে৷
ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে বাঘৰ সংৰক্ষণৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক প্ৰয়াস কৰা হ’ব বুলি দোহাৰে৷
অনুষ্ঠানটোত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেদকাৰ; ৰাজ্যিক পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়; পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব শ্ৰী চি.কে. মিশ্ৰাও উপস্থিত আছিল৷
***
VRRK/KP/MANN
Releasing the results of All India Tiger Estimation. #InternationalTigerDay https://t.co/b73ADzson4
— Narendra Modi (@narendramodi) July 29, 2019
A commitment fulfilled, that too well in advance!
— Narendra Modi (@narendramodi) July 29, 2019
It was decided to work towards doubling the tiger population by 2022 but India achieved this 4 years in advance!
India is proud to be home to almost 75% of the global tiger population. #InternationalTigerDay pic.twitter.com/t98f2RICE5
Development and the environment are not mutually exclusive.
— Narendra Modi (@narendramodi) July 29, 2019
India will progress economically and take the lead in protecting the environment. #InternationalTigerDay pic.twitter.com/RjcBMGpFvh
कभी ‘एक था टाइगर’ का डर था, लेकिन आज यह यात्रा ‘टाइगर जिंदा है’ तक पहुंच चुकी है।
— Narendra Modi (@narendramodi) July 29, 2019
लेकिन ‘टाइगर जिंदा है’ कहना ही पर्याप्त नहीं है, हमें उनकी संख्या बढ़ाने के लिए अनुकूल वातावरण भी तैयार करना है। #InternationalTigerDay pic.twitter.com/bERsYeM62v
The results of the just declared tiger census would make every Indian, every nature lover happy.
— PMO India (@PMOIndia) July 29, 2019
Nine long years ago, it was decided in St. Petersburg that the target of doubling the tiger population would be 2022. We in India completed this target four years early: PM
आज हम गर्व के साथ कह सकते हैं कि भारत करीब 3 हज़ार टाइगर्स के साथ दुनिया के सबसे बड़े और सबसे सुरक्षित Habitats में से एक है: PM
— PMO India (@PMOIndia) July 29, 2019
India will build more homes for our citizens and that the same time create quality habitats for animals.
— PMO India (@PMOIndia) July 29, 2019
India will have a vibrant marine economy and a healthier marine ecology.
This balance is what will contribute to a strong and inclusive India: PM
मैं इस क्षेत्र से जुड़े लोगों से यही कहूंगा कि जो कहानी ‘एक था टाइगर’ के साथ शुरू होकर ‘टाइगर जिंदा है’ तक पहुंची है, वो वहीं न रुके। केवल टाइगर जिंदा है, से काम नहीं चलेगा। Tiger Conservation से जुड़े जो प्रयास हैं उनका और विस्तार होना चाहिए, उनकी गति और तेज की जानी चाहिए: PM
— PMO India (@PMOIndia) July 29, 2019