Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মাণ্টুৰুভৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি সাক্ষাৎ কৰে ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী মহামহিম ডেনিছ মাণ্টুৰুৱে।

তেওঁলোকে বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক, শক্তি, সংযোগ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শেহতীয়া ভ্ৰমণ আৰু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে ভাৰত-ৰাছিয়াৰ বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে দুয়োটা পক্ষৰ দলসমূহৰ নিৰন্তৰ আৰু যুটীয়া প্ৰচেষ্টাক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সৈতে মত বিনিময় অব্যাহত ৰাখিবলৈ আগ্ৰহী বুলি কয়।

MJPS/SR