Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক সাক্ষাৎ মহামহিম প্ৰিন্স ৰহিম আগা খান পঞ্চমৰ


আগা খান ডেভেলপমেণ্ট নেটৱৰ্কৰ (একেডিএন) অধ্যক্ষ মহামহিম প্ৰিন্স ৰহিম আগা খান পঞ্চমে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

ভাৰতত একেডিএনৰ দীৰ্ঘদিনীয়া অৱদানক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। বিশেষকৈ বহনক্ষম নগৰ উন্নয়ন, পানী সংৰক্ষণ, স্বাস্থ্যসেৱা, গ্ৰাম্য অনাময়, যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা ভূমিকাৰ কথা তেওঁ উল্লেখ কৰে।

 

তদুপৰি, দেশৰ ঐতিহাসিক স্থানসমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱনৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত একেডিএনে গ্ৰহণ কৰা অগ্ৰণী প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।

 

মহামহিম দ্য আগা খানে ভাৰতৰ সামগ্ৰিক বিকাশ আৰু সামাজিক প্ৰগতিৰ প্ৰতি একেডিএনৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰাই ব্যক্ত কৰে। তেওঁ ভাৰতৰ পৰিৱৰ্তনকাৰী উন্নয়নমূলক পদক্ষেপসমূহৰ প্ৰশংসা কৰে আৰু মানৱ কল্যাণৰ অগ্ৰগতিত উদ্ভাৱনৰ ভূমিকা সন্দৰ্ভত নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে।

 

*********

MJPS/SS/ST/DB