Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ শ্বেয়াৰ কৰিলে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ এছ এছৰ উল্লেখনীয় অৱদানৰ বিষয়ে আলোকপাত কৰি পৰম পূজ্য সৰসংঘচালক ড° মোহন ভাগৱত জীৰ প্ৰেৰণাদায়ক ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দেশৰ বাবে ১০০ বছৰীয়া নিষ্ঠাবান সেৱা সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। পৰম পূজ্য সৰসংঘচালক ড০ মোহন ভাগৱত জীয়ে আগবঢ়োৱা প্ৰেৰণাদায়ক ভাষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা তথা ভাৰতৰ সভ্যতাৰ  মূল্যবোধক লালন-পালনৰ ক্ষেত্ৰত  সংঘৰ অটল দায়বদ্ধতাৰ বিষয়ে  আলোকপাত কৰে।

এক্সত  আৰএছএছৰ পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখিছে:

“ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰ এছ এছৰ উল্লেখনীয়  অৱদানৰ বিষয়ে  আলোকপাত কৰি আৰু গৌৰৱৰ নতুন উচ্চতা লাভ কৰিবলৈ আমাৰ ভূমিৰ আজন্ম সম্ভাৱনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি পৰম পূজ্য সৰসংঘচালক ড০ মোহন ভাগৱত জীৰ এক প্ৰেৰণাদায়ক ভাষণ, ইয়াৰ দ্বাৰা আমাৰ সমগ্ৰ গ্ৰহটো উপকৃত হ’ব।

#RSS100Years”

 

MJPS/SR/DM