পি এম ইণ্ডিয়া
নমস্কাৰ মোৰ প্ৰিয় দেশবাসী! ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে আমাৰ যুঁজ এতিয়াও অব্যাহত আছে। বিশ্বখনৰ বহু দেশৰ দৰে, ভাৰতেও এই যুঁজখনত বহু কষ্ট ভোগ কৰিবলগীয়া হৈছে। আমাৰ বহুতেই আমাৰ আত্মীয় আৰু সুপৰিচিত ব্যক্তিসকলক হেৰুৱাইছে। এনে সকলো পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
বন্ধুসকল,
এয়া হৈছে যোৱা ১০০ বছৰৰ সৰ্ব-বৃহৎ মহামাৰী আৰু দুঃখজনক ঘটনা। আধুনিক বিশ্বখনে এনে এটা মহামাৰী দেখাও নাছিল তথা ইয়াৰ অভিজ্ঞতা লাভ নকৰিছিল। এনে এটা ব্যাপক বিশ্ব মহামাৰীৰ বিৰুদ্ধে আমাৰ দেশে সমন্বিতভাৱে বহু দিশত যুঁজ দিছে। যোৱা ডেৰটা বছৰত দেশখনত ক’ভিড চিকিৎসালয় নিৰ্মাণৰপৰা আৰম্ভ কৰি আইচিইউ বেডৰ সংখ্যা বৃদ্ধিলৈকে, ভাৰতত ভেন্টিলেটৰ গঢ়াৰপৰা টেষ্টিং লেবৰ এটা বৃহৎ নেটৱৰ্ক গঢ়ি তোলালৈকে এটা নতুন স্বাস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। দ্বিতীয়টো ঢৌৰ সময়ত এপ্ৰিল আৰু মে’ মাহত ভাৰতত মেডিকেল অক্সিজেনৰ চাহিদা অপ্ৰত্যাশিতভাৱে বৃদ্ধি পাইছিল। এনে পৰিমাণৰ মেডিকেল অক্সিজেনৰ প্ৰয়োজন হোৱাৰ তথ্য ভাৰতৰ ইতিহাসত পাবলৈ নাই। এই চাহিদা পৰিপূৰণ কৰিবলৈ যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰচেষ্টা গ্ৰহণ কৰা হয়। চৰকাৰখনৰ সমগ্ৰ ব্যৱস্থাটো এই ক্ষেত্ৰত জড়িত হৈ পৰে। অক্সিজেন ৰেল মোতায়েন কৰা হয়, বায়ু সেনাৰ বিমান ব্যৱহাৰ কৰা যায় আৰু নৌ সেনাক মোতায়েন কৰা হয়। অতি চমু সময়ৰ ভিতৰতে লিকুইড মেডিকেল অক্সিজেনৰ উৎপাদন ১০ গুণৰো অধিক বৃদ্ধি কৰা হয়। বিশ্বখনৰ কোনো অংশৰপৰা লাভ কৰিব পৰা যায় নেকি, সেই ক্ষেত্ৰত সকলো প্ৰচেষ্টা অৱলম্বন কৰা যায়। সমান্তৰালভাৱে, অত্যাৱশ্যকীয় মেডিচিনৰ উৎপাদন বহুগুণে বৃদ্ধি কৰা হয় আৰু বিদেশৰ কোনো স্থানত উপলব্ধসমূহক আনিবলৈ কোনো প্ৰচেষ্টা গ্ৰহণ বাকী ৰখা হোৱা নাই।
বন্ধুসকল,
ক’ৰোনাৰ দৰে এটা অদৃশ্যমান আৰু পৰিৱৰ্তিত শত্ৰুৰ বিৰুদ্ধে যুঁজখনত অতিশয় ফলপ্ৰসূ অস্ত্ৰ হৈছে ক’ভিড প্ৰট’কল, মাস্কৰ ব্যৱহাৰ, দুই গজ দূৰত্ব বজাই ৰখা আৰু আন সকলো সতৰ্কতা অৱলম্বন কৰা। এই যুঁজত ভেকচিনটো হৈছে আমাৰ বাবে সুৰক্ষা কৱচৰ দৰে। আজি সমগ্ৰ বিশ্বখনতে ভেকচিনসমূহৰ বাবে চাহিদাৰ তুলনাত, এয়া উৎপাদন কৰা দেশ আৰু কোম্পানীৰ সংখ্যা নগন্য। এই সংখ্যা গণনা কৰিব পাৰি। কল্পনা কৰকচোন যদি আমি ভাৰতত ভেকচিনসমূহৰ বিকাশ সাধন নকৰিলোহেঁতেন, আজি ভাৰতৰ দৰে এখন বৃহৎ দেশত কেনে অৱস্থাৰ সৃষ্টি হ’লহেঁতেন? যদি আপোনালোকে যোৱা ৫০-৬০ বছৰৰ ইতিহাস প্ৰত্যক্ষ কৰে, আপোনালোক অৱগত হ’ব যে বিদেশৰপৰা ভেকচিন এটা লাভ কৰিবলৈ ভাৰতক কেইবা দশক লাগিছিল। আনকি বিদেশত ভেকচিনৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতো আমাৰ দেশত টীকাকৰণৰ কাম আৰম্ভ কৰিবপৰা নহ’লহেঁতেন। পলিঅ’ৰ ক্ষেত্ৰতেই হওঁক, সৰু আইৰ ক্ষেত্ৰতেই হওঁক বা হেপাটাইটিছ বি ভেকচিনৰ ক্ষেত্ৰতেই হওঁক, দেশবাসীয়ে কেইবা দশক ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। দেশবাসীয়ে আমাক ২০১৪ ত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰোতে, তেতিয়া ভাৰতৰ টীকাকৰণ ক’ভাৰেজ আছিল মাথো প্ৰায় ৬০ শতাংশ। আৰু আমাৰ দৃষ্টিত, এয়া আছিল গভীৰ উদ্বেগৰ বিষয়। যিটো হাৰত ভাৰতৰ টীকাকৰণ কাৰ্য্যক্ৰম আগবাঢ়িছিল, সেই গতিৰে ১০০% টীকাকৰণ ক’ভাৰেজৰ লক্ষ্যত উপনীত হ’বলৈ দেশখনক অতি কমেও ৪০ বছৰ লাগিলহেঁতেন। আমি এই সমস্যা সমাধানৰ অৰ্থে মিছন ইন্দ্ৰধনুষৰ শুভাৰম্ভ কৰো। আমি সিদ্ধান্ত লৈছিলো যে মিছন ইন্দ্ৰধনুষৰ জৰিয়তে যুদ্ধকালীন ক্ষীপ্ৰতাৰে টীকাকৰণৰ কাম আগবঢ়াই নিয়া হ’ব আৰু ভেকচিনৰ প্ৰয়োজন হোৱাসকলক এয়া প্ৰদান কৰিবলৈ প্ৰচেষ্টা অৱলম্বন কৰা যাব। আমি মিছন ম’ডত কাম আৰম্ভ কৰো আৰু মাত্ৰ ৫-৬ বছৰতে টীকাকৰণ ক’ভাৰেজ ৬০ শতাংশৰপৰা ৯০ শতাংশৰোধিকলৈ বৃদ্ধি হয়। আমি এনেদৰেই টীকাকৰণ কাৰ্য্যক্ৰমটোৰ গতি তথা একেদৰে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি তোলো।
বহু প্ৰাণঘাতী ৰোগৰপৰা শিশুসকলক সুৰক্ষিত কৰিবলৈ ভাৰতৰ টীকাকৰণ অভিযানৰ অংশস্বৰূপে আমি তদুপৰি বহু নতুন ভেকচিন যুগুত কৰো। আমি এনে কৰাৰ কাৰণ আছিল আমি শিশু, দৰিদ্ৰ আৰু ভেকচিন লাভ নকৰা দৰিদ্ৰ লোকৰ সন্তানক লৈ চিন্তিত হৈছিলো। আমাক ক’ৰোনাভাইৰাছটোৱে প্ৰভাৱিত কৰোতেই আমি ১০০% টীকাকৰণ ক’ভাৰেজৰ অভিমুখে অগ্ৰসৰ হৈছিলো। ভাৰতে কিদৰে এনে বৃহৎ জনসমষ্টিক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব, সেই সন্দৰ্ভত কেৱল দেশখনতেই নহয় বৰঞ্চ বিশ্বখনত শংকাৰ উদয় হৈছিল? কিন্তু বন্ধুসকল, যেতিয়া অভিপ্ৰায় শুদ্ধ হয়, নীতি স্পষ্ট হয় আৰু নিৰন্তৰ কঠোৰ শ্ৰম কৰিলে, ভাল ফলাফলো আশা কৰিব পাৰি। প্ৰতিটো আশাংকা একাষৰীয়া কৰি ৰাখি, ভাৰতে এবছৰৰ ভিতৰত এটা নহয় দুটা ‘মেড ইন ইণ্ডিয়া’ ভেকচিনৰ শুভাৰম্ভ কৰে। আমাৰ দেশ আৰু দেশখনৰ বিজ্ঞানীসকলে ভাৰত যে উন্নত দেশসমূহতকৈ পাছ পৰি থকা নাই, সেয়া দেখুৱাবলৈ সক্ষম হৈছে। মই আপোনালোকক বক্তব্য আগবঢ়োৱা আজিৰ দিনটোত দেশখনত ২৩ কোটিৰো অধিক পালি ভেকচিন প্ৰদান কৰা হৈছে।
বন্ধুসকল,
বিশ্বাসেই সিদ্ধি অৰ্থাৎ যদি আমাৰ নিজৰ ওপৰত বিশ্বাস থাকে, তেতিয়া আমি আমাৰ প্ৰচেষ্টাত সফল হোৱাতো নিশ্চিত। আমাৰ বিজ্ঞানীসকলে অতি চমু সময়ৰ ভিতৰত ভেকচিনসমূহৰ বিকাশ সাধন কৰিবলৈ সক্ষম হ’ব বুলি আমাৰ বিশ্বাস আছিল। এই বিশ্বাসৰ বাবেই, আমাৰ বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা কৰ্মেৰে ব্যস্ত হৈ থকা সময়তে, আমি লজিষ্টিক আৰু আন প্ৰস্তুতি আৰম্ভ কৰিছিলো। আপোনালোক সকলোৰে জ্ঞাত যে যোৱা বৰ্ষৰ এপ্ৰিলত ক’ৰোনাৰ ঘটনা মাথো কেইবা হাজাৰমান থাকোতেই ভেকচিন টাস্ক ফ’ৰ্চ গঠন কৰা হৈছিল। চৰকাৰখনে ভাৰতীয় কোম্পানীসমূহক ভেকচিন প্ৰস্তুতত সকলো ধৰণেৰেই সহায় আগবঢ়াইছিল। ভেকচিনৰ প্ৰস্তুতকৰ্তাসকলক ক্লিনিকেল ট্ৰায়েল, গৱেষণাত সহায় কৰা যায় আৰু বিকাশ সাধনত পুঁজি যোগান ধৰা হয় আৰু প্ৰতিটো স্তৰত চৰকাৰখনে তেওঁলোকৰ হাতে হাত ধৰি আগবাঢ়িছিল।
আত্ম নিৰ্ভৰ ভাৰত পেকেজৰ অধীনত মিছন ক’ভিড সুৰক্ষাৰ জৰিয়তে তেওঁলোকলৈ কেইবা হাজাৰ কোটি টকাও উপলব্ধ কৰি তোলা হৈছিল। নিৰন্তৰ প্ৰচেষ্টা আৰু কঠোৰ শ্ৰমৰ পৰিপ্ৰেক্ষিতত, অহা দিনসমূহত ভেকচিনৰ যোগান অধিক বৃদ্ধি পাব। আজি, দেশখনৰ সাতটা কোম্পানীয়ে ভিন্ন প্ৰকাৰৰ ভেকচিন উৎপাদন কৰি আছে। তিনিটা ভেকচিনৰ পৰীক্ষণ বহু আগবাঢ়ি আহিল। দেশখনত ভেকচিনসমূহৰ উপলব্ধতা বৃদ্ধি কৰি তুলিবলৈ বিদেশী কোম্পানীসমূহৰপৰা ভেকচিনসমূহৰ ক্ৰয় প্ৰক্ৰিয়াও বৃদ্ধি কৰি তোলা হৈছে। শেহতীয়াভাৱে, একাংশ বিশেষজ্ঞই আমাৰ শিশুহঁতক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ অৰ্থে দুটা ভেকচিনৰ পৰীক্ষণ দ্ৰুত গতিত অব্যাহত আছে। ইয়াৰোপৰি, এটা ‘নাছাল’ ভেকচিনক লৈয়ো দেশখনত গৱেষণা অব্যাহত আছে। ছিৰিঞ্জৰ পৰিৱৰ্তে, ইয়াক নাকত দি দিয়া যাব। যদি অদূৰ ভৱিষ্যতে দেশখনে এই ভেকচিনটোৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰে, তেতিয়া ই ভাৰতৰ ভেকচিন অভিযানক অধিক ত্বৰান্বিত কৰিব।
বন্ধুসকল,
এনে এক চমু সময়ৰ ভিতৰতে ভেকচিন এটাৰ বিকাশ সাধন সমগ্ৰ মানৱ জাতিৰ বাবেই এটা বৃহৎ সফলতা। তথাপি ইয়াৰো সীমাবদ্ধতা আছে। ভেকচিনটোৰ বিকাশ সাধনৰ পাছতো, বিশ্বখনৰ কম সংখ্যক দেশতহে টীকাকৰণ আৰম্ভ হৈছে আৰু মাথো সমৃদ্ধিশালী দেশসমূহতহে ইয়াৰ সূচনা হৈছে। টীকাকৰণ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই নীতি-নিৰ্দেশনা প্ৰদান কৰিছে। বিজ্ঞানীসকলে টীকাকৰণৰ অৰ্থে ৰূপৰেখা অংকন কৰি দিছে। ভাৰতে আন দেশসমূহৰ উত্তম পন্থাসমূহৰ আধাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড অনুসৰি পৰ্য্যায়ভিত্তিকভাৱে টীকাকৰণ সম্পন্নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰখনে মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত ভিন্ন বৈঠকসমূহৰপৰা লাভ কৰা পৰামৰ্শ আৰু সংসদৰ ভিন্ন দলসমূহৰ সতীৰ্থসকলৰপৰা লাভ কৰা পৰামৰ্শসমূহত পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে। মাথো ইয়াৰ পাছতহে, ক’ৰোনাৰপৰা অধিক বিপদ সংকুল সকলক অগ্ৰাধিকাৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা যায়। যাৰ বাবে স্বাস্থ্য কৰ্মী, ফ্ৰন্টলাইন কৰ্মী, ৬০ বছৰ বয়সৰ উৰ্ধ নাগৰিক আৰু ৰোগসমূহত আক্ৰান্ত ৪৫ বছৰ বয়সৰ উৰ্ধ নাগৰিকক অগ্ৰাধিকাৰমূলকভাৱে ভেকচিন প্ৰদান আৰম্ভ কৰা যায়। আপোনালোক কল্পনা কৰকচোন যদিহে ক’ৰোনাৰ দ্বিতীয়টো ঢৌৰ পূৰ্বে আমাৰ ফ্ৰন্টলাইন কৰ্মীসকলক ভেকচিন প্ৰদান কৰা নহ’লহেঁতেন, তেতিয়া কেনে পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন? কল্পনা কৰকচোন, যদিহে আমাৰ চিকিৎসক আৰু নাৰ্ছিং ষ্টাফক ভেকচিন প্ৰদান কৰা নহ’লহেঁতেন, তেতিয়া কেনে পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন? চিকিৎসালয়সমূহ পৰিস্কৰণত নিযুক্ত আমাৰ ভাতৃ আৰু ভগ্নীসকল আৰু আমাৰ এম্বুলেন্স চালকসকলক যদিহে ভেকচিন প্ৰদান কৰা নহ’লহেঁতেন, তেতিয়া কেনে পৰিস্থিতিৰ উদ্ভৱ হ’লহেঁতেন? স্বাস্থ্য কৰ্মীসকলৰ টীকাকৰণৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আনৰ যতন ল’বলৈ সক্ষম হৈছে আৰু কেইবা নিযুত দেশবাসীৰ জীৱন ৰক্ষা কৰিছে। কিন্তু দেশখনত ক’ৰোনাৰ ঘটনা হ্ৰাস পাবলৈ ধৰোতেই, কেন্দ্ৰীয় চৰকাৰখনে বিভিন্ন পৰামৰ্শ আৰু দাবী লাভ কৰিবলৈ আৰম্ভ কৰে। এইবুলি সোধা হৈছিল যে কিয় ভাৰত চৰকাৰেই সকলো সিদ্ধান্ত গ্ৰহণ কৰে? ৰাজ্য চৰকাৰসমূহক স্বতন্ত্ৰতা প্ৰদান কৰা হোৱা নাই কিয়? লকডাউন শিথিলকৰণৰ সিদ্ধান্ত গ্ৰহণত ৰাজ্যসমূহক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাই কিয়? ওৱান চাইজ ডাজ নট ফিট অল ধৰণৰ বিতৰ্কই মূৰ দাঙি উঠিছিল। এইবুলি যুক্তি উত্থাপিত হৈছিল যে সংবিধান অনুসৰি স্বাস্থ্য প্ৰাথমিকভাৱে এটা ৰাজ্যৰ বিষয় হোৱাৰ পৰিপ্ৰেক্ষিতত, ৰাজ্যসমূহেই যাৱতীয় কাম সম্পাদন কৰাটো উত্তম। সেয়েহে, এই দিশত এটি আৰম্ভণি কৰা হৈছিল। ভাৰত চৰকাৰখনে বিস্তৃত নীতি-নিৰ্দেশনা যুগুত কৰে আৰু ৰাজ্যসমূহক এয়া প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু সুবিধা অনুসৰি কাম কৰিবলৈ সক্ষম হয়। ভাৰত চৰকাৰখনে ৰাজ্যসমূহৰপৰা স্থানীয় পৰ্য্যায়ত ক’ৰোনা কাৰ্ফিউ বলবৎকৰণ, ক্ষুদ্ৰ-কন্টেইনমেন্ট জ’ন গঢ়ি তোলা আৰু চিকিৎসাৰ অৰ্থে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত দাবী লাভ কৰে।
বন্ধুসকল,
এই বৰ্ষৰ ১৬ জানুৱাৰীত আৰম্ভ হৈ এপ্ৰিলৰ শেষলৈকে, কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানৰ অধীনতেই ভাৰতৰ টীকাকৰণ কাৰ্য্যক্ৰমৰ সিংহভাগ চালিত হৈছিল। সকলোকে বিনামূলীয়া ভেকচিন প্ৰদানৰ লক্ষ্যৰে দেশখন অগ্ৰসৰ হয়। দেশখনৰ নাগৰিকসকলেও নিয়ুমানুৱৰ্তিতা অৱলম্বন কৰিলে আৰু তেওঁলোকৰ পাল পৰাত ভেকচিন গ্ৰহণ কৰিলে। একে সময়তে, কেইবাখনো ৰাজ্য চৰকাৰে পুনৰ কয় যে ভেকচিনৰ কাম-কাজ বিকেন্দ্ৰীকৰণ কৰা উচিত আৰু ৰাজ্যসমূহক ইয়াৰ দায়িত্ব প্ৰদান কৰিব লাগে। বহু দাবীৰ উত্থাপন হয়। যেনে টীকাকৰণৰ অৰ্থে কিয় এজ গ্ৰুপ সৃষ্টি কৰিব লাগে? অন্যহাতেদি, কোনোৱে কয় যে কেন্দ্ৰীয় চৰকাৰখনে কিয় বয়সৰ সীমা নিৰ্ধাৰণ কৰিব লাগে? আন একাংশই এইবুলিও কয় যে বৃদ্ধসকলক কিয় আৰম্ভণিতে টীকাকৰণ কৰিব লাগে? এনে বহু চাপৰ সৃষ্টি কৰা যায় আৰু দেশখনৰ একাংশ মিডিয়াই ইয়াক ব্যাপকভাৱে প্ৰচাৰিত কৰিবলৈ ধৰে।
বন্ধুসকল,
বহু বিচাৰ-বিবেচনাৰ পাছত, এই সিদ্ধান্তত উপনীত হোৱা যায় যে যদি ৰাজ্য চৰকাৰসমূহেও তেওঁলোকৰ হৈ প্ৰচেষ্টা অৱলম্বন কৰিব খোজে, ভাৰত চৰকাৰে আপত্তি কৰিব কিয়? ৰাজ্যসমূহৰপৰা লাভ কৰা দাবীৰ পৰিপ্ৰেক্ষিতত আৰু তেওঁলোকৰ অনুৰোধৰ কথা মনত ৰাখি, ১৬ জানুৱাৰীৰপৰা পৰীক্ষামূলকভাৱে অব্যাহত ৰখা ব্যৱস্থাটোত সাল-সলনি ঘটোৱা যায়। ৰাজ্যসমূহে এই দাবী কৰা আৰু ইয়াৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত আমি কাম-কাজৰ ২৫ শতাংশৰ দায়িত্ব তেওঁলোকক প্ৰদানৰ চিন্তা-চৰ্চা কৰো। সেই অনুসৰি, ১ মে’ৰপৰা ৰাজ্যসমূহক ২৫ শতাংশ কামৰ দায়িত্ব প্ৰদান কৰা হয় আৰু তেওঁলোকেও ইয়াক সমাপন কৰিবলৈ তেওঁলোকৰ নিজা ধৰণেৰে প্ৰচেষ্টা অৱলম্বন কৰে।
ক্ৰমান্বয়ে, তেওঁলোকেও এনে এটা গুৰুত্বপূৰ্ণ কামত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰে। ৰাজ্যসমূহে তদুপৰি সমগ্ৰ বিশ্বৰ টীকাকৰণৰ স্থিতি অনুধাৱন কৰে। আমি লক্ষ্য কৰো যে এফালেদি মে’ত দ্বিতীয়টো ঢৌৰ পৰিপ্ৰেক্ষিতত ভেকচিনৰ বাবে জনসাধাৰণৰ বৰ্ধিত আগ্ৰহ, আনফালে এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহ অসুবিধাৰ সন্মুখীন হোৱা। মে’ৰ দুটা সপ্তাহ পাৰ হোৱাৰ পাছত, একাংশ ৰাজ্যই পূৰ্বৰ ব্যৱস্থাটোৱেই ভাল আছিল বুলি মুকলিকৈ ক’বলৈ আৰম্ভ কৰে। টীকাকৰণৰ দায়িত্ব ৰাজ্যসমূহক প্ৰদান কৰিব লাগে বুলি মতপোষণ কৰাসকলেও তেওঁলোকৰ মতামত পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰে। এটা কথা ভাল আছিল যে সময়ৰ পুনর্বিবেচনাৰ দাবীৰে ৰাজ্যসমূহ ওলাই আহিছিল। ৰাজ্যসমূহৰ এই দাবীৰ পৰিপ্ৰেক্ষিতত, আমি দেশবাসীয়ে যাতে কষ্ট ভুগিবলগীয়া নহয় আৰু মসৃণতাৰে তেওঁলোকৰ টীকাকৰণ যাতে আগবঢ়াই নিয়া হয়, আমি সেই চিন্তা কৰো। সেইবাবে আমি ১ মে’ৰ পূৰ্বে থকা পুৰণি ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰো। ১৬ জানুৱাৰীৰপৰা এপ্ৰিলৰ শেষলৈকে ই অব্যাহত আছিল।
বন্ধুসকল,
আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে টীকাকৰণেৰে সম্পৰ্কীয় ৰাজ্যসমূহৰ ২৫ শতাংশ কামৰ দায়িত্ব ভাৰত চৰকাৰে গ্ৰহণ কৰিব। অহা দুসপ্তাহত এই ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। এই দুসপ্তাহত, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে নতুন নীতি-নিৰ্দেশনা অনুসৰি একেলগে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰি তুলিব। ঠিক সেইদৰে, দুসপ্তাহৰ পাছত, ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ’ব। ২১ জুনৰপৰা, ভাৰত চৰকাৰে ১৮ বছৰ বয়সৰ উৰ্ধ সকলো নাগৰিকৰ অৰ্থে ৰাজ্যসমূহলৈ বিনামূলীয়া ভেকচিন আগবঢ়াব। ভাৰত চৰকাৰেই ভেকচিন প্ৰস্তুতকৰ্তাসকলৰপৰা মুঠ উৎপাদিত ভেকচিনৰ ৭৫ শতাংশ ক্ৰয় কৰিব আৰু ৰাজ্য চৰকাৰসমূহলৈ এয়া বিনামূলীয়াকৈ আগবঢ়াব। যাৰ বাবে, দেশখনৰ কোনো ৰাজ্য চৰকাৰেই ভেকচিনৰ বাবদ খৰচ কৰিব নালাগে। এতিয়ালৈকে, দেশখনৰ কোটি-কোটি লোকে বিনামূলীয়া ভেকচিন লাভ কৰিছে।
এতিয়া ১৮ বছৰ বয়সৰ উৰ্ধ লোকসকলো ইয়াৰ অংশ হৈ পৰিব। কেৱল ভাৰত চৰকাৰেহে দেশৰ সকলো লোকলৈ বিনামূলীয়াকৈ ভেকচিন আগবঢ়াব। ভাৰত চৰকাৰৰ এই অভিযানটোতহে মাথো দৰিদ্ৰ, নিম্ন মধ্যবিত্ত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী বা সবল শ্ৰেণীক বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ’ব। বিনামূলীয়াকৈ ভেকচিন ল’ব নোখোজা আৰু ব্যক্তিগত চিকিৎসালয়ত ল’ব খোজাসকলৰ অৰ্থেও সু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ দেশখনত প্ৰস্তুত ভেকচিনৰ ২৫ শতাংশ ক্ৰয়ৰ ব্যৱস্থা অব্যাহত থাকিব। ব্যক্তিগত চিকিৎসালয়সমূহে ভেকচিনটোৰ নিৰ্ধাৰিত মূল্যৰ পাছত এটা পালিৰ বাবে সৰ্বাধিক ১৫০ টকা সেৱা মাচুল আদায় কৰিবলৈ সক্ষম হ’ব। ইয়াক নিৰীক্ষণৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ ওপৰতেই ন্যস্ত থাকিব।
বন্ধুসকল,
আমাৰ ধৰ্মগ্ৰন্থসমূহত উল্লেখ আছে যে দুৰ্য্যোগে প্ৰভাৱিত কৰিলেও বিজয়ীয়ে আশা বাদ নিদিয়ে, বৰঞ্চ পৰিস্থিতিক লৈ উৎসাহ, কঠোৰ শ্ৰম আৰু সাফল্য অব্যাহত থাকে। ১৩০ কোটিৰো অধিক ভাৰতীয়ই দিন-ৰাতি একাকাৰ কৰি পাৰস্পৰিক সহযোগিতা আৰু কঠোৰ শ্ৰমৰে সমন্বিতভাৱে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিছে। ভৱিষ্যতে, কেৱল আমাৰ প্ৰচেষ্টা আৰু সহযোগিতাইহে আমাৰ যাত্ৰাক সুদৃঢ় কৰিব। আমি তদুপৰি ভেকচিন লাভৰ তীব্ৰতা বৃদ্ধি কৰিম আৰু টীকাকৰণ অভিযানটোক ত্বৰান্বিত কৰি তুলিম। আমি মনত পেলাব খুজিছো যে ভাৰতৰ টীকাকৰণৰ গতি এতিয়াও বিশ্বৰ ভিতৰতে অধিক দ্ৰুত হৈ আছে, যি গতি বহু উন্নত ৰাষ্ট্ৰতকৈ বেছি। আমাৰ প্ৰযুক্তি প্লেটফৰ্ম ক’উইনক লৈয়ো সমগ্ৰ বিশ্বখনতে আলোচনা চলিছে। বহু ৰাষ্ট্ৰই ভাৰতৰ এই প্লেটফৰ্ম ব্যৱহাৰৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিছে। আমি সকলোৱে প্ৰত্যক্ষ কৰিছো যে প্ৰতি পালি ভেকচিনৰ গুৰুত্ব কিমান কিয়নো প্ৰতি পালিৰে প্ৰতিজনৰ জীৱন সংপৃক্ত হৈ আছে। কেন্দ্ৰীয় চৰকাৰখনে তদুপৰি প্ৰতিখন ৰাজ্যই কেতিয়াকৈ আৰু কিমান পালি লাভ কৰিব, সেয়া কেই সপ্তাহমানৰ আগতেই জ্ঞাত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মানৱতাৰ এই পৱিত্ৰ কৰ্তব্যত, কোনোৱে বিতৰ্ক আৰু ৰাজনৈতিক হৈ-চৈৰ দৰে কথা-কাণ্ডক ভাল বুলি নকয়। সম্পূৰ্ণ নিয়মানুৱৰ্তিতাৰে ভেকচিন প্ৰদান কৰাটো প্ৰতিখন চৰকাৰ, প্ৰতিজন জন প্ৰতিনিধি আৰু প্ৰশাসনৰ সমন্বিত দায়িত্ব তেহে আমি ভেকচিনসমূহৰ উপলব্ধতা অনুসৰি দেশখনৰ প্ৰতিজন নাগৰিককে স্পৰ্শ কৰিব পাৰিম।
প্ৰিয় দেশবাসী,
টীকাকৰণৰ ওপৰিও, মই আজি আপোনালোকক আন গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সন্দৰ্ভত অৱগত কৰিব খুজিছো। যোৱা বৰ্ষত, ক’ৰোনাৰ বাবে লকডাউন বলবৎ কৰোতে, আমাৰ দেশে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত আঠ মাহৰ বাবে ৮০ কোটিৰো অধিক দেশবাসীৰ অৰ্থে বিনামূলীয়া ৰেচনৰ ব্যৱস্থা কৰিছিল। এই বছৰো দ্বিতীয়টো ঢৌৰ বাবে এই আঁচনি মে’ আৰু জুনৰ বাবে সম্প্ৰসাৰিত কৰা যায়। আজি চৰকাৰখনে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিপাৱলীলৈকে সম্প্ৰসাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহামাৰীটোৰ এই সময়ছোৱাত, চৰকাৰখনে দৰিদ্ৰ লোকসকলৰ কাষত তেওঁলোকৰ সকলো প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ ঠিয় দি আছে। সেয়ে নৱেম্বৰলৈকে প্ৰতি মাহে ৮০ কোটিৰো অধিক দেশবাসীলৈ নিৰ্ধাৰিত পৰিমাণত বিনামূলীয়া খাদ্য শস্য উপলব্ধ হ’ব। এই প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে মোৰ এজনো দৰিদ্ৰ ভাতৃ আৰু ভগ্নী, তেওঁলোকৰ পৰিয়ালে যাতে অনাহাৰে থাকিবলগীয়া নহয়।
বন্ধুসকল,
এই প্ৰচেষ্টাৰাজিৰ মাজতে, ভেকচিনক লৈ বহু প্ৰান্তত উদ্ভৱ হোৱা বিভ্ৰান্তি আৰু উৰা বাতৰিয়ে উদ্বেগ বৃদ্ধি কৰিছে। মই আপোনালোকক এই উদ্বেগ সম্পৰ্কেও ব্যক্ত কৰিব খুজিছো। ভাৰতত ভেকচিনসমূহৰ কাম-কাজ আৰম্ভৰেপৰা, একাংশ লোকে কৰা মন্তব্যই সাধাৰণ লোকৰ মনত সন্দেহৰ সৃষ্টি কৰিছে। ভাৰতৰ ভেকচিন প্ৰস্তুতকৰ্তাসকলৰ মনোবল নাশ কৰিবলৈয়ো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু সেয়ে বহু বাধা সৃষ্টি কৰা যায়। ভাৰতৰ ভেকচিন উপলব্ধ হোৱাৰ লগে-লগে, বহু ধৰণেৰে সন্দেহ আৰু আশংকাৰ তীব্ৰতা বৃদ্ধি পালে। ভেকচিনৰ ব্যৱহাৰৰ বিৰুদ্ধে বহু বিতৰ্কৰ সৃষ্টি কৰা যায়। দেশখনে এইসমূহো প্ৰত্যক্ষ কৰি আছে। যিসকল লোকে ভেকচিনটো সন্দৰ্ভত আশংকা সৃষ্টি কৰি আছে আৰু উৰা বাতৰি বিয়পাই আছে, তেওঁলোকে দৰাচলতে নিৰ্দোষ ভাতৃ আৰু ভগ্নীসকলৰ জীৱনৰ সৈতে খেলা কৰি আছে।
এনে উৰা বাতৰিক লৈ প্ৰত্যেকেই সতৰ্ক হোৱাটো বাঞ্ছনীয়। মই তদুপৰি আপোনালোক সকলোকে অনুৰোধ জনাব খুজিছো যে, সমাজৰ জনা-বুজা লোক আৰু যুৱ সমাজে যাতে ভেকচিনটো সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহযোগিতা কৰে। বৰ্তমান সময়ত বহু স্থানত ক’ৰোনা কাৰ্ফিউ শিথিল কৰা হৈছে যদিও, ইয়াৰ অৰ্থ এনে নহয় যে ক’ৰোনাৰ অৱসান ঘটিল। আমি সতৰ্কতা অৱলম্বন কৰা উচিত আৰু লগতে ক’ৰোনাক প্ৰতিৰোধৰ নিয়মসমূহ কঠোৰভাৱে মানি চলিব লাগে। ক’ৰোনাৰ বিৰুদ্ধে এই যুঁজত যে আমি সকলোৱে তথা ভাৰতে যে জয় লাভ কৰিব, সেই ক্ষেত্ৰত মোৰ পূৰ্ণ বিশ্বাস আছে। এই শুভ কামনাৰেই দেশৰ প্ৰতিজন জনতাক বহু-বহু ধন্যবাদ জনালো!
****
DS/VJ/DK/SB
My address to the nation. Watch. https://t.co/f9X2aeMiBH
— Narendra Modi (@narendramodi) June 7, 2021
बीते सौ वर्षों में आई ये सबसे बड़ी महामारी है, त्रासदी है।
— PMO India (@PMOIndia) June 7, 2021
इस तरह की महामारी आधुनिक विश्व ने न देखी थी, न अनुभव की थी।
इतनी बड़ी वैश्विक महामारी से हमारा देश कई मोर्चों पर एक साथ लड़ा है: PM @narendramodi
सेकेंड वेव के दौरान अप्रैल और मई के महीने में भारत में मेडिकल ऑक्सीजन की डिमांड अकल्पनीय रूप से बढ़ गई थी।
— PMO India (@PMOIndia) June 7, 2021
भारत के इतिहास में कभी भी इतनी मात्रा में मेडिकल ऑक्सीजन की जरूरत महसूस नहीं की गई।
इस जरूरत को पूरा करने के लिए युद्धस्तर पर काम किया गया। सरकार के सभी तंत्र लगे: PM
आज पूरे विश्व में वैक्सीन के लिए जो मांग है, उसकी तुलना में उत्पादन करने वाले देश और वैक्सीन बनाने वाली कंपनियां बहुत कम हैं।
— PMO India (@PMOIndia) June 7, 2021
कल्पना करिए कि अभी हमारे पास भारत में बनी वैक्सीन नहीं होती तो आज भारत जैसे विशाल देश में क्या होता? - PM @narendramodi
आप पिछले 50-60 साल का इतिहास देखेंगे तो पता चलेगा कि भारत को विदेशों से वैक्सीन प्राप्त करने में दशकों लग जाते थे।
— PMO India (@PMOIndia) June 7, 2021
विदेशों में वैक्सीन का काम पूरा हो जाता था तब भी हमारे देश में वैक्सीनेशन का काम शुरू नहीं हो पाता था: PM @narendramodi
हर आशंका को दरकिनार करके भारत ने 1 साल के भीतर ही एक नहीं बल्कि दो मेड इन इंडिया वैक्सीन्स लॉन्च कर दी।
— PMO India (@PMOIndia) June 7, 2021
हमारे देश ने, वैज्ञानिकों ने ये दिखा दिया कि भारत बड़े-बड़े देशों से पीछे नही है। आज जब मैं आपसे बात कर रहा हूं तो देश में 23 करोड़ से ज्यादा वैक्सीन की डोज़ दी जा चुकी है: PM
पिछले काफी समय से देश लगातार जो प्रयास और परिश्रम कर रहा है, उससे आने वाले दिनों में वैक्सीन की सप्लाई और भी ज्यादा बढ़ने वाली है।
— PMO India (@PMOIndia) June 7, 2021
आज देश में 7 कंपनियाँ, विभिन्न प्रकार की वैक्सीन्स का प्रॉडक्शन कर रही हैं।
तीन और वैक्सीन्स का ट्रायल भी एडवांस स्टेज में चल रहा है: PM
देश में कम होते कोरोना के मामलों के बीच, केंद्र सरकार के सामने अलग-अलग सुझाव भी आने लगे, भिन्न-भिन्न मांगे होने लगीं।
— PMO India (@PMOIndia) June 7, 2021
पूछा जाने लगा,
सब कुछ भारत सरकार ही क्यों तय कर रही है?
राज्य सरकारों को छूट क्यों नहीं दी जा रही? - PM @narendramodi
राज्य सरकारों को लॉकडाउन की छूट क्यों नहीं मिल रही?
— PMO India (@PMOIndia) June 7, 2021
One Size Does Not Fit All जैसी बातें भी कही गईं: PM @narendramodi
इस साल 16 जनवरी से शुरू होकर अप्रैल महीने के अंत तक, भारत का वैक्सीनेशन कार्यक्रम मुख्यत: केंद्र सरकार की देखरेख में ही चला।
— PMO India (@PMOIndia) June 7, 2021
सभी को मुफ्त वैक्सीन लगाने के मार्ग पर देश आगे बढ़ रहा था।
देश के नागरिक भी, अनुशासन का पालन करते हुए, अपनी बारी आने पर वैक्सीन लगवा रहे थे: PM
इस बीच,
— PMO India (@PMOIndia) June 7, 2021
कई राज्य सरकारों ने फिर कहा कि वैक्सीन का काम डी-सेंट्रलाइज किया जाए और राज्यों पर छोड़ दिया जाए।
तरह-तरह के स्वर उठे।
जैसे कि वैक्सीनेशन के लिए Age Group क्यों बनाए गए? - PM @narendramodi
दूसरी तरफ किसी ने कहा कि उम्र की सीमा आखिर केंद्र सरकार ही क्यों तय करे?
— PMO India (@PMOIndia) June 7, 2021
कुछ आवाजें तो ऐसी भी उठीं कि बुजुर्गों का वैक्सीनेशन पहले क्यों हो रहा है?
भांति-भांति के दबाव भी बनाए गए, देश के मीडिया के एक वर्ग ने इसे कैंपेन के रूप में भी चलाया: PM @narendramodi
आज ये निर्णय़ लिया गया है कि राज्यों के पास वैक्सीनेशन से जुड़ा जो 25 प्रतिशत काम था, उसकी जिम्मेदारी भी भारत सरकार उठाएगी।
— PMO India (@PMOIndia) June 7, 2021
ये व्यवस्था आने वाले 2 सप्ताह में लागू की जाएगी।
इन दो सप्ताह में केंद्र और राज्य सरकारें मिलकर नई गाइडलाइंस के अनुसार आवश्यक तैयारी कर लेंगी: PM
21 जून, सोमवार से देश के हर राज्य में, 18 वर्ष से ऊपर की उम्र के सभी नागरिकों के लिए, भारत सरकार राज्यों को मुफ्त वैक्सीन मुहैया कराएगी।
— PMO India (@PMOIndia) June 7, 2021
वैक्सीन निर्माताओं से कुल वैक्सीन उत्पादन का 75 प्रतिशत हिस्सा भारत सरकार खुद ही खरीदकर राज्य सरकारों को मुफ्त देगी: PM @narendramodi
देश की किसी भी राज्य सरकार को वैक्सीन पर कुछ भी खर्च नहीं करना होगा।
— PMO India (@PMOIndia) June 7, 2021
अब तक देश के करोड़ों लोगों को मुफ्त वैक्सीन मिली है। अब 18 वर्ष की आयु के लोग भी इसमें जुड़ जाएंगे।
सभी देशवासियों के लिए भारत सरकार ही मुफ्त वैक्सीन उपलब्ध करवाएगी: PM @narendramodi
देश में बन रही वैक्सीन में से 25 प्रतिशत, प्राइवेट सेक्टर के अस्पताल सीधे ले पाएं, ये व्यवस्था जारी रहेगी।
— PMO India (@PMOIndia) June 7, 2021
प्राइवेट अस्पताल, वैक्सीन की निर्धारित कीमत के उपरांत एक डोज पर अधिकतम 150 रुपए ही सर्विस चार्ज ले सकेंगे।
इसकी निगरानी करने का काम राज्य सरकारों के ही पास रहेगा: PM
आज सरकार ने फैसला लिया है कि प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा।
— PMO India (@PMOIndia) June 7, 2021
महामारी के इस समय में, सरकार गरीब की हर जरूरत के साथ, उसका साथी बनकर खड़ी है।
यानि नवंबर तक 80 करोड़ से अधिक देशवासियों को, हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा: PM
जो लोग भी वैक्सीन को लेकर आशंका पैदा कर रहे हैं, अफवाहें फैला रहे हैं, वो भोले-भाले भाई-बहनों के जीवन के साथ बहुत बड़ा खिलवाड़ कर रहे हैं।
— PMO India (@PMOIndia) June 7, 2021
ऐसी अफवाहों से सतर्क रहने की जरूरत है: PM @narendramodi
Vaccines are central to the fight against COVID-19.
— Narendra Modi (@narendramodi) June 7, 2021
Remember the times India had wait for years to get vaccines for various diseases.
Here is what changed after 2014. pic.twitter.com/nStfbv9sXw
India is proud of our scientists and innovators who have made indelible contributions towards defeating COVID-19. pic.twitter.com/V9v3VPA2iD
— Narendra Modi (@narendramodi) June 7, 2021
India’s vaccination programme, which started in January was guided by global best practices.
— Narendra Modi (@narendramodi) June 7, 2021
Later on, a series of demands and feedback was given, which was duly accepted. pic.twitter.com/FGiuSvyMp8
Some people thrive on creating panic and furthering vaccine hesitancy.
— Narendra Modi (@narendramodi) June 7, 2021
Such elements are doing a great disservice to the efforts to make our planet COVID-free. pic.twitter.com/uUYKy2lpj6
21 जून से 18 वर्ष से ऊपर के सभी नागरिकों के लिए भारत सरकार राज्यों को मुफ्त वैक्सीन मुहैया कराएगी।
— Narendra Modi (@narendramodi) June 7, 2021
किसी भी राज्य सरकार को वैक्सीन पर कुछ भी खर्च नहीं करना होगा। pic.twitter.com/VKK3oddw80
प्रधानमंत्री गरीब कल्याण अन्न योजना को अब दीपावली तक आगे बढ़ाया जाएगा। महामारी के इस समय में सरकार गरीब की हर जरूरत के साथ उसका साथी बनकर खड़ी है।
— Narendra Modi (@narendramodi) June 7, 2021
यानि नवंबर तक 80 करोड़ से अधिक देशवासियों को हर महीने तय मात्रा में मुफ्त अनाज उपलब्ध होगा। pic.twitter.com/Ospx5R80FT