পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে এক চমু মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰক পুনৰ এবাৰ ভাৰতৰ জনতাই বিপুল ভোটেৰে জয়যুক্ত কৰাৰ বাবে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক ফোনকল কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই। উল্লেখ্য যে ভাৰতৰ সাধাৰণ নিৰ্বাচনত ব্যাপক বিজয় লাভৰ পিছতেই প্ৰথমগৰাকী বিদেশী নেতা হিচাপে প্ৰধানমন্ত্ৰী মোদীক ফোনকল কৰিছে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই, আৰু এই কাৰ্যই ভাৰত আৰু বাংলাদেশৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ কথা প্ৰতিফলিত কৰিছে।
দুয়োগৰাকী নেতাই ভাৰত-বাংলাদেশৰ সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যোৱাৰো সংকল্প গ্ৰহণ কৰে। দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজতে চলি থকা সুৰক্ষা, বাণিজ্য, যাতায়াত, শক্তি আৰু জনসম্পৰ্ক সম্পৰ্কীয় বিষয়ক সম্পৰ্ক অধিক গাঢ় কৰাৰ পৰিকল্পনাৰ গুৰুত্বৰ কথা একেমুখে স্বীকাৰ কৰে। ২০২০ চনত বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ আৰু ২০২১ চনত বাংলাদেশ লিবাৰেশ্যনৰ ৫০ তম বৰ্ষপূৰ্তি সম্পন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট দিশসমূহত অনাগত ৩ টা বৰ্ষত অধিক ক্ষীপ্ৰতাৰে কামৰ বাবেও ঐক্যমত পোষণ কৰে।
দুয়োগৰাকী নেতাই লগতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ কামবোৰ পুনৰ আৰম্ভ কৰিবৰ বাবে শীঘ্ৰেই এক বৈঠকৰ পোষকতা কৰি মিলিত হোৱাৰ বাবে এটা তাৰিখ ঠিক কৰাৰ কথাতো ঐক্যমত পোষণ কৰে।
******
AKT/NK/RD