Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক ইটালীৰ যুদ্ধোত্তৰ ইতিহাসত দীৰ্ঘতম অবিৰতভাবে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নিক ইটালীৰ যুদ্ধোত্তৰ ইতিহাসত দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মাইলৰ খুঁটিটো তেওঁৰ নেতৃত্বৰ ওপৰত ইটালীৰ জনসাধাৰণৰ বিশ্বাসৰ প্ৰতিফলন। তেওঁ লগতে উল্লেখ কৰে যে তেওঁৰ বন্ধুত্বই ভাৰত-ইটালী বিশেষ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, শ্ৰী মোদীয়ে লগতে কয় যে  দুয়োখন দেশৰ জনসাধাৰণৰ বাবে এক সমৃদ্ধিশালী ভৱিষ্যত গঢ়ি তুলিবলৈ তেওঁলোকৰ ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰাখিবলৈ তেওঁ আগ্ৰহী। তেওঁ সমাগত বছৰবোৰত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সফলতা অব্যাহত থকাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

‘মোৰ বন্ধু প্ৰধানমন্ত্ৰী মেল’নিক ইটালীৰ যুদ্ধোত্তৰ ইতিহাসত দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বাবে অভিনন্দন জনাইছো। এই মাইলৰ খুঁটিটো তেওঁৰ নেতৃত্বৰ ওপৰত ইটালীৰ জনসাধাৰণৰ ভৰসা আৰু আত্মবিশ্বাসৰ প্ৰতিফলন। তেওঁৰ বন্ধুত্বই ভাৰত-ইটালী বিশেষ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু মই আমাৰ দেশৰ জনসাধাৰণৰ বাবে এক সমৃদ্ধিশালী ভৱিষ্যত গঢ়ি তোলাৰ বাবে এই ঘনিষ্ঠ সহযোগিতা অব্যাহত ৰখাৰ বাবে আগ্ৰহী।

সমাগত বছৰবোৰত তেওঁৰ সফলতা অব্যাহত থকাৰ বাবে মোৰ শুভেচ্ছা জনালোঁ।

@GiorgiaMeloni”

*****

MJPS/SS/PRK/MK