Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে আলোচনাই কিদৰে বিবাদ দূৰ কৰাৰ লগতে বিশ্বাসে কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক শক্তিশালী কৰি তুলিছে সেই বিষয়ে আলোকপাত কৰি লিখা এটা প্ৰৱন্ধ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে। প্ৰৱন্ধটোত কেনেদৰে আলোচনাই বিবাদ দূৰ কৰিছে, বিশ্বাসে কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক অধিক শক্তিশালী কৰিছে আৰু উন্নয়নে অগ্ৰগতিৰ নতুন পথ মুকলি কৰিছে সেই বিষয়ে আলোকপাত কৰা হৈছে। প্ৰৱন্ধটোত যোৱা এটা দশকত বাস্তৱায়িত হোৱা সমবায় ফেডাৰেলিজম ব্যৱস্থা (Cooperative Federalism)-ৰ পৰিৱৰ্তন আৰু এই সময়ছোৱাত আমি কিমান দূৰ আগবাঢ়িছোঁ, লগতে বিশ্বাস তথা আস্থাৰ জৰিয়তে আমি কি কি সাফল্য অৰ্জন কৰিছোঁ, সেই বিষয়ে আলোচনা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এইদৰে পোষ্ট কৰিছে—

 

“আলোচনাই বিবাদ দূৰ কৰাৰ স্থান লৈছে, বিশ্বাসে কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক শক্তিশালী কৰিছে আৰু উন্নয়নে অগ্ৰগতিৰ নতুন পথ মুকলি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শেহতীয়া প্ৰৱন্ধত যোৱা এটা দশকত বাস্তৱায়িত হোৱা সমবায় ফেডাৰেলিজম ব্যৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰিছে। আমি কিমান দূৰ আগবাঢ়িছোঁ আৰু বিশ্বাসৰ জৰিয়তে আমি কি কি অৰ্জন কৰিছোঁ—সেই বিষয়ে আত্মমন্থনৰ সুযোগ দিয়া এক গুৰুত্বপূৰ্ণ প্ৰৱন্ধ!”

 

***

MJPS/SS/VJ/DM