Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে এই যুঁজত সামাজিক দুৰত্ব বজাই ৰখাটো আটাইতকৈ কাৰ্যকৰী ব্যৱস্থা; প্ৰতিগৰাকী দেশবাসীক নিজৰ লগতে তেওঁলোকৰ পৰিয়ালকো সুৰক্ষিত হৈ থকাৰ আহ্বান


“এই যুদ্ধৰ এনে অনেক যোদ্ধা আছে যিসকলে ঘৰতেই নহয়, ঘৰৰ বাহিৰতো ভাইৰাছবিধৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছে৷ এওঁলোক হ’ল আমাৰ অগ্ৰণী সৈনিক৷ এওঁলোক হ’ল বিশেষকৈ আমাৰ নাৰ্ছ ভাতৃ-ভগ্নী, চিকিৎসক, পেৰা-মেডিকেল কৰ্মী৷ এওঁলোকে ক’ৰনাক পৰাজিত কৰিছে৷ আজি আমি তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ’ব লাগে৷ বিগত দিন কেইটাত মই বহু লোকৰ সৈতে ফোনত কথা পাতিছো, তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰিছো আৰু তেওঁলোকৰ সৈতে কথা পাতি মই নিজেও উৎসাহিত হৈছো৷”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে এই যুঁজত সামাজিক দুৰত্ব বজাই ৰখাটো আটাইতকৈ কাৰ্যকৰী ব্যৱস্থা আৰু লকডাউন মানি চলি জনসাধাৰণে নিজকে সুৰক্ষিত কৰিব পাৰে৷

মন কী বাত ২.০ৰ আজি দশম সংস্কৰত নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে কয়, “প্ৰত্যেকেই নিজকে ৰক্ষা কৰিব লাগিব, নিজৰ পৰিয়ালক ৰক্ষা কৰিব লাগিব৷ এতিয়া আপোনালোকে আগন্তুক কেইবাটাও দিনলৈ ধৈৰ্য ধৰিব লাগিব, লক্ষ্মণ ৰেখা পালন কৰিব লাগিব৷ এই দৃঢ়তা আৰু ধৈৰ্যই প্ৰতিগৰাকী ভাৰতীয় সংকটৰ সন্মুখীন হোৱাত সহায় কৰিব৷”
শ্ৰী মোদীয়ে মানৱ সভ্যতাৰ গতি ধ্বংস কৰা এই ভাইৰাছ নিৰ্মুলৰ সংকল্প ল’বলৈ বিশ্ব সমূদায়ৰ সহায়ৰ আহ্বান জনায়৷“ক’ৰনা ভাইৰাছে আজি সমগ্ৰ বিশ্বকে কাৰাগাৰলৈ পৰ্যবসিত কৰিছে৷ ই জ্ঞান, বিজ্ঞান, দুখীয়া, ধনী, দুৰ্বলী, শক্তিশালী সকলোকে প্ৰত্যাহ্বান জনাইছে৷ ই ৰাষ্ট্ৰৰ সীমাতো আৱদ্ধ হৈ থকা নাই, ইয়াৰ কোনো ক্ষেত্ৰ নাই, নাই ইয়াৰ কোনো জলবায়ুৰ সীমা৷ এই ভাইৰাছে মানৱক মৃত্যু মুখত পেলাই, তেওঁলোকক সমাপ্ত কৰাৰ বাবে জেদী হৈ উছিছে আৰু সেইবাবে প্ৰত্যেকে, সমগ্ৰ মানৱ জাতিয়ে এই ভাইৰাছক নিঃশেষ কৰাৰ বাবে ঐক্যৱদ্ধবাৱে সংকল্প গ্ৰহণ কৰিব লাগিব”, তেওঁ কয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৩০ কোটি লোকে বাস কৰা এখন দেশত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ লকডাউনৰ বাহিৰে একো বিকল্প নাই৷ তেওঁ সজোৰে কয় যে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজ জীৱন আৰু মৃত্যুৰ খেলা আৰু সেইবাবেই ইমান কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বইও এই পন্থাই গ্ৰহণ কৰিছে৷ তেওঁ কয় যে জনসাধাৰণ সুৰক্ষা সুনিশ্চিত হ’ব লাগিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকলে ক’ভিড-১৯ৰ লকডাউনৰ নিয়ম ভংগ কৰিছে তেওঁলোকে তেওঁলোকৰ জীৱনৰ সৈতে খেলিছে৷ তেওঁ লগতে স্পষ্টকৈ কয় যে যিসকলে লকডাউন মানি চলাই নাই তেওঁলোকে বুজা উচিত যে ক’ৰোনা ভাইৰাছৰ কৱলৰ পৰা ৰক্ষা পৰাটো অতি জটিল৷

প্ৰধানমন্ত্রী কয়, “সমগ্ৰ বিশ্বত যিসকল লোকে এই ধৰণৰ ভুল কৰিছিল, তেওঁলোকে এতিয়া উপলব্ধি কৰিছে৷ যিহেতু ক’ৰোনাৰ বিৰুদ্ধে যুঁজাতো অভূতপূর্ব তথা প্ৰত্যাহ্বানজনক, সেয়েহে এনে কেতবোৰ সিদ্ধান্ত লোৱা হৈছে, যি আগতে কোনেও শুনাই নাছিল৷”

তেওঁ কয় যে ক’ৰোনাক ৰোধ কৰাৰ বাবে যি যাৱতীয় পদক্ষেপ ভাৰতবাসীয়ে লৈছে, যি প্ৰয়াস এতিয়া আমি কৰিছো- সেইটোৱেই ক’ৰোনাৰ বিৰুদ্ধে ভাৰতক বিজয়ী কৰিব৷

তেওঁ কয়, “দুখীয়া লোকসকলৰ প্ৰতি আমাৰ সমবেদনা আৰু অধিক তীব্ৰ হোৱা উচিত৷ আমাৰ মানৱতাৰ প্ৰমাণ এয়াই যে ক’তো কোনো দুখীয়া, ক্ষুধাতুৰ মানুহ দেখিলেই এই সংকটৰ সময়ত আমি প্ৰথমে তেওঁৰ আহাৰ প্ৰদানৰ ব্যৱস্থা কৰিম৷”

তেওঁ কয় যে তেওঁলোকৰ প্ৰয়োজনৰ কথা ভাবি ভাৰতে এই কাম কৰিব৷ এয়া আমাৰ সংস্কাৰ, এয়া আমাৰ সংস্কৃতি৷

প্ৰধানমন্ত্রীয়ে কয়, ক’ৰোনা ভাইৰাছে জ্ঞান, বিজ্ঞান, ধনী, দুখীয়া, দুর্বল, সবল-সকলোতে প্ৰত্যাহ্বান জনাইছে৷ ইয়াক কোনো সীমাত বাধা দিব পৰা নাযায়, সেয়েহে তেওঁ মন কী বাতৰ এই পর্বত এই বিষয়টো লৈ আলোচনা কৰে৷

প্ৰধানমন্ত্রীয়ে দেশবাসীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰি কয় যে কেতবোৰ সিদ্ধান্তই সকলোকে যি ভীষণ অসুবিধাত পেলাইছে, তাৰবাবে দেশবাসীয়ে নিশ্চই তেওঁক ক্ষমা কৰি দিব৷ বিশেষকৈ দুখীয়া ভাই-ভনীসকলে নিশ্চই ভাবিছে যে এয়া কেনেকুৱা প্ৰধানমন্ত্রী, যি তেওঁলোকক এনে সমস্যাত পেলাইছে৷ তেওঁলোকৰ ওচৰতো তেওঁ ক্ষমা প্রার্থনা কৰে৷

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত আমাৰ আশেপাশে এনে বহু মানুহ আছে, যিসকল সমাজৰ প্ৰকৃতাৰ নায়ক৷ প্ৰধানমন্ত্রীয়ে পাৰাৰ সৰু দোকানৰ কথা উল্লেখ কৰে, যি এই দুঃসময়ত যথেষ্ট সাৱধনতা লৈ কাম কৰিছে, যাতে জনসাধাৰণে নিত্যপ্ৰয়োজনীয় সামগ্ৰী লাভ কৰাত কোনো অসুবিধাত নপৰে৷ সেইদৰে গাড়ী চালক বা সেই সকল কর্মী, যিসকলে নিৰলস ভাৱে নিজৰ কাম কৰি গৈছে, যাতে দেশত প্ৰয়োজনীয় সামগ্ৰীৰ যোগান চেনি বা সামগ্ৰী সৰবৰাহত প্ৰভাৱ নপৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জনায় যে তেওঁৰ চৰকাৰে বেংক সেৱা অব্যাহত ৰাখিছে আৰু বেংক কর্মীসকলে আন্তৰিকতাৰে দেশৰ সেৱাত নিয়োজিত হৈছে৷ তদুপৰি, ই-বাণিজ্য বা ডিজিটেল বাণিজ্যৰ সৈতে জড়িত অসংখ্য কোম্পানীৰ বিতৰণ কর্মীয়ে কাম কৰি আছে৷ এই লোকসকলে এনে কঠিন পৰিস্থিতো ৰাইজৰ সামগ্ৰী ঘৰে ঘৰে প্ৰদান কৰাৰ কাম কৰিছে৷ এই সময়ত যিসকলে ডিজিটেল পেমেণ্ট সহজে কৰিব পাৰিছে, তেওঁলোকে নিশ্চয় জানে যে ইয়াৰ অন্তৰালত বহু মানুহে বিভিন্ন কাম কৰি আছে৷ সংশিষ্ট ব্যক্তিসকলে এই প্ৰতিৰোধমূলক নিয়ন্ত্ৰণ ব্যৱস্থাৰ মাজেৰে দেশৰ অত্যাৱশ্যকীয় কাম চম্ভালি আছে৷ দেশবাসীৰ হৈ তেওঁ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনুৰোধ কৰে যে তেওঁলোক যাতে সকলোধৰণৰ সাৱধানতা মানি নিজকে নিৰাপদ ৰাখি চলে আৰু নিজৰ পৰিয়ালকো সুৰক্ষিত ৰাখে৷

প্ৰধানমন্ত্রীয়ে লগতে কয় যে বর্তমান পৰিস্থিতিত আমি ইজনে সিজনৰ পৰা সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব, আৱেগিক বা মানৱ দুৰত্ব নহয়৷ সেই লোকজন কোনো অপৰাধী নহয়, কিন্তু ভাইৰাছৰ সম্ভাৱ্য আক্রান্ত৷ বহুকে আনৰ সংক্ৰমণৰ পৰা বাঁচিবলৈ নিজেই কোৱাৰাণ্টাইনত আছে৷ বহুতে নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিছে৷ আনকি ভাইৰাছৰ কোনো লক্ষণ দেখা নিদিলেও তেওঁলোকে নিজকে কোৱাৰাণ্টাইনত কৰিছে৷ এয়া তেওঁলোকে এইবাবে কৰিছে যে তেওঁলোকে বিদেশৰ পৰা ঘুৰি আহিছে আৰু দুগুন সাৱধানতা অৱলম্বন কৰিছে৷ ইয়াৰ দ্বাৰা তেওঁলোকে নিশ্চিত কৰিব বিচাৰিছে যিকোনো অৱস্থাতে যাতে আনএজন লোক এই ভাইৰাছৰ দ্বাৰা সংক্রমিত নহয়৷ সেইবাবেই যেতিয়া লোকজনে নিজেই ইমান দায়িত্বৰ পৰিচয় দিছে, তেতিয়া তেওঁলোকক কোনো বেয়া ব্যৱহাৰ কৰা উচিত নহয়, বৰঞ্চ সহানুভূতিৰে তেওঁলোকৰ সৈতে সহযোগিতা কৰা আৱশ্যক৷

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ আটাইতকৈ কার্যকৰী পদ্ধতি হ’ল সামাজিক দুৰত্ব বজাই ৰখা৷ তেওঁ পুনৰ সকলোকে ঘৰত থাকি এই যুদ্ধত জয় নিশ্চিত কৰিবলৈ আহ্বান জনায়৷

*****

VRRK/AK/KP/DB