Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ উপহাৰৰ নিলাম সম্পন্নঃ জনসাধাৰণৰ পৰা ব্যাপক সঁহাৰিঃ নিলামৰ পৰা লাভ কৰা ধন নমামী গংগে আঁচনিত ব্যৱহৃত হ’ব


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইপৰ্যন্ত লাভ কৰা বিভিন্ন উপহাৰসমূহৰ নিলাম প্ৰক্ৰিয়া শনিবাৰে সন্ধিয়া সামৰণি পৰে৷

নিলাম প্ৰক্ৰিয়াই দেশৰ জনসাধাৰণৰ পৰা ব্যাপক সঁহাৰি লাভ কৰে৷ দুটা পৰ্যায়ত এই প্ৰক্ৰিয়া সম্পন্ন হয়৷ এটা হ’ল নেচনেল গেলেৰী অৱ ম’ডাৰ্ণ আৰ্টত আয়োজিত দুদিনীয়া নিলাম আৰু pmmementos.gov.in ৱেৱছাইটৰ জৰিয়তে ই-নিলাম৷

এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ ১৮০০ স্মৃতিচিহ্ন নিলাম হয়৷

নিলামৰ পৰা লাভ কৰা ধন নমামী গংগে আঁচনিৰ দৰে মহৎ কামত ব্যৱহাৰ কৰা হ’ব৷

নিলামৰ কেইটামান গুৰুত্বপূৰ্ণ দিশঃ

নেচনেল গেলেৰী অৱ ম’ডাৰ্ণ আৰ্টত আয়োজিত দুদিনীয়া নিলামত হস্তনিৰ্মিত কাঠৰ বাইকে ৫ লাখ টকা লাভ কৰে৷ একেই পৰিমাণৰ ধন লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অংকন কৰা এখন বিশেষ পেইণ্টিঙে৷

ই-নিলামত চমকপ্ৰদ মূল্য লাভ কৰা কেইটামান উপহাৰ—

• ৫ হাজাৰ টকা মূল্যৰ ভগৱান শিৱৰ এটি মূৰ্তিয়ে নিলামত ১০ লাখ দৰ লাভ কৰে৷ ভিত্তিমূল্যতকৈ ই হ’ল ২০ গুণ অধিক৷

• ৪ হাজাৰ টকাৰ ভিত্তিমূল্যৰ কাঠেৰে নিৰ্মিত অশোক স্তম্ভৰ এটি ৰেপ্লিকা ১৩ লাখত বিক্ৰী হয়৷

• অসমৰ মাজুলীৰ এটি পৰম্পৰাগত শৰাইৰ মূল্য নিলামত ১২ লাখ টকা হয়৷ ইয়াৰ ভিত্তিমূল্য আছিল ২০০০টকা৷

• অমৃতশৰৰ এছজিপিচিৰ পৰা লাভ কৰা এটি বিশেষ উপহাৰে ১০.১ লাখ টকা লাভ কৰে৷ ইয়াৰ ভিত্তিমূল্য আছিল ১০হাজাৰ টকা৷

• ৪হাজাৰ টকাৰ ভিত্তিমূল্যৰ গৌতম বুদ্ধৰ এটি মূৰ্তিয়ে নিলামত ৭ লাখ লাভ কৰে৷

• প্ৰধানমন্ত্ৰী মোদীক নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী সুশীল কৈৰালাই আগবঢ়োৱা এটি বাঘৰ পৰম্পৰাগত পিতলৰ মূৰ্তিৰ মূল্য নিলামত ৫.২০ লাখ স্পৰ্শ কৰে৷

• ১০ হাজাৰ টকা ভিত্তিমূল্যৰ এটি ৰূপৰ কলহে ৬লাখ টকা লাভ কৰে৷

আন বহুতো স্মৃতিচিহ্নই নিলামত ভিত্তিমূল্যতকৈ বহুগুণে অধিক মূল্য লাভ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে আনকি গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতেও এইদৰে উপহাৰৰ নিলাম কৰিছিল৷ উক্ত ধন কন্যা শিশুৰ শিক্ষাৰ নামত ব্যয় কৰা হৈছিল৷ একেই অভ্যাস অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ গংগা নদীৰ স্বচ্ছতাৰ বাবে উপহাৰৰ সামগ্ৰীসমূহ নিলাম কৰে৷

****

AKT/KP/MS