পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ সমৃদ্ধ বৈচিত্ৰতা তথা সহস্ৰ বছৰ ধৰি বৰ্তি থকা ৰাষ্ট্ৰীয় ঐক্যতাক প্ৰশংসা কৰে৷
আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তীত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে তেওঁ ভাষণ প্ৰদান কৰে৷
‘‘বৈচিত্ৰতাৰ মাজত ঐক্যতাক লৈ আমি গৌৰৱ অনুভৱ কৰো৷ আমি আমাৰ সন্মান তথা পৰিচয় স্থাপিত কৰিছো’’, তেওঁ কয়৷
‘‘আমি বৈচিত্ৰতাৰ মাজত ঐক্যতাক উদযাপন কৰো৷ আমি আমাৰ বৈচিত্ৰতাৰ মাজত কোনো বাধা বিচাৰি নাপাও, বৰঞ্চ ইয়ে আমাৰ ঐক্যতা দৃঢ়হে কৰে’’
‘‘বৈচিত্ৰতাৰ উদযাপন, বৈচিত্ৰতাৰ উৎসৱে দৰাচলতে আমাৰ হৃদয়ৰ ঐক্যতাৰ সূতাডালহে স্পৰ্শ কৰে’’, তেওঁ এইদৰে কয়৷
‘‘যেতিয়া আমি ভিন্ন জীৱন আৰু পৰম্পৰাক সন্মান কৰো আৰু ভাতৃত্ববোধ অনুভৱ কৰো তেতিয়াই প্ৰতি মুহূৰ্ততে আমি আমাৰ বৈচিত্ৰতা উদযাপন কৰিব লাগে আৰু এনেদৰেই ৰাষ্ট্ৰ নিৰ্মাণ হয়’’
তেওঁ কয়, ‘‘ভাৰতৰ বৈচিত্ৰতা বিশ্বৰ আন কোনো দেশতে দেখিবলৈ পোৱা নাযায়৷ দক্ষিণৰ পৰা অহা শংকৰে উত্তৰত মন্দিৰ স্থাপন কৰিছিল আৰু বেংগলৰ স্বামী বিবেকানন্দই দক্ষিণৰ কন্যাকুমাৰীত জ্ঞানৰ পোহৰ বিলাইছিল৷’’
‘‘পাটনাত জন্ম হোৱা গুৰু গোৱিন্দ সিঙে পাঞ্জাৱত খালচা পন্থ স্থাপন কৰিছিল আৰু ৰামেশ্বৰমত জন্ম হোৱা এ পি জে আব্দুল কালামে দিল্লীত উচ্চতম পদত আৰোহণ কৰিছিল৷’’
ভাৰতীয় সংবিধানৰ আদিতে থকা ‘‘আমি ভাৰতৰ জনগণ’’ বাক্যশাৰী উল্লেখ কৰি তেওঁ কয়, ‘‘এয়া কেৱল এক সাধাৰণ বাক্য নহয়, ই ভাৰতৰ সহস্ৰ বৰ্ষৰ জীৱনধাৰাক প্ৰতিনিধিত্ব কৰিছে৷’’
‘‘যেতিয়া চৰ্দাৰ পেটেলে ৫০০ত কৈও অধিক ৰাজশাসনক ভাৰতৰ সৈতে সংবদ্ধ কৰিবলৈ প্ৰয়াস কৰিছিল তেতিয়া চুম্বকীয় শক্তিৰ দৰেই সেই ৰাজশাসনসমূহ ভাৰতৰ সৈতে চামিল হৈছিল৷’’
তেওঁ কয় যে ভাৰতৰ সদিচ্ছা আৰু প্ৰভাৱেই হ’ল দেশৰ উত্থানৰ কাৰণ আৰু এয়া দেশৰ ঐক্যতাৰ ফলতহে সম্ভৱ হৈছে৷
‘‘আজি সমগ্ৰ বিশ্বই ভাৰতৰ ঐক্যতাৰ বাবে গুৰুত্ব সহকাৰে লৈছে৷ যদি ভাৰত বিশ্বৰ অন্যতম বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰে তেন্তে এয়া আমাৰ ৰাষ্ট্ৰীয় ঐক্যতাৰ ফলতহে সম্ভৱ হ’ব’’, তেওঁ এইদৰে কয়৷
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘যিসকলে আমাৰ সৈতে যুদ্ধত জয় লাভ কৰিব নোৱাৰে তেওঁলোকে আমাৰ ঐক্যতাক প্ৰত্যাহ্বান জনাইছে৷ কিন্তু তেওঁলোকে পাহৰি গৈছে যে বৰ্ষ অতিক্ৰম কৰিও কোনেও আমাৰ ঐক্যতা ভংগ কৰিবলৈ সক্ষম হোৱা নাই৷’’
তেওঁ কয়, ‘‘চৰ্দাৰ পেটেলৰ আশীৰ্বাদৰ সৈতে দেশখনে কেইসপ্তাহমান পূৰ্বে বিচ্ছিন্নতাবাদী শক্তিক উফৰাবলৈ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেয়া হ’ল অনুচ্ছেদ ৩৭০ৰ বিলোপন৷’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০য়ে জম্মু-কাশ্মীৰত কেৱল বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদৰ জন্ম দিছিল৷
তেওঁ কয় যে দশকজুৰি প্ৰৱৰ্তিত হৈ অহা এই অনুচ্ছেদটোৱে দেশৰ জনতাৰ মাজত এক কৃত্ৰিম দেৱালৰ সৃষ্টি কৰিছিল৷
প্ৰধানমন্ত্ৰীয়ে আজি কেৱাড়িয়াত চৰ্দাৰ পেটেলৰ জন্মবাৰ্ষিকী উদযাপনৰ বাবে ৰাষ্ট্ৰীয় একতা দিৱসত ভাষণ প্ৰদান কৰে৷
তেওঁ কয় যে অনুচ্ছেদ ৩৭০য়ে বিচ্ছিন্নতাবাদী মনোভাৱ আৰু সন্ত্ৰাসবাদৰ বাদে একো দিয়া নাছিল আৰু তাৰে ভাই-ভনীসকলৰ সৈতে আমাৰ মাজত এখন কৃত্ৰিম দেৱালৰ সৃষ্টি হৈছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে এই দেৱালখন এতিয়া ধ্বংস কৰি পেলোৱা হৈছে৷
‘‘সমগ্ৰ দেশৰ ভিতৰত কেৱল জম্মু আৰু কাশ্মীৰতেই অনুচ্ছেদ ৩৭০ বাহাল আছিল’’, তেওঁ এইদৰে কয়৷
তেওঁ কয়, ‘‘যোৱা তিনিটা দশকত ৪০,০০০ত কৈও অধিক লোকে সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে, বহু মাতৃয়ে তেওঁলোকৰ সন্তান হেৰুৱাইছে, বহু ভগ্নীয়ে তেওঁলোকৰ ভাতৃ হেৰুৱাইছে আৰু বহু শিশুৱে তেওঁলোকৰ পিতৃ হেৰুৱাইছে৷’’
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘চৰ্দাৰ পেটেলে এবাৰ কৈছিল যে যদি জম্মু-কাশ্মীৰৰ সমস্যা তেওঁক সমাধান কৰিবলৈ দিলেহেঁতেনে তেন্তে ইয়াক সমাধান কৰাৰ বাবে ইমান সময়ৰ প্ৰয়োজন নহ’লহেঁতেন৷’’
তেওঁ কয়, ‘‘মই চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে অনুচ্ছেদ ৩৭০ৰ বিলোপনৰ সিদ্ধান্ত তেওঁলৈ উচৰ্গা কৰিছো৷’’
‘‘মই সুখী যে আমাৰ এই সিদ্ধান্তৰ ফলত জম্মু-কাশ্মীৰ আৰু লাডাখে এতিয়া উজ্বল আৰু উন্নত ভৱিষ্যতৰ দিশলৈ ধাৱমান হ’ব পাৰিব৷’’
জম্মু-কাশ্মীৰত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ব্লক উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘৯৮%ত কৈও অধিক ভোটাৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে৷ বৃহৎ সংখ্যাত পঞ্চায়ত পৰ্যায়ৰ সদস্যসকলে ভোটাদান কৰি এই বৃহৎ বাৰ্তা প্ৰেৰণ কৰিছে৷’’
প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এতিয়া জম্মু-কাশ্মীৰত সুস্থিৰ ৰাজনৈতিক পৰিবেশৰ সময় সূচনা হৈছে৷ ব্যক্তিগত স্বাৰ্থৰ বাবে চৰকাৰ গঠনৰ প্ৰক্ৰিয়া এতিয়া সমাপ্ত হৈছে আৰু আঞ্চলিক বৈষম্যতাৰো দিন উকলিছে৷’’
‘‘অঞ্চলটোত প্ৰকৃত গণতান্ত্ৰিক সহযোগিতাৰ যুগ আৰম্ভ হৈছে৷ নতুন ৰাষ্ট্ৰীয় ঘাইপথ, নতুন ৰে’লৱে লাইন, নতুন বিদ্যালয়, নতুন মহাবিদ্যালয়, নতুন চিকিৎসালয়ে জম্মু-কাশ্মীৰক উন্নতিৰ নতুন দিশলৈ আগুৱাই লৈ যাব৷’’
উত্তৰ-পূৰ্বাঞ্চলত হোৱা উন্নতিৰ কথা আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আজি উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিচ্ছিন্নতাবাদ নোহোৱা হৈছে৷ দশক পুৰণি সমস্যাৰ সমাধান বাহিৰ হৈছে৷ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে আজি দশক পুৰণি হিংসাৰ পৰা নিজকে মুক্ত কৰিছে৷’’
তেওঁ কয়, ‘‘চৰ্দাৰ পেটেলৰ কামৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি দেশৰ সম্পূৰ্ণ আবেগিক, অৰ্থনৈতিক আৰু সাংবিধানিক সংবদ্ধতাৰ অংগীকাৰ কৰিছো৷ এয়া এনে এক প্ৰয়াস যাৰ অবিহনে একবিংশ শতিকাত শক্তিশালী ভাৰতৰ স্বৰূপ কল্পনা কৰিব নোৱাৰি৷’’
চৰ্দাৰ পেটেলৰ আদৰ্শৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘উদ্দেশ্যৰ ঐক্যতা, প্ৰয়াসৰ ঐক্যতা আৰু লক্ষ্যৰ ঐক্যতা দেশৰ সুস্থিৰ পৰিবেশৰ বাবে আৱশ্যক আৰু এয়াই আছিল চৰ্দাৰ পেটেলৰ আদৰ্শ৷’’
প্ৰধানমন্ত্ৰীয়ে কয় যে আমি ৰাষ্ট্ৰীয় ঐক্যতাৰ দিশত আগবাঢ়িলেহে ‘‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’’ৰ লক্ষ্যত উপনীত হ’ব পাৰিম৷
***
VRRK/KP/MANN
PM: सरदार साहेब की प्रेरणा से ही हम संपूर्ण भारत के Emotional, Economic और Constitutional Integration पर बल दे रहे हैं।ये वो प्रयास हैं जिसके बगैर 21वीं सदी के विश्व में भारत की मज़बूती की कल्पना हम नहीं कर सकते।
— PMO India (@PMOIndia) October 31, 2019
PM: जम्मू-कश्मीर और लद्दाख में नई व्यवस्थाएं ज़मीन पर लकीरें खींचने के लिए नहीं है, बल्कि विश्वास की एक मज़बूत कड़ी बनाने के लिए है।यही विश्वास है जिसकी कामना सरदार पटेल ने भी जम्मू कश्मीर और लद्दाख के लिए की थी।
— PMO India (@PMOIndia) October 31, 2019
PM: मुझे खुशी है कि आज से जम्मू-कश्मीर और लद्दाख के सभी सरकारी कर्मचारियों को सातवें वेतन आयोग द्वारा स्वीकृत भत्तों का लाभ मिलना भी शुरू हो जाएगा।
— PMO India (@PMOIndia) October 31, 2019
PM: कभी सरदार पटेल ने कहा था कि अगर कश्मीर का मसला उनके पास रहा होता, तो उसे सुलझने में इतनी देर नहीं होती।आज उनकी जन्म जयंती पर, मैं आर्टिकल 370 को हटाने का फैसला, सरदार साहेब को समर्पित करता हूं। pic.twitter.com/ss1cGc57y2
— PMO India (@PMOIndia) October 31, 2019
PM: दशकों तक हम भारतीयों के बीच इस आर्टिकल 370 ने एक अस्थाई दीवार बना रखी थी।हमारे जो भाई-बहन इस अस्थाई दीवार के उस पार थे, वो भी असमंजस में रहते थे।जो दीवार कश्मीर में अलगाववाद और आतंकवाद बढ़ा रही थी, अब वो दीवार गिरा दी गई है।
— PMO India (@PMOIndia) October 31, 2019
PM: सरदार साहब कहते थे, भारत में स्थायित्व के लिए बहुत आवश्यक है- Unity of Pupose, Unity of Aims और Unity of Endeavour. हमारे उद्देश्यों में समानता हो, हमारे लक्ष्यों में समानता हो और हमारे प्रयासों में समानता हो। pic.twitter.com/H0w42sbRCP
— PMO India (@PMOIndia) October 31, 2019
PM: We the People of India, हम भारत के लोग, ये तीन-चार शब्द नहीं हैं, सिर्फ हमारे संविधान की शुरुआत नहीं हैं।
— PMO India (@PMOIndia) October 31, 2019
ये हजारों वर्षों से चली आ रही भारतीयों की एकता का प्रतिबिंब है।
PM: यहां पटना में प्रकट हुए गुरू गोबिंद सिंह, पंजाब में जाकर, देश की रक्षा के लिए खालसा पंथ की स्थापना करते हैं
— PMO India (@PMOIndia) October 31, 2019
यहां रामेश्वरम में पैदा हुए एपीजे अब्दुल कलाम, दिल्ली में देश के सर्वोच्च पद पर आसीन होते हैं।
PM: जब हम विभिन्न पंथों-संप्रदायों की परंपराओं, आस्थाओं का सम्मान करते हैं तो सदभाव-स्नेहभाव में और वृद्धि हो जाती है।इसलिये हमें हर पल, विविधता के हर अवसर को सेलिब्रेट करना है।
— PMO India (@PMOIndia) October 31, 2019
और यही Nation Building है। pic.twitter.com/PkOI2ZTiMS
PM: जब हम विभिन्न पंथों-संप्रदायों की परंपराओं, आस्थाओं का सम्मान करते हैं तो सदभाव-स्नेहभाव में और वृद्धि हो जाती है।इसलिये हमें हर पल, विविधता के हर अवसर को सेलिब्रेट करना है।
— PMO India (@PMOIndia) October 31, 2019
और यही Nation Building है। pic.twitter.com/PkOI2ZTiMS
PM: विविधता का सेलिब्रेशन, विविधता का उत्सव उसमें छुपी एकता का स्पर्श कराता है, उसे बाहर ला देता है।
— PMO India (@PMOIndia) October 31, 2019
जब हम देश की अलग - अलग भाषाओं और सैकड़ों बोलियों पर गर्व करते हैं तो भाव का बंधन बन जाता है। pic.twitter.com/V9pdRkhsl9