Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ কৰ্ণাটক ভ্ৰমণ, শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন আৰু দৰ্শনাৰ্থীৰ সৈতে মত বিনিময়

প্ৰধানমন্ত্ৰীৰ কৰ্ণাটক ভ্ৰমণ, শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন আৰু দৰ্শনাৰ্থীৰ সৈতে মত বিনিময়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ কৰ্ণাটক ভ্ৰমণৰ কিছু দৃশ্য শ্বেয়াৰ কৰে।

তেওঁ জানিবলৈ দিয়ে যে কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ শ্ৰী আদিকুঞ্চনগিৰি মহাসমস্থানৰ মঠত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পবিত্ৰ স্থান দেশখনৰ কালজয়ী আধ্যাত্মিক নীতি আৰু সেৱা আৰু জ্ঞানৰ চিৰস্থায়ী পৰম্পৰাৰ এক শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে।

এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জৱালা পীঠ দৰ্শন কৰাৰ লগতে শ্ৰী কালভৈৰৱ মন্দিৰত প্ৰাৰ্থনা কৰে।

তেওঁ লগতে মহামহিম জগদগুৰু পৰমপূজ্য শ্ৰী শ্ৰী বালাংগধৰনাথ মহাস্বামীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ আধ্যাত্মিকতা আৰু সেৱাৰ এক প্ৰতীক আছিল, যাৰ প্ৰশংসনীয় প্ৰচেষ্টাই সমগ্ৰ বিশ্বৰ অসংখ্য জীৱনক স্পৰ্শ কৰিছে।

এক্সৰ একাধিক পোষ্টৰ জৰিয়তে শ্ৰী মোদীয়ে কয়;

আজি পুৱা কৰ্ণাটকৰ মাণ্ডিয়া জিলাৰ শ্ৰী আদিকুঞ্চনগিৰি মহাসমস্থানৰ মঠত শ্ৰী গুৰু ভৈৰৱৈক্য মন্দিৰ উদ্বোধন কৰা হয়।

এই পৱিত্ৰ স্থান আমাৰ ভূমিৰ কালজয়ী আধ্যাত্মিক ভাবধাৰা আৰু সেৱা আৰু জ্ঞানৰ চিৰস্থায়ী পৰম্পৰাৰ এক শ্ৰদ্ধাঞ্জলি স্বৰূপ।

“শ্ৰী আদিকুঞ্চনগিৰি মহাসমস্তন মঠত, জৱালা পীঠাত উপস্থিত হৈ শ্ৰী কালভৈৰৱ মন্দিৰত প্ৰাৰ্থনা কৰে।”

মহামহিম জগদগুৰু পৰমপূজ্য শ্ৰী শ্ৰী শ্ৰী ডঃ বালাংগধৰনাথ মহাস্বামীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁ আধ্যাত্মিকতা আৰু সেৱাৰ এক প্ৰতীক, যি সমাজৰ সৱলীকৰণৰ ক্ষেত্ৰত প্ৰশংসনীয় প্ৰচেষ্টা হাতত লৈছে। তেওঁৰ কৰ্মই সমগ্ৰ বিশ্বৰ অসংখ্য জীৱনক স্পৰ্শ কৰিছে।”

***

MJPS/SS/ST/DB