পি এম ইণ্ডিয়া
;

প্ৰধানমন্ত্ৰী মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী অলিয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ক্ৰ’ছ-বৰ্ডাৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ পাইপলাইন মুকলি কৰে৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে পি শৰ্মা অলিয়ে আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতৰ মতিহাৰীৰ পৰা নেপালৰ আমলেখগঞ্জলৈ দক্ষিণ এছিয়াৰ প্ৰথমটো ক্ৰ’ছ-বৰ্ডাৰ পেট্ৰ’লিয়াম সামগ্ৰীৰ পাইপলাইন মুকলি কৰে৷
এই সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী অলিয়ে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত নিজৰ সন্তুষ্টি ব্যক্ত কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৬৯ কিলোমিটাৰৰ মতিহাৰী-আমলেখগঞ্জ পাইপলাইনৰ প্ৰতি বছৰে ২ মেট্ৰিকটন বহন ক্ষমতা আছে আৰু ই নেপালক ব্যয়সাধ্য মূল্যত পৰিষ্কাৰ পেট্ৰ’লিয়াম যোগান ধৰিবলৈ সক্ষম হ’ব৷ প্ৰধানমন্ত্ৰী অলিয়ে নেপালত পেট্ৰ’লিয়ামৰ সামগ্ৰীৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ হ্ৰাস কৰা ঘোষণাক প্ৰধানমন্ত্ৰী মোদীয়ে আদৰণি জনায়৷
উচ্চ ৰাজনৈতিক পৰ্যায়ত নিয়মীয়া বিনিময়ৰ দ্বাৰা ভাৰত-নেপালৰ মিত্ৰতাৰ লক্ষ্য প্ৰসাৰিত হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে৷ ভাৰত আৰু নেপালৰ মাজত এই দ্বিপাক্ষিক সম্পৰ্ক ভৱিষ্যতে আৰু অধিক সুদৃঢ় হোৱাৰ লগতে অন্য ক্ষেত্ৰসমূহলৈও সম্প্ৰসাৰিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰী অলিয়ে প্ৰধানমন্ত্ৰী মোদীক নেপাল ভ্ৰমণলৈ নিমন্ত্ৰণ জনায় আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক স্বীকাৰ কৰে৷
*******
VRRK/VJ/MANN
Boosting ties with Nepal! Inaugurating first ever cross-border petroleum products pipeline in South Asia https://t.co/9CGe36g3m1
— Narendra Modi (@narendramodi) September 10, 2019
A special day for India-Nepal friendship!
— Narendra Modi (@narendramodi) September 10, 2019
My friend, PM Oli and I jointly inaugurated South Asia’s first cross-border petroleum products pipeline from Motihari in India to Amlekhgunj in Nepal.
You would be happy that this project has been completed much ahead of schedule. pic.twitter.com/4i5IU4Qv7a
Sharing the fruits of progress with friendly nations!
— Narendra Modi (@narendramodi) September 10, 2019
Motihari-Amlekhgunj pipeline will provide cleaner petroleum products at affordable costs to the people of Nepal.
I am glad that India and Nepal cooperation is scaling new heights, for the mutual benefit of our people. pic.twitter.com/kXtvcGbrmQ