পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷
প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনত দেখুওৱা সাফল্যৰ বাবে অভিনন্দন প্ৰদান কৰে আৰু সদ্যসমাপ্ত নিৰ্বাচনত তেওঁৰ ‘ছাৰ্ভেণ্ট অব্ দা পিপল পাৰ্টী’ৰ বিজয়ৰ বাবে শুভেচ্ছা প্ৰদান কৰে৷
ৰাষ্ট্ৰপতি জেলেনস্কিয়েও প্ৰধানমন্ত্ৰীক দ্বিতীয়বাৰলৈ ক্ষমতালৈ অহাৰ বাবে অভিনন্দন প্ৰদান কৰে৷
ভাৰত আৰু ইউক্ৰেইনৰ বন্ধুত্বমূলক সম্পৰ্কৰ কথা উনুকিয়াই প্ৰধানমন্ত্ৰীয়ে দুয়োখনৰ দেশৰ দ্বিপাক্ষিক সম্পৰ্কত হোৱা উত্তৰণৰ বাবে সন্তোষ প্ৰকাশ কৰে৷ তেওঁ ইউক্ৰেইনৰ সৈতে বিভিন্ন ক্ষেত্ৰত দীৰ্ঘদিনীয়া সম্পৰ্কৰ পোষকতা কৰে আৰু ইউক্ৰেইনৰ বিভিন্ন বিশ্ববিদ্যালয়ত শিক্ষাৰত বৃহৎসংখ্যক ভাৰতীয় শিক্ষাৰ্থীসকলৰ দ্বাৰা দুয়োখন দেশৰ মাজত থকা ব্যক্তিৰ পৰা ব্যক্তিলৈ সংযোগ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে৷ যোৱা বছৰ কাইভ আৰু দিল্লীৰ মাজত আৰম্ভ হোৱা প্ৰত্যক্ষ বায়ু পথৰ সংযোগৰ দ্বাৰা পৰ্যটন ক্ষেত্ৰৰো সৱলীকৰণ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰে৷
দুয়োগৰাকী নেতাই পাৰস্পৰিক দ্বিপাক্ষিক সম্বন্ধ শক্তিশালী কৰাৰ বাবে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত প্ৰস্তুত বুলি দোহাৰে৷
*****
VRRK/KP/MANN
Telephone Conversation between Prime Minister @narendramodi and the President of Ukraine. https://t.co/8Kra9Gk8wt
— PMO India (@PMOIndia) August 1, 2019
via NaMo App pic.twitter.com/m7SyBOuAJ9