Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ চাইপ্ৰাছ গণৰাজ্য , কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ (১৫-১৯ জুন, ২০২৫)


চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি  শ্ৰীযুত নিকোছ ক্রিষ্টোডুলিডেছৰ  আমন্ত্ৰণমৰ্মে  ২০২৫ চনৰ ১৫-১৬ জুনত  ভাৰতৰ  প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ ভ্ৰমণ কৰিব। এয়া হ’ব  এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে  বিগত দুটা দশকৰ  ভিতৰত কৰা প্ৰথম  চাইপ্ৰাছ ভ্ৰমণ। নিক’ছিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে  ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ সৈতে  বৈঠকত মিলিত হ’ব আৰু লিমাছোলত ব্যৱসায় ক্ষেত্ৰত  বিশিষ্ট ব্যক্তিসকলৰ সভাত ভাষণ দিব। এই ভ্ৰমণে দুয়ো খন  দেশৰ  মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব  আৰু ভাৰতৰ ভূমধ্যসাগৰীয় অঞ্চল তথা ইউৰোপীয় সংঘৰ সৈতে  থকা সম্পৰ্কক অধিক  শক্তিশালী কৰাৰ  প্ৰতিশ্ৰুতিক অধিক দৃঢ় কৰি তুলিব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণ মৰ্মে  ১৬-১৭ জুনত কানাডাৰ কানানাস্কিছলৈ যাব আৰু  জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীয়ে   জি-৭ শীৰ্ষ সন্মিলনত একেৰাহে ষষ্ঠবাৰৰ বাবে কৰিবলগীয়া অংশগ্ৰহণ। এই সন্মিলনত প্ৰধানমন্ত্ৰীয়ে জি-৭ দেশৰ শীৰ্ষ নেতা, অন্যান্য আমন্ত্ৰিত  দেশৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলৰ সৈতে শক্তি সুৰক্ষা, প্ৰযুক্তি আৰু উদ্ভাৱন, বিশেষকৈ এআই-শক্তিৰ সংযোগ আৰু কোৱাণ্টাম সম্পৰ্কীয় বিষয়সমূহৰ দৰে  গুৰুত্বপূৰ্ণ  বিষয়সমূহকলৈ  মত বিনিময় কৰিব।   শীৰ্ষ সন্মিলনৰ সময়তে প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰিব। 

 

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ক্ৰ’ৱেচিয়া গণৰাজ্যৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেজ প্লেংকোভিচৰ আমন্ত্ৰণমৰ্মে  ২০২৫ চনৰ ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব।  এয়া হ’ব এগৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম  ক্ৰ’ৱেচিয়া ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত  দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাত  এক গুৰুত্বপূৰ্ণ ভূমিকা পালন হ’ব।  প্ৰধানমন্ত্ৰীয়ে ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী প্লেংকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীমান জোৰান মিলানোভিচৰ সৈতেও বৈঠকত মিলিত হব। প্ৰধানমন্ত্ৰী মোদীৰ এই ক্ৰ’ৱেচিয়া ভ্ৰমণে ইউৰোপীয় সংঘৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ যোগাযোগ আৰু অধিক শক্তিশালী  কৰি তুলিব বুলি আশা কৰা হৈছে।

 

****

MJPS/ST/DM