Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ লাডাখৰ লেহ ভ্ৰমণ

প্ৰধানমন্ত্ৰীৰ লাডাখৰ লেহ ভ্ৰমণ

প্ৰধানমন্ত্ৰীৰ লাডাখৰ লেহ ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখৰ লেহত উপস্থিত হয়৷ তাতে তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা মুকলি কৰে৷

প্ৰবল শীততো উপস্থিত ভীৰ জনসমাগমৰ প্ৰতি উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আপোনালোকে এই কঠিন পৰিস্থিতিতো জীৱন-নিৰ্বাহ কৰিছে আৰু প্ৰতিদিনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ আপোনালোকৰ স্নেহে মোক কঠোৰ পৰিশ্ৰম কৰিবলৈ উদগনি জনাইছে৷’’

লাডাখত লাডাখ বিশ্ববিদ্যালয় মুকলি কৰি তেওঁ কয়, ‘‘লাডাখৰ ৪০% জনতাই হ’ল যুৱ শিক্ষাৰ্থীসকল৷ এই অঞ্চলত বিশ্ববিদ্যালয় স্থাপনৰ দাবী বহুদিনৰে পৰা উত্থাপন হৈ আছিল৷ এই বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে সেই দীৰ্ঘদিনীয়া দাবী পূৰণ হ’ল৷’’ এই বিশ্ববিদ্যালয়খন লেহ, কাৰ্গিল, নুব্ৰা, জানস্কাৰ, ড্ৰাছ আৰু খালটছি অঞ্চলৰ স্নাতক মহাবিদ্যালয়ৰসমূহৰ বাবে ক্লাষ্টাৰ বিশ্ববিদ্যালয় হিচাপে পৰিচিত হ’ব আৰু শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে লেহ আৰু কাৰ্গিলত ইয়াৰ প্ৰশাসনিক কাৰ্যালয় স্থাপন কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে দাটাং গাঁৱৰ নিকটৱৰ্তী ডাহত ৯ মেগাৱাটৰ হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্প তথা ২২০ কেভি শ্ৰীনগৰ- আলুষ্টেং-ড্ৰাছ-কাৰ্গিল-লেহ সংবহন ব্যৱস্থাও মুকলি কৰে৷ এই প্ৰকল্পসমূহ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি লেহেমীয়া সংস্কৃতি পৰিহাৰ কৰিছো৷’’ তেওঁ কয় যে তেওঁৰ চৰকাৰে এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ নিশ্চিতি প্ৰদান কৰাৰ লগতে যিবোৰ প্ৰকল্পৰ আজি তেওঁ আধাৰশিলা স্থাপন কৰিছে সেই প্ৰকল্পসমূহৰ মুকলিও তেওঁৱেই কৰিব বুলি মন্তব্য কৰে৷

লাডাখত পাঁচটা নতুন পৰ্যটন আৰু ট্ৰেকিং পথো মুকলি কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে বিলাসপুৰ-মানালি-লেহ ৰে’ল লাইন সম্পূৰ্ণ হোৱাৰ পিছত দিল্লীৰ পৰা লেহলৈ দূৰত্ব ভালোখিনি হ্ৰাস হ’ব৷

প্ৰধানমন্ত্ৰীয়ে লেহত কুশ্বক বাকুলা ৰিমপ’চী (কেবিআৰ) বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ এই নতুন টাৰ্মিনেলটো আধুনিক সা-সুবিধাৰে সজ্বিত হ’ব৷

ইয়াৰোপৰি সুৰক্ষিত স্থানৰ পাৰ্মিটৰ সময়সীমা ১৫ দিনলৈ বৃদ্ধি কৰাৰ ফলত পৰ্যটকসকলে এতিয়া লেহত দীঘলীয়া সময়ৰ বাবে আনন্দ উপভোগ কৰিব পাৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এলএএইচডিচি আইনত কিছুমান পৰিৱৰ্তন কৰা হৈছে আৰু আয়োগক ব্যয় সংক্ৰান্তীয় কেতবোৰ অধিকাৰ প্ৰদান কৰা হৈছে৷ এতিয়া স্বায়ত্ব শাসন পৰিষদে অঞ্চলটোৰ বিকাশৰ বাবে ধন সহজে মুকলি কৰিব পাৰিব৷

অন্তৱৰ্তীকালীন বাজেটৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে ৩০%লৈ আৱণ্টন বৃদ্ধি কৰা হৈছে আৰু অনুসূচীত জাতিৰ কল্যাণৰ বাবে প্ৰায় ৩৫% পৰ্যন্ত আৱণ্টন বৃদ্ধি কৰা হৈছে৷

***

AKT/AK/MANN