Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনাৰ সুচাৰু প্ৰণয়নৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাক ‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’’ হিচাপে পুনৰ গঠনত কেবিনেটৰ অনুমোদন প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনা (পিএমজেএৱাই)ৰ সফল প্ৰণয়নৰ বাবে বিদ্যমান ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাক ‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ’’ হিচাপে পুনৰ গঠন প্ৰক্ৰিয়াত অনুমোদন প্ৰদান কৰিছে৷

এই অনুমোদনৰ দ্বাৰা বিদ্যমান ছচাইটি ‘‘ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা’’ ভংগ কৰি স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সংলগ্ন ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ দ্বাৰা পুনঃ প্ৰতিষ্ঠাপন কৰা হব৷

বিদ্যমান মাল্টিটায়াৰ সিদ্ধান্ত নিৰ্মাণ গাঁথনি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত চৰকাৰী বৰ্ডৰ সৈতে পুনঃ প্ৰতিষ্ঠাপিত হব৷ ইয়াৰ দ্বাৰা এই আঁচনি সফল প্ৰণয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিব৷ এই চৰকাৰী বৰ্ডত চৰকাৰ, বিভাগীয় বিশেষজ্ঞ ইত্যাদি অন্তৰ্ভুক্ত থাকিব৷ তাৰোপৰি ৰাজ্যসমূহেও চক্ৰীয় পদ্ধতিত চৰকাৰী বৰ্ডখনত প্ৰতিনিধিত্ব কৰিব৷

ইয়াৰ বাবে কোনো পুঁজিৰ আৱণ্টন দিয়া হোৱা নাই৷ বিদ্যমান বাজেট পূৰ্বতে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ কেবিনেটৰ দ্বাৰা অনুমোদিত হৈছিল আৰু এই ব্যয়ৰ সৈতে সম্বন্ধীয় তথ্য প্ৰযুক্তি, মানৱ সংসাধন, আন্তঃগাঁথনি, কাৰ্য প্ৰণয়নৰ ব্যয় ইত্যাদি প্ৰস্তাৱিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ দ্বাৰা ব্যৱহৃত হব৷

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণক পিএমজেএৱাই কাৰ্যকৰী তথা স্বচ্ছ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰে প্ৰণয়ন কৰিবলৈ সম্পূৰ্ণ অধিকাৰ আৰু দায়িত্ব প্ৰদানৰ বাবে পৰিকল্পনা কৰা হৈছে৷

 

*****

AKT/SH/MANN