Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে

প্ৰধানমন্ত্ৰীয়ে ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে

প্ৰধানমন্ত্ৰীয়ে ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে

প্ৰধানমন্ত্ৰীয়ে ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে


উত্তৰ প্ৰদেশলৈ এদিনীয়া ভ্ৰমণৰ বাবে যোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰায় বাৰেলীত এক আধুনিক দবা নিৰ্মাণ কাৰখানা পৰিদৰ্শন কৰে৷ এখন ৰাজহুৱা সভাত তেওঁ ৯০০তম দবা আৰু এটা হামছফৰ ৰেকৰ ফ্লেগ অফ্ কৰে৷ তাৰোপৰি তেওঁ ৰায় বাৰেলীত বিভিন্ন উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ উপৰিও সেইসমূহ ৰাষ্ট্ৰলৈ উচৰ্গাও কৰে৷

সভাত বক্তৃতা প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিবোৰ প্ৰকল্পৰ আজি মুকলি, উচৰ্গা তথা আধাৰশিলা স্থাপন কৰা হৈছে, সেই প্ৰকল্পসমূহত মুঠ ১০০০ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আধুনিক দবা নিৰ্মাণ কাৰখানাই যুৱ প্ৰজন্মক নিয়োজন প্ৰদান কৰিছে আৰু ৰায় বাৰেলীক ই ৰে’লৰ দবা নিৰ্মাণৰ এক বিশ্বজনীন কেন্দ্ৰ হিচাপে পৰিগণিত কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ১৯৭১ চনৰ আজিৰ দিনটোৰ কথা স্মৰণ কৰি কয় যে ভাৰতীয় সৈন্যই অজিৰ দিনটোতে সন্ত্ৰাসবাদ, নিষ্ঠুৰতা আৰু অৰাজকতাৰ ওপৰত বিজয় সাব্যস্ত কৰিছিল৷ তেওঁ কয় যে আজি এফালে চৰকাৰে সশস্ত্ৰ বাহিনীক শক্তিশালী কৰাৰ দিশত উঠি-পৰি লাগিছে আৰু আনফালে কিছুমানে আমাৰ সশস্ত্ৰ বাহিনী শক্তিশালী হোৱাটো বিচৰা নাই৷ তেওঁ সেই চুক্তিক মিথ্যা বুলি অভিহিত কৰাত আক্ষেপ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰালয়, বায়ু সৈন্য আৰু আনকি বিদেশৰ চৰকাৰকো মিথ্যা বুলি অভিহিত কৰা হৈছে৷ তেওঁ কয় যে মিছা কোৱাৰ প্ৰবৃতি সত্যৰ দ্বাৰা দূৰ হয়৷ যেতিয়াই দেশৰ সুৰক্ষাৰ কথা আহি পৰে আৰু সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তাৰ কথা আহি পৰে, তেতিয়াই কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰৰ কথাতহে গুৰুত্ব প্ৰদান কৰে বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যেই ২২ বিধ শস্যৰ বাবে এমএছপি বৃদ্ধি কৰিছে৷ এই সিদ্ধান্তৰ দ্বাৰা কৃষকসকলৰ বাবে অতিৰিক্ত ৬০ হাজাৰ কোটি টকাৰ উপাৰ্জন সম্ভৱ হৈছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই শস্য নষ্ট হোৱা কৃষকসকলক লাভান্বিত কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ ‘‘সকলোৰে সৈতে, সকলোৰে বিকাশ’’ৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷

*****

AKT/KP/MANN