Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানীৰ চেঞ্চেলৰৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ ফেডাৰেল ৰিপাব্লিকৰ চেঞ্চেলৰ মাননীয় ফ্ৰেডৰিক মাৰ্জৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

 

দুয়োগৰাকী নেতাই ভাৰত-জাৰ্মানী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু দ্বিপাক্ষিক সম্পৰ্কৰ নিৰন্তৰ গতিত সন্তুষ্টি প্ৰকাশ কৰে। ভাৰত আৰু জাৰ্মানীয়ে চলিত বৰ্ষত কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ্তি উদযাপন কৰাৰ সময়ত নেতাদ্বয়ে প্ৰতিৰক্ষা আৰু উন্নত প্ৰযুক্তিকে ধৰি মুখ্য খণ্ডসমূহত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে উল্লেখ কৰে যে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্যিক চুক্তিয়ে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সম্প্ৰসাৰণৰ বাবে কেইবাটাও নতুন সুযোগ মুকলি কৰিব।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় ঘটনাৱলীৰ সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকে বিশ্ব শান্তি, সুস্থিৰতা আৰু নিয়ম-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰচাৰৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে সহমত পোষণ কৰে। নেতাদ্বয়ে সমসাময়িক গোলকীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে বহুপাক্ষিক মঞ্চত নিৰন্তৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 

 

MJPS/SS/PRK/MK