পি এম ইণ্ডিয়া
মই আজি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু আনোৱাৰা ইব্ৰাহিমৰ আমন্ত্ৰণমৰ্মে দেশখনলৈ চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো।
বিগত বছৰকেইটাত ভাৰত আৰু মালয়েছিয়াৰ ঐতিহাসিক সম্পৰ্কই নিৰন্তৰ অগ্ৰগতি লাভ কৰিছে। মই প্ৰধানমন্ত্ৰী আনোৱাৰা ইব্ৰাহিমৰ সৈতে মোৰ আলোচনা আৰু আমাৰ বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী সম্প্ৰসাৰণৰ বাবে আগ্ৰহী হৈ উঠিছো। আমাৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা আৰু সুৰক্ষা সম্পৰ্কক গভীৰ কৰা, আমাৰ অৰ্থনৈতিক আৰু উদ্ভাৱন অংশীদাৰিত্বৰ সম্প্ৰসাৰণ ঘটোৱা তথা নতুন ক্ষেত্ৰসমূহত সহযোগিতাক প্ৰসাৰিত কৰা।
মই তদুপৰি মালয়েছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মিলিত হ’বলৈ উদগ্ৰীৱ হৈ পৰিছো। প্ৰায় ৩ নিযুত সংখ্যাৰে তেওঁলোকে বিশ্বৰ অন্যতম সৰ্ববৃহৎ প্ৰবাসী ভাৰতীয় সমাজক প্ৰতিনিধিত্ব কৰে। মালয়েছিয়াৰ প্ৰগতিলৈ তেওঁলোকৰ অসামান্য অৱদান আৰু আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত এখনি জীৱন্ত সেতু হিচাপে তেওঁলোকৰ ভূমিকাই হৈছে আমাৰ ঐতিহাসিক বন্ধুত্বৰ আধাৰ।
****
MJPS/VJ/SB
At the invitation of my friend, Prime Minister Anwar Ibrahim, I will be visiting Malaysia, a nation with which India’s ties are deep-rooted and extensive. This visit will boost our Comprehensive Strategic Partnership and enhance cooperation across sectors.
— Narendra Modi (@narendramodi) February 7, 2026
Malaysia is home to a…