Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ভাৰত চৰকাৰৰ সচিবসকলৰ তৃতীয় উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ভাৰত চৰকাৰৰ সচিবসকলৰ  তৃতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে সচিবসকলৰ সৈতে আন্তঃগাঁথনি আৰু সংযোগ, নিৰাপত্তা আৰু বৈদেশিক পৰিক্ৰমা আৰু শাসনৰ সৈতে জড়িত মন্ত্ৰালয় তথা  বিভাগসমূহৰ ভৱিষ্যতৰ কাৰ্য্যসূচীৰ বিষয়ে আলোচনা কৰে। ইতিমধ্যে দুটা গোটৰ সচিবৰ সৈতে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সচিবসকলে তাৎক্ষণিক বিষয় আৰু পৰিসংখ্যাৰ বিষয়ত চিন্তা কৰাৰ উপৰি দেশৰ ভৱিষ্যত কেনেদৰে গঢ় দিব লাগে সেই সম্পৰ্কেও দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে চিন্তা কৰিব লাগে।

প্ৰতিবন্ধকতা  অতিক্ৰম কৰাৰ  বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিবন্ধকতা কেৱল সাংগঠনিক সমস্যা নহয়, মানসিকতাৰ সমস্যাও। তেওঁ কয় যে  প্ৰতিবন্ধকতা আনুভূমিক আৰু উলম্ব উভয় প্ৰকাৰৰ হ’ব পাৰে। তেওঁ  কয় যে বিষয়াসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব লাগিব আৰু সকলো কাম নিজৰ বুলি ভাবি কৰিব লাগিব।সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ  বিষয়ত আলোকপাত কৰি  প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰী আৰু পশ্চিম এছিয়া সংকটৰ কথা  উল্লেখ কৰে। তেওঁ কয় যে  এনে সংকটৰ সময়ত  বিভাগসমূহৰ বিষয়াসকলে একেলগে ফলপ্ৰসূভাৱে কাম কৰিছিল। এনে সমন্বয় ব্যৱস্থা চৰকাৰৰ কৰ্ম সংস্কৃতিৰ স্বাভাৱিক অংগ হ’ব লাগে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ফলপ্ৰসূ ব্যৱহাৰৰো আহ্বান জনায়। তেওঁ এআইৰ সামৰ্থ্যক মানৱ বিশেষজ্ঞতাৰ সৈতে সংযুক্ত কৰাৰ উদ্ভাৱনীমূলক উপায় অন্বেষণ কৰিবলৈ সচিবসকলক  আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে তথ্য এক ৰাষ্ট্ৰীয় সম্পদ আৰু ভৱিষ্যতৰ বাবেও  এক সম্পদ । তেওঁ উল্লেখ কৰে যে চৰকাৰে তথ্য সংগ্ৰহ, সংৰক্ষণ আৰু পৰিচালনাত সম্পদ বিনিয়োগ কৰে, কিন্তু বিভাগীয় প্ৰতিবন্ধকতা আৰু খণ্ডিত ব্যৱস্থাৰ বাবে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা  প্ৰায়ে ব্যৱহাৰ নহয়। তেওঁ বিভিন্ন উদ্দেশ্যৰ বাবে তথ্য সংগ্ৰহ আৰু পৰিচালনাৰ ধৰণৰ পাৰ্থক্যৰ কথা আঙুলিয়াই দিয়ে  আৰু তথ্যৰ অধিক আন্তঃকাৰ্য্যক্ষমতা তথা  ফলপ্ৰসূ ব্যৱহাৰ সক্ষম কৰা সমাধান বিচাৰি উলিওৱাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সক্ৰিয়  দৃষ্টিভংগী গ্ৰহণ কৰি  চৰকাৰী বিভাগ, বিশ্ববিদ্যালয় আৰু যুৱক-যুৱতীসকলৰ মাজত অধিক সংযোগ স্থাপনৰ আহ্বান জনায়। তেওঁ কয় যে বিশ্ববিদ্যালয় আৰু যুৱক-যুৱতীসকলৰ সৈতে বহল সংযোগে নতুন তথা  অগতানুগতিক ধাৰণা আনিব পাৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা খণ্ডকে ধৰি গৱেষণা আৰু উদ্ভাৱনৰ বিষয়ত অধিক গুৰুত্ব দিবলৈও সচিবসকলক  আহ্বান জনায়। তেওঁ ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগক অধিক শক্তিশালী কৰাৰ লগতে বিশ্ব পৰ্যায়ত ইয়াক অধিক প্ৰতিযোগিতামূলক কৰি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতিৰক্ষা খণ্ডত উদ্ভাৱনীমূলক প্ৰতিৰক্ষা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা আৰু মানৱ সম্পদৰ উন্নয়ন শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে এক ব্যাপক পন্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰে। তেওঁ জাহাজ নিৰ্মাণৰ বিষয়ত  মন্তব্য কৰি  সেই বিষয়ত নিৰ্ধাৰিত লক্ষ্যসমূহ লাভ কৰা হৈছে নে নাই সেয়া  মূল্যায়ন কৰিবলৈ আহ্বান জনায়। তেওঁ ভাৰতক বন্দৰ উন্নয়নৰ পৰা বন্দৰ নেতৃত্বাধীন উন্নয়নলৈ গতি কৰাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে উৎপাদন গোট  আৰু ৰপ্তানিমুখী  গোটৰ মাজত উন্নত সংযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে, যাতে ভাৰতৰ উৎপাদন আৰু ৰপ্তানি ক্ষমতাই ইয়াৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ পৰা সম্পূৰ্ণৰূপে লাভাৱান্বিত  হ’ব পাৰে।

বৈঠকৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে  কয় যে জটিল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে ভাৰতৰ ভৱিষ্যত গঢ় দিবলৈ সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী, অধিক সমন্বয়, উদ্ভাৱনী চিন্তা আৰু সামূহিক পদক্ষেপৰ প্ৰয়োজনীয়তা আছে ।

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলৰ মাজত অনানুষ্ঠানিক আদান-প্ৰদান আৰু দলীয় মনোভাৱ গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ জ্যেষ্ঠ বিষয়াসকলক কনিষ্ঠ সহকৰ্মীসকলৰ সৈতে অধিক ব্যক্তিগত তথা  অনানুষ্ঠানিক সংযোগ গঢ়ি তুলিবলৈ আৰু কেডাৰ তথা বিভাগসমূহৰ মাজত শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিবলৈ উৎসাহিত কৰে।

সচিবসকলে খণ্ডগত অগ্ৰাধিকাৰ, উদীয়মান প্ৰত্যাহ্বান আৰু কাৰ্যকৰীকৰণৰ বিষয়সমূহৰ বিষয়ত তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰে। বৈঠকত কেবিনেট সচিব, মূল মন্ত্ৰালয় তথা  বিভাগৰ সচিব, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

 

***

MJPS/SS/ST/DM