Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ কৃষক কল্যাণ, আধুনিক কৃষি সুবিধা আৰু কৃষি খণ্ডৰ সবলীকৰণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ কৃষক ভাই-ভনীসকল হৈছে দেশৰ খাদ্য সুৰক্ষা, পুষ্টি আৰু সমৃদ্ধিৰ স্তম্ভ। চৰকাৰে তেওঁলোকৰ জীৱন সহজ কৰি তুলিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই। তেওঁ উল্লেখ কৰে যে পিএম-কিষাণ সন্মান নিধি আৰু ফচল বীমা যোজনাৰ দৰে উদ্যোগসমূহে তেওঁলোকৰ উপাৰ্জন সুৰক্ষিত কৰি কৃষিৰ সবলীকৰণ কৰিছে, আনহাতে পিএম-কুসুম আঁচনিখনে সুলভ সৌৰ শক্তি প্ৰদান কৰিছে, যাৰ ফলত কৃষি ব্যয় হ্ৰাস পাইছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে কিষাণ ক্ৰেডিট কাৰ্ডে কৃষক,  পশুপালক আৰু মাছমৰীয়াসকলক সহজ, কম সুতৰ ঋণ প্ৰদান কৰাতো অত্যন্ত লাভজনক বুলি প্ৰমাণিত হৈছে, আনহাতে ‘বীজৰ পৰা বজাৰলৈ’ উদ্যোগটোৱে তেওঁলোকৰ শস্যৰ ন্যায্য মূল্য কাৰ্যকৰীভাৱে নিশ্চিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ কল্যাণ হৈছে সৰ্বোচ্চ অগ্ৰাধিকাৰ, সেয়েহে তেওঁলোকক আধুনিক কৃষি সুবিধা প্ৰদানৰ ওপৰত নিৰন্তৰ গুৰুত্ব দিয়া হৈছে। তেওঁ উল্লেখ কৰে যে ড্ৰোন, ভূমিৰ স্বাস্থ্য কাৰ্ড আৰু প্ৰাকৃতিক সাৰৰ সৈতে জড়িত অভিযানে কৃষকসকলক তেওঁলোকৰ শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰাত সক্ৰিয়ভাৱে সহায় কৰি আছে।

এলানি পোষ্ট প্ৰধানমন্ত্ৰীয়ে এক্স-ত শ্বেয়াৰ কৰেঃ

‘আমাৰ কৃষক ভাই-ভনীসকল হৈছে দেশৰ খাদ্য সুৰক্ষা, পুষ্টি আৰু সমৃদ্ধিৰ স্তম্ভ। আমাৰ চৰকাৰে তেওঁলোকৰ জীৱন যিমান সম্ভৱ সহজ কৰি তুলিবলৈ কোনো প্ৰয়াস এৰি দিয়া নাই। পিএম-কিষাণ সন্মান নিধি আৰু ফচল বীমা যোজনাৰ দৰে কেইবাটাও উদ্যোগে তেওঁলোকৰ উপাৰ্জন সুৰক্ষিত কৰাৰ লগতে কৃষিক অধিক শক্তিশালী কৰি তুলিছে। আনহাতে পিএম-কুসুম আঁচনিখনে তেওঁলোকৰ কৃষিৰ বাবে সৌৰ শক্তি সুলভ কৰি তুলিছে, ই কৃষিৰ ব্যয়ো হ্ৰাস কৰিছে।

#12YearsOfKisanSamriddhi’

‘কিষাণ ক্ৰেডিট কাৰ্ড কৃষক, গৰু’হপালক আৰু মাছমৰীয়াসকলৰ বাবে কৃষি তথা অন্যান্য প্ৰয়োজনীয়তাৰ বাবে কম সুতৰ ঋণ সহজে লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট উপযোগী। আমাৰ ‘বীজৰ পৰা বজাৰলৈ’ উদ্যোগটোৱেও তেওঁলোকৰ শস্যৰ ন্যায্য মূল্য পোৱাৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

#12YearsOfKisanSamriddhi’

‘কৃষকসকলৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিতৰত আছে। সেয়েহে, তেওঁলোকক কৃষি সম্পৰ্কীয় আধুনিক সুবিধা প্ৰদান কৰাটো আমাৰ নিৰন্তৰ গুৰুত্ব হৈ আহিছে। ড্ৰোন, ভুমি স্বাস্থ্য কাৰ্ড আৰু প্ৰাকৃতিক সাৰ অভিযানেও কৃষকসকলক শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰিছে।

#12YearsOfKisanSamriddhi’

***

MJPS/SS/PRK/MK