Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী এন. সুব্বুলক্ষ্মীৰ পত্ৰ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ পোৱাত সুখ প্ৰকাশ কৰা এন সুব্বুলক্ষ্মীৰ এক মৰ্মস্পৰ্শী চিঠি শ্বেয়াৰ কৰে৷ শ্ৰী মোদীয়ে জনায় যে তেওঁ নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন ব’ৰ্ড সদস্য চি. আৰ কেশাৱনৰ সৈতে সাক্ষাৎ কৰে। শ্ৰী কেশাৱনে এন. সুব্বুলক্ষ্মীৰ পৰা প্ৰধানমন্ত্ৰীলৈ লিখা এখন চিঠি শ্বেয়াৰ কৰে। শ্ৰীমতী সুব্বুলক্ষ্মীয়ে চি. আৰ কেশাৱনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰে আৰু তেওঁ মাদুৰাইৰ নিবাসী। তেওঁ ঘৰৰ ফটো শ্বেয়াৰ কৰি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আৰু আশীৰ্বাদ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“আজি @crkesavan লগ পালো, যিগৰাকীয়ে তেওঁৰ ঘৰত ৰান্ধনীৰ কাম কৰা এন. সুব্বুলক্ষ্মী জীৰ অতি মৰ্মস্পৰ্শী চিঠি এখন শ্বেয়াৰ কৰিছিল। মাদুৰাইৰ নিবাসী এন সুব্বুলক্ষ্মী জীয়ে আৰ্থিক সমস্যাকে ধৰি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁ সফলতাৰে ঘৰৰ বাবে আবেদন কৰিছিল।”

“এন. সুব্বুলক্ষ্মী জীয়ে তেওঁৰ চিঠিখনত এই ঘৰখন কেনেকৈ তেওঁৰ বাবে প্ৰথম আৰু ই তেওঁৰ জীৱনত সন্মানৰ লগতে মৰ্যাদাও কঢ়িয়াই আনে সেই কথাও শ্বেয়াৰ কৰিছে। ঘৰৰ ফটো শ্বেয়াৰ কৰি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আশীৰ্বাদ বিচাৰে। এনেধৰণৰ আশীৰ্বাদেই মহাশক্তিৰ উৎস।”

‘এন. সুব্বুলক্ষ্মী জীৰ দৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে জীৱন সলনি হোৱা অগণন লোক আছে। এটা ঘৰে তেওঁলোকৰ জীৱনত গুণগত পৰিৱৰ্তন আনিছে। এই আঁচনিখনেও মহিলা সৱলীকৰণৰ সূচনা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে।”

*****

DS/ST/DB