পি এম ইণ্ডিয়া
দুই পবিত্ৰ উপাশনাগৃহৰ তত্বাৱধায়ক সম্ৰাট ছলমান বিন আব্দুলাজিজ অল ছৌদৰ আমন্ত্ৰণ ক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী মহামহিম নৰেন্দ্ৰ মোডীয়ে এক চৰকাৰী ভ্ৰমণসূচী লৈ চলিত বৰ্ষৰ ২৯ অক্টোবৰত ছৌদী আৰব ভ্ৰমণ কৰে।
প্ৰধানমন্ত্ৰীজনৰ ভ্ৰমনকালত দুয়োপক্ষৰ মাজত কেইবলানিও বৈঠক অনুষ্ঠিত হয়। এইসমূহ দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশ আৰু দেশ দুখনৰ নাগৰিকসকলৰ মাজত পুৰাতন কালৰে পৰা অব্যাহত থকা ঘনিষ্ঠ সম্পৰ্ক আৰু বন্ধুত্বসুলভ সম্বন্ধৰ সমীক্ষা কৰা হয়। দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গই পৰস্পৰৰ স্বাৰ্থ বিজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত পৰস্পৰৰ দৃষ্টিভংগীৰ আদান-প্ৰদান কৰে। দুয়ো পক্ষই পৰস্পৰৰ মাজত অব্যাহত থকা অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু সভ্যতাৰ বন্ধনৰে সংস্থাপিত মৈত্ৰী আৰু সহযোগিতাক আৰু অধিক শক্তিশালী আৰু অধিক সক্ৰীয় কৰি তোলাৰ বাবে সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ পোষকতা কৰে।
বৈঠকত দুয়ো পক্ষই ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশ কৰা ‘ৰিয়াধ ঘোষণা পত্ৰ’ত সন্নৱিষ্ট কৌশলগত প্ৰসংগসমূহৰ সন্দৰ্ভত প্ৰদান কৰা পৰস্পৰৰ প্ৰতিশ্ৰুতিবদ্ধতা অটুত আৰু অব্যাহত ৰখাৰ কথা পুনৰবাৰ দোহাৰে। স্মৰ্তব্য, এই প্ৰতিশ্ৰুতি ২০১৪ চনৰ ফেব্ৰুৱাৰীত সম্ৰাট ছলমান বিন আব্দুলাজিজ অল ছৌদৰ ভাৰত ভ্ৰমণ, ২০১৬চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছৌদী আৰব ভ্ৰমণ আৰু ২০১৯চনৰ ফেব্ৰুৱাৰী মাহত ছৌদী যুৱৰাজ, উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষামন্ত্ৰীৰ নতুন দিল্লী ভ্ৰমণৰ সময়তো বাৰম্বাৰ দোহৰা হৈছিল।
দেশ দুখনৰ মাজত স্থাপিত সম্পৰ্কৰ বিশেষ তদাৰকী কৰিব পৰাকৈ এক ‘কৌশলগত সহযোগিতা পৰিষদ’ গঠন কৰিবলৈ লোৱা উদ্যোগত দুয়োখন দেশে সন্তুষ্টি প্ৰকাশ কৰে। এই সম্পৰ্কত যুগুতোৱা নথী-পত্ৰত ছৌদী পক্ষৰ হৈ যুৱৰাজ তথা উপ-ৰাষ্ট্ৰপতি আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্বাক্ষৰ দান কৰাৰ বিপৰীতে ভাৰতৰ হৈ স্বাক্ষৰ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সম্পৰ্কীয় বুজা-বুজিৰ চুক্তি বিনিময়ৰ সময়ত দুয়োখন দেশৰ তৰফৰ পৰা সন্তুষ্টি প্ৰকাশ কৰা হয়।
দেশ দুখনৰ মাজত অব্যাহত থকা ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তাজনিত, প্ৰতিৰক্ষাজনিত, মানৱসম্পদ সংক্ৰান্তীয় দ্বিপাক্ষিক সম্পৰ্ক শেহতীয়া ভাবে অধিক কটকটীয়া হোৱাৰ লগতে নাগৰিকসকলৰ মাজতো মিলা-মিচাৰ পৰিসৰ সম্প্ৰসাৰিত হোৱা কথাত পৰস্পৰে পৰস্পৰৰ শলাগ লোৱাৰ লগতে সন্তুষ্টিও প্ৰকাশ কৰে। বিশ্ব শান্তি, সুস্থিৰতা, নিৰাপত্তাৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ লগতে পৰ্স্পৰৰ স্বাৰ্থ বিজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত উচ্চ পৰ্যায়ৰ পৰামৰ্শৰ আদান-প্ৰদান আৰু তদাৰকীৰ ব্যৱস্থা হোৱাৰ বাবে দুয়ো পক্ষই সন্তুষ্টি প্ৰকাশ কৰে।
যুৱৰাজ মহামহিম মহম্মদ বিন ছলমান বিন আব্দুলাজিজ অল ছৌড, উপ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাত্ কৰে। দ্বিপাক্ষিক বিষয়সমূহৰ সন্দৰ্ভত বিস্তৃত ভাবে মত বিনিময় কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ বন্ধুত্বমূলক আৰু সহযোগিতাপূৰ্ণ সম্পৰ্ক অধিক প্ৰগাঢ় হোৱাত সন্তুষ্টি প্ৰকাশ কৰে দুয়োগৰাকী নেতাই। ২০১৬ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছৌদী আৰব আৰু ছৌদী আৰবৰ যুৱৰাজে ২০১৯চনৰ ফেব্ৰুৱাৰী মাহত কৰা ভাৰত ভ্ৰমণৰ পৰৱৰ্তী কালত দেশ দুখনৰ মাজৰ সম্পৰ্কৰ প্ৰভূত উন্নতি ঘটাৰ লগতে বিভিন্ন ক্ষেত্ৰত পৰস্পৰৰ সহযোগিতা লক্ষণীয়ভাবে বৃদ্ধি হোৱাৰ ফলত উভয় দেশেই লাভান্বিত হোৱাৰ কথা উল্লেখ কৰে দুয়োগৰাকী নেতাই।
পৰস্পৰৰ স্বাৰ্থ বিজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত সহযোগিতাৰ পোষকতা কৰাৰ বিপৰীতে নেতা দ্বয়ে কোনো পৰিস্থিতিতে পৰস্পৰৰ আভ্যন্তৰীণ প্ৰসংগত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আহিব পৰা ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে দায়বদ্ধতা স্বীকাৰ কৰাৰ প্ৰসংগিকতাও দোহাৰে। তেওঁলোকে ছিৰিয়াৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গ্ৰহণ কৰা ২২৫৪নং প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে য়েমেনৰ সংহতি অক্ষুন্ন ৰাখি দেশখনৰ সুৰক্ষা আৰু সুস্থিৰতা বাহাল ৰখাত গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে ‘য়েমেনী নেশ্যনেল ডায়লগ’ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মাজত হোৱা আলোচনা মৰ্মে গ্ৰহণ কৰা ২২১৬নং সিদ্ধান্ত মৰ্মে য়েমেনী সংকটৰ এক সমাধান সূত্ৰ বিচাৰি উলিয়াটো গুৰুত্ব আৰোপ কৰে। সেইদৰে আৰব শান্তি উদ্যোগৰ আধাৰত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰস্তাৱ মৰ্মে পেলেষ্টাইনত ন্যায়সংগত, বিস্তৃত আৰু দীৰ্ঘ ম্যাদী শান্তিৰ পথ প্ৰশস্থ হ’ব বুলি আশা প্ৰকাশ কৰে নেতাদুগৰাকীয়ে। তেওঁলোকে পেলেষ্টাইনী নাগৰিকৰ নৈতিক আধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ ১৯৬৭ চনৰ সীমান্ত স্বীকাৰ কৰি, জেৰুজালেমক ৰাজধানী হিচাপে লৈ এখন স্বধীন ৰাষ্ট্ৰ স্থাপন কৰাৰো পোষকতা কৰে।
ভাৰত মহাসাগৰ আৰু উপসাগৰীয় এলেকাত সৃষ্টি হোৱা ভাবুকি আৰু বিপদসংকূলতাই যাতে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাকে ধৰি অন্যান্য স্বাৰ্থসমূহ বিঘ্নিত কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জলপথসমূহৰ সৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণ ঘটোৱাতো গৰুত্ব আৰোপ কৰা হয়।
আজিৰ পৰিস্থিতিত উগ্ৰবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপে সকলো ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতিয়ে ভাবুকিৰ সৃষ্টি কৰিছে বুলি সহমত ব্যক্ত কৰে দেশদুখনে। তেওঁলোকে আৱশ্যে সমগ্ৰ বিশ্ববাসীৰ বাবেই ভাবুকীৰ সৃষ্টি কৰা এই দুই ব্যাধিৰ সৈতে কোনো ধৰ্ম, সম্প্ৰদায় কিম্বা জাতি-জনগোষ্ঠীক জগৰীয়া কৰাৰ প্ৰৱণতাকো একে মুখে খাৰিজ কৰে। সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে থিয় দিয়া দেশ দুখনে আনদেশৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাব পৰাকৈ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনকে ধৰি যিকোনো অস্ত্ৰ যাতে উপলব্ধ নহয় সেই কথা নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰে।
ৰাজতন্ত্ৰখনৰ আসামৰিক এলেকাত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপক ভাৰতীয় পক্ষই কঠোৰ ভাষাৰে গৰিহণা দিয়ে। ইফালে ৰাষ্ট্ৰসংঘই স্থাপন কৰা ‘সন্ত্ৰাসবাদ বিৰোধী কেন্দ্ৰ’ত সক্ৰীয় ভাবে সহযোগিতা আগবঢ়োৱাৰ লগতে সন্ত্ৰাসবাদ বিৰোধী অভিযানক শক্তিশালী কৰা, এই সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান কৰা, দক্ষতা বৃদ্ধি কৰা আৰু আন্তঃ-ৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে চলোৱা অভিযানত সহযোগিতা বৃদ্ধি কৰাৰ বাবে দুয়োখন দেশে সহমত ব্যক্ত কৰে।
দুয়োখন দেশত ইতিবাচক ভাবে সম্পাদিত হোৱা অৰ্থনৈতিক ৰূপান্তৰৰ সমীক্ষা কৰাৰ লগতে দেশ দুখনে কৌশলগত সহযোগিতাৰ পৰিসৰ আৰু অধিক হৰত বৃদ্ধিৰ বাবে বাণিজ্য আৰু বিনিয়োগৰ পৰিসৰ সম্প্ৰসাৰিত কৰাতো দেশ দুখনে গুৰুত্ব প্ৰদান কৰে। শেহতীয়া বছৰ দিয়েকত সম্পাদিত দ্বিপাক্ষিক বাণিজ্যৰ ইতিবাচক ধাৰাক লৈ দুয়ো পক্ষই সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ছৌদী আৰবে গ্ৰহণ কৰা ‘ভিছন ২০৩০’ৰ আধাৰত অনাগত সময়তো দেশ দুখনৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ হাৰ অধিক পৰিসৰত সম্প্ৰসাৰিত কৰিবলৈ সহমত ব্যক্ত কৰা হয়। দুয়োটা পক্ষই নিজ নিজ দেশৰ ব্যৱসায়ীজগতক দুয়োখন দেশত, বিশেষকৈ আন্তঃগাঁথনি নিৰ্মাণ, খনিজ আহৰণ, পুনৰনবীকৰণযোগ্য শক্তিকে ধৰি অন্যান্য শক্তিৰ আহৰণ, কৃষি, প্ৰযুক্তিৰ হস্তান্তৰ, তথ্য-প্ৰযুক্তি খণ্ড সন্দৰ্ভত দক্ষতা থকা মানৱ সম্পদৰ সৰবৰাহ, বৈদ্যুতীন আৰু দূৰ-সংযোগ খণ্ডত সৃষ্টি হোৱা বাণিজ্যিক সম্ভাৱনাৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীজনৰ ভ্ৰমণ কালত দুয়োখন দেশৰ মাজত বাণিজ্যক আৰু বিনিয়োগ সহযোগিতা সম্প্ৰসাৰিত কৰিব পৰাকৈ শক্তি, বিমান পৰিবহণ, নিৰাপত্তা সহযোগিতা, প্ৰতিৰক্ষা, ৰু-পে’ কাৰ্ডৰ প্ৰচলন আৰম্ভ কৰা আৰু ঔষধ সামগ্ৰীৰ বিধি-নিয়ম আদি সম্পৰ্কীয় বহুকেইখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হয়।
ভ্ৰমণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ লগতে তেওঁৰ সৈতে যোৱা প্ৰতিনিধিবৰ্গৰ প্ৰতি ছৌদী প্ৰশাসন আৰু নাগৰিকসকলে আগবঢ়োৱা আতিথ্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতাও জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২০ বৰ্ষৰ বাবে ‘জি-২০’ সন্মিলনৰ অধ্যক্ষতা কৰিব লগা ছৌদী আৰবৰ প্ৰতি পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ ‘জি-২০’ৰ ৰিয়াধত অনুষ্ঠিতব্য শীৰ্ষ সন্মিলনখন উপস্থিত থকাৰো আশা ব্যক্ত কৰে। প্ৰসংগক্ৰমে তেওঁ ‘জি-২০’ৰ সাংগঠনিক ক্ষেত্ৰত ছৌদী আৰবে গ্ৰহণ কৰা ভূমিকাৰো ভূয়সী প্ৰশংসা কৰে।
দুই পবিত্ৰ উপাশনাগৃহৰ তত্বাৱধায়ক ছৌদী সম্ৰাটগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সু-স্বাস্থ্য আৰু সুখী জীৱন কামনা কৰাৰ লগতে বন্ধুভাৱাপন্ন ভাৰতবাসীৰ প্ৰগতি আৰু সমৃদ্ধিৰ কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।
ইফালে, পৰস্পৰৰ স্বাৰ্থ বিজড়িত প্ৰসংগসমূহৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগ সন্দৰ্ভত দুয়োখন দেশৰ মাজত অব্যাহত থকা দ্বিপাক্ষিক আলোচনাৰ পূৰ্ণতা প্ৰদান কৰিব পৰাকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণলৈ জনোৱা নিমন্ত্ৰণক দুই পবিত্ৰ উপাশনাগৃহৰ তত্বাৱধায়ক ছৌদী সম্ৰাটগৰাকীয়ে আদৰণি জনায়।
***
VRRK/SH/AK/KB