Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিৰ্বাচনত এক ঐতিহাসিক জয়লাভ কৰাৰ পিছতেই শুভেচ্ছা জনালে চীনৰ ৰাষ্ট্ৰপতি একাদশ জিনপিঙে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত ভাৰতৰ সাধাৰণ নিৰ্বাচনত নেশ্যনেল ডে”ক্ৰেটিক এলায়েন্সে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ বাবে ভাৰতৰ চুবুৰীয়া দেশ চীনৰ ৰাষ্ট্ৰপতি একাদশ জিনপিঙে প্ৰদানমন্ত্ৰী মোদীক আজি শুভেচ্ছা যাঁচিছে। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-চীনৰ মাজৰ সম্পৰ্কৰ উত্তৰণৰ বিষয়ে উল্লেখ কৰে আৰু দুয়োখন দেশৰ মাজৰ উন্নয়নমূলক সম্পৰ্কক আৰু অধিক গাঢ় কৰি তুলি ইয়াক এক নতুন শিখৰলৈ লৈ যোৱাৰো পোষকতা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভাৰত আৰু চীন দুয়োপক্ষৰে যুটীয়া প্ৰচেষ্টাৰ যোগেদি শেহতীয়া বছৰকেইটাত দ্বিপাক্ষিক সম্পৰ্কই এক শক্তিশালী গতি লাভ কৰাৰ বাবে সন্তু।ষ্টিও ব্যক্ত কৰে ৰাষ্ট্ৰপতি জিনপিঙে।

*****

RD