পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (PMUY) হিতাধিকাৰীসকললৈ বছৰি ৯ বাৰ ৰিফিল পৰ্য্যন্ত প্ৰতি ১৪.২ কেজিৰ চিলিণ্ডাৰত ৩০০ টকা (আৰু ৫ কেজিৰ চিলিণ্ডাৰৰ বাবে সমানুপাতিকভাৱে প্ৰ’-ৰেট) লক্ষ্য ৰাজসাহায্যত (Targeted Subsidy) অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাঃ সমগ্ৰ দেশৰ দৰিদ্ৰ গৃহস্থীসমূহৰ প্ৰাপ্তবয়স্ক মহিলাসকললৈ ডিপ’জিট-ফ্ৰী এলপিজি সংযোগ প্ৰদানৰ উদ্দেশ্যেৰে ২০১৬-ৰ মে’-ত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ (PMUY) শুভাৰম্ভ কৰা হৈছিল। ০১-০৭-২০২৫ লৈকে সমগ্ৰ দেশতে প্ৰায় ১০.৩৩ কোটি পিএমইউৱাই সংযোগ আছে।
পিএমইউৱাই-ৰ সকলো হিতাধিকাৰীয়ে ডিপ’জিট-ফ্ৰী এলপিজি সংযোগ লাভ কৰে। ইয়াত চিলিণ্ডাৰৰ চিকিউৰিটি ডিপ’জিট (SD), চাপ নিয়ন্ত্ৰক, সুৰক্ষা হ’ছ, ঘৰুৱা গেছ কনজুমাৰ কাৰ্ড (DGCC) বুকলেট আৰু ইনষ্টলেচন চাৰ্জ অন্তৰ্ভুক্ত হৈছে। উজ্জ্বলা ২.০-ৰ বৰ্তমানৰ পদ্ধতি অনুসৰি প্ৰথম ৰিফিল আৰু ষ্ট’ভো সকলো হিতাধিকাৰীকে বিনামূলীয়াকৈ আগবঢ়োৱা হয়। পিএমইউৱাই হিতাধিকাৰীয়ে এলপিজি সংযোগ বা প্ৰথম ৰিফিল বা ষ্ট’ভৰ বাবে কোনো ধৰণৰ ধন পৰিশোধ কৰিব নালাগে, কাৰণ ইয়াৰ ব্যয় ভাৰত চৰকাৰ/অ’এমচি-এ বহন কৰে।
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উপভোক্তালৈ লক্ষ্য ৰাজসাহায্যঃ ভাৰতে ইয়াৰ প্ৰয়োজনীয় এলপিজিৰ প্ৰায় ৬০% আমদানি কৰে। এলপিজিৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ ব্যাপক উঠা-নমাৰ প্ৰভাৱৰ পৰা পিএমইউৱাই হিতাধিকাৰীসকলক ৰক্ষা কৰিবলৈ আৰু পিএমইউৱাই উপভোক্তাৰ বাবে এলপিজিক অধিক সুলভ কৰি তুলিবলৈ তথা তেওঁলোকৰ স্থায়ীভাৱে এলপিজিৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ ২০২২-ৰ মে‘-ৰ পৰা পিএমইউৱাই উপভোক্তাসকললৈ চৰকাৰে বছৰি ১২ বাৰ ৰিফিল পৰ্য্যন্ত ১৪.২ কিগ্ৰাৰ চিলিণ্ডাৰে প্ৰতি ২০০/- টকাৰ লক্ষ্য ৰাজসাহায্য প্ৰদান কাৰ্য্য আৰম্ভ কৰে (আৰু ৫ কিগ্ৰাৰ সংযোগৰ বাবে সমানুপাতিকভাৱে প্ৰ‘-ৰেটিং)। ২০২৩-ৰ অক্টোবৰত চৰকাৰে বছৰি ১২ বাৰ ৰিফিল পৰ্য্যন্ত ১৪.২ কিগ্ৰাৰ চিলিণ্ডাৰে প্ৰতি লক্ষ্য ৰাজসাহায্য ৩০০ টকালৈ বৃদ্ধি কৰে (আৰু ৫ কিগ্ৰাৰ সংযোগৰ বাবে সমানুপাতিকভাৱে প্ৰ‘-ৰেটিং)।
পিএমইউৱাই-ৰ হিতাধিকাৰী গৃহস্থীৰ এলপিজিৰ ব্যৱহাৰ বৃদ্ধিঃ পিএমইউৱাই উপভোক্তাৰ গড় জনমূৰি ব্যৱহাৰ (PCC) ২০১৯-২০ ত মাত্ৰ প্ৰায় ৩ বাৰ ৰিফিল আছিল। ২০২২-২৩ ত এয়া ৩.৬৮ বাৰ ৰিফিল আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰায় ৪.৪৭ লৈ বৃদ্ধি পাইছে।
***
MJPS/BM/SB
प्रधानमंत्री उज्ज्वला योजना हमारी गरीब माताओं-बहनों के जीवन में भारी बदलाव लेकर आई है। उनके हित में एक बड़ा फैसला लेते हुए हमने उन्हें एलपीजी पर मिलने वाली सब्सिडी को जारी रखने की मंजूरी दी है। इसका लाभ 10 करोड़ से ज्यादा लाभार्थी परिवारों को होगा।https://t.co/6X2TTDFBe1
— Narendra Modi (@narendramodi) August 8, 2025