Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শেখ হাছিনাক একেৰাহে চতুৰ্থবাৰ বিজয়ৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে বাৰ্তালাপেৰে সংসদীয় নিৰ্বাচনত একেৰাহে ঐতিহাসিক চতুৰ্থবাৰ জয়লাভৰ বাবে তেওঁক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে বাৰ্তালাপেৰে সংসদীয় নিৰ্বাচনত একেৰাহে চতুৰ্থবাৰ ঐতিহাসিকভাৱে জয়লাভৰ বাবে তেওঁক অভিনন্দন জনাওঁ। নিৰ্বাচনৰ সফল পৰিচালনাৰ বাবে বাংলাদেশৰ জনসাধাৰণকো অভিনন্দন জনাইছোঁ। আমি বাংলাদেশৰ সৈতে আমাৰ চিৰস্থায়ী আৰু জন-কেন্দ্ৰিক সম্পৰ্ক অধিক সুদৃঢ়কৰণৰ বাবে অংগীকাৰবদ্ধ।”

******

DS/SKS/SB